Logo
image

কেবিনেটক মুখ্যমন্ত্ৰী হিমন্তৰ পিকনিক বুলি কটাক্ষ ভূপেনৰ

ডিজিটেল ডেস্ক : হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকক পিকনিক আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ মঙলবাৰে বোকাখাতত ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচীত ভাগ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয়– হিমন্ত বিশ্ব  শৰ্মাৰ নেতৃত্বত এতিয়া চৰকাৰখনৰ পিকনিকহে চলি আছে৷ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক মানেই পিকনিক৷ মাজুলীত দেখিছো তেওঁলোক ৰাইজৰ প্ৰতি কিমান দায়িত্বশীল৷ মাজুলীত দলং নিৰ্মাণৰ কি হৈ আছে ৰাইজে দেখি আছে৷ স্বাস্থ্যখণ্ডত কেনেধৰণে উন্নতি হৈছে মাজুলীত সেয়া এতিয়া সকলোৱে দেখা পাইছে৷ চিকিৎসাৰ অভাৱত ইজনৰ পাছত সিজন লোক মৃত্যুমুখত পৰিছে৷ ৰাজধানী চহৰৰ বাহিৰত প্ৰথমখন কেবিনেট মাজুলীতে হৈছিল৷ তেওঁলোকে পিকনিক খাই আছে, মানুহ নাওডুবি মৰি আছে৷ দৰৱৰ অভাৱত, চিকিৎসকৰ অভাৱত মানুহ মৰি আছে৷ সীমান্তত মানুহ মৰি আছে৷ গুৱাহাটীত দিন দুপৰতে হত্যা, লুণ্ঠনৰ ঘটনা হৈ আছে৷ ভাৰত জোড়ো যাত্ৰা উপলক্ষে আয়োজিত সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে অগপৰ নেতৃত্বকো আক্ৰমণ কৰে৷ তেওঁ কয়–ৰঙা লাইট লগোৱা গাড়ী, মন্ত্ৰিত্ব আৰু চৰকাৰী আৱাসগৃহৰ লোভত অসম আন্দোলনৰ ৮৬৫জন শ্বহীদৰ ত্যাগৰ ভেঙুচালি কৰিলে অগপই৷ অসমৰ বিদেশী সমস্যা সমাধানৰ বাবে আন্দোলনকাৰী আৰু প্ৰধানমন্ত্ৰী একত্ৰিত হৈছিল৷ উক্ত সমস্যা সমাধানৰ বাবে অসম চুক্তি সম্পাদিত হৈছিল৷ উল্লেখ্য, ‘ভাৰত জোড়ো যাত্ৰা-অসম’এ আজি প্ৰৱেশ কৰিলে গোলাঘাট জিলাত৷ জিলাখনৰ বোকাখাত চহৰৰ মাজ-মজিয়াৰ পৰা আৰম্ভ হোৱা আজিৰ পদযাত্ৰাত উবুৰি খাই পৰিল বোকাখাতবাসী ৰাইজ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত হেজাৰ হেজাৰ জনতাই আজি উদ্বেলিত কৰি তোলে বোকাখাতৰ আকাশ-বতাহ৷ পদযাত্ৰাৰ পূৰ্বে পুৱাৰ ভাগত সভাপতি, সাংসদ গৌৰৱ গগৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, দলৰ অন্যতম সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য প্ৰমুখ্যে নেতাসকলে বোকাখাতৰ কাকগোঁসানী থানত উপস্থিত হৈ সেঁৱা জনায়৷ তাৰ পিছতে বোকাখাত চহৰৰ এছডিঅ’ কাৰ্যালয় চৌহদত থকা বীৰ শ্বহীদ কমলা মিৰি, বীৰ শ্বহীদ বিজু বৈষ্ণৱ, সতী ৰাধিকা আৰু সতী সাধনী আৰু আইদেউ সন্দিকৈৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি সভাপতি প্ৰমুখ্যে দলৰ নেতাসকলে শ্ৰদ্ধা নিৱেদন কৰে৷ ইয়াৰ পিছতে সমীপৱৰ্তী চিকন আতাৰ থানলৈ গৈ নেতৃত্বই শৰাই আগবঢ়ায় আৰু সেঁৱা লয়৷ ইয়াৰ পাছতে বোকাখাতৰ গান্ধী ভৱনত দলৰ নেতৃবৃন্দক গোলাঘাট জিলা কংগ্ৰেছ, বোকাখাত ব্লক কংগ্ৰেছ আৰু নগৰ ব্লক কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা কংগ্ৰেছ নেতৃত্বক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ গান্ধী ভৱনতে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েৰ পৌৰোহিত্যত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক বিকাশ উপাধ্যায়, সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ অন্যতম সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আদিয়ে চমু বক্তব্য দাঙি ধৰে৷ সভাপতি শ্ৰীবৰাই বোকাখাতৰ ৰাইজৰ পাৰভঙা উছাহ দেখি ৰাইজক সম্বোধন কৰি কয় যে বিজেপি-অগপৰ বিপদ-ঘণ্টা যে আজি চাৰিওফালে বাজিছে তাকেই পুনৰ পুনৰ প্ৰতীয়মান কৰিলে বোকাখাতৰ ৰাইজে৷ আজি বিজেপি আৰু অগপৰ মিছলীয়া নেতাসকলৰ স্বৰূপ অসমৰ ৰাইজে চিনিছে৷ তেওঁ সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে ওলাই আহি সৰ্বশক্তিৰে যুঁজ দিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়৷ সীমাহীন মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ ভয়ানক ৰূপে আজি ৰাইজৰ জীৱন দুৰ্বিষহ কৰি তুলিছে৷ আইন-কানুন বুলিবলৈ ৰাজ্যত একো নাইকিয়া হৈ পৰিছে৷ আজি ৰাজ্যত আৰু দেশত একনায়কত্ববাদী শাসন চলিছে৷ ইয়াক ওফৰাই শান্তি আৰু প্ৰগতিৰ বাট প্ৰশস্ত কৰিবলৈ কংগ্ৰেছে শপত লৈ ওলাই আহিছে৷ ৰাইজৰ সহযোগিতাৰে কংগ্ৰেছে সেই লক্ষ্যত উপনীত হ’ব পাৰিব৷ সাংসদ গৌৰৱ গগৈয়ে ৰাইজক সম্বোধন কৰি কয় যে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই সাতামপুৰুষীয়া সম্প্ৰীতি আজি বিজেপি চৰকাৰে অসমত বিনষ্ট কৰিছে৷ কেৱল অৰাজকতাৰ মাজত ককবকাই আছে অসমৰ সৰ্বসাধাৰণ ৰাইজ৷ ইয়াৰ পৰিত্ৰাণৰ বাবে সকলোৱে মিলিজুলি অসম-বিৰোধী এই শক্তিক ৰাজ্যৰ পৰা উৎখাত কৰিব লাগিব৷ সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আদি নেতায়ো চমু ভাষণ প্ৰদান কৰে৷ ইয়াৰ পিছতে চহৰৰ মজিয়াত স্থাপিত প্ৰাক্তন মুখ্যমন্ত্ৰী, জননেতা তৰুণ গগৈৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি পদযাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰা হয়৷ আজি সভাপতি ভূপেন কুমাৰ বৰাই নেতৃত্ব লোৱা পদযাত্ৰাত গৌৰৱ গগৈ, বিকাশ উপাধ্যায়, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, ৰামান্না বৰুৱা, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, ‘ভাৰত জোড়ো যাত্ৰা-অসম’ৰ ৰাজ্যিক সমন্বয়ক ৰমেন বৰঠাকুৰ আদি নেতাৰ উপৰি বিধায়ক বসন্ত দাস, বিধায়িকা শিৱামণি বৰা, প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, প্ৰাক্তন বিধায়িকা ৰ’জলিনা তিৰ্কী, প্ৰাক্তন বিধায়ক অৰুণ ফুকন, দলৰ অন্যতম সাধাৰণ সম্পাদকদ্বয় গোলাপ শইকীয়া আৰু মানস বৰা, উপ-সভানেত্ৰীদ্বয় বালিকা লাহন পেগু আৰু ৰূপা দেউৰী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, সেৱাদলৰ সভাপতি দীপ বায়ন, এন এছ ইউ আইৰ সভাপতি কৃষাণু বৰুৱাকে প্ৰমুখ্য কৰি অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, দলৰ ভাত-ভগ্নী সংগঠনসমূহৰ নেতৃত্ব, গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি প্ৰমুখ্যে নেতৃবৃন্দৰ লগতে হেজাৰ হেজাৰ সাধাৰণ লোকে অংশগ্ৰহণ কৰিছিল৷ গান্ধী ভৱনৰ পৰা ৰজাবাৰী আঞ্চলিক নাট্যমন্দিৰত সামৰণি পৰা আজিৰ পদযাত্ৰাই প্ৰায় ১০.৫ কিলোমিটাৰ পথ সামৰি লয় আৰু ছয় সহস্ৰাধিক লোক সমৱেত হয়৷ বিয়লি চহৰখনৰ বিশিষ্ট নাগৰিক, বুদ্ধিজীৱীসকলৰ সৈতে এক অন্তৰংগ আলোচনাত মিলিত হয় সভাপতি ভূপেন কুমাৰ বৰা, সাংসাদ গৌৰৱ গগৈ, ৰ’জলিনা তিৰ্কী প্ৰমুখ্যে শীৰ্ষ নেতৃত্ব৷