Logo
image

ৰ’নাল্ডোৰ গ’ল চুৰি! নিজৰ দলতে মতভেদ

ডিজিটেল ডেস্ক : সতীৰ্থ ফ’ৰৱাৰ্ড ব্ৰুন’ ফাৰ্ণাণ্ডেজে দিয়া গ’লক নিজৰ গ’ল বুলি খেলপথাৰত উচ্ছাস প্ৰদৰ্শন কৰা পৰ্তুগালৰ তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে এদিন পাছতো উৰুগুৱেৰ বিৰুদ্ধে সেই গ’লটো নিজৰ বুলি দাবী কৰিছে৷ ফলত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ তাৰকা হোৱা স্বত্ত্বেও ফুটবল অনুৰাগীয়ে ৰ’নাণ্ডোক ‘গ’ল চোৰ’ বুলি অভিহিত কৰিছে৷ টেলিভিছন ৰিপ্লেত স্পষ্টভাৱে দেখাৰ পাছতো, ৰেফাৰী আৰু ফিফাই গ’লটো ৰ’নাল্ডোৰ নহয় বুলি তেওঁৰ দাবী নাকচ কৰা সত্ত্বেও ‘চি আৰ-৭’ৰ দৰে এজন তাৰকাই  মিছাতে আকোঁৰগোজ হৈ থকাত ফুটবল বিশেষজ্ঞ আৰু অনুৰাগীয়ে বিস্ময় প্ৰকাশ কৰিছে৷ ৰ’নাল্ডোৰ এই অবাঞ্চিত দাবীয়ে দলৰ ভিতৰত মতভেদৰ সৃষ্টি কৰিছে৷ 

পৰ্তুগালৰ হৈ প্ৰতিপক্ষ উৰুগুৱেৰ বিৰুদ্ধে দ্বিতীয় গ’লটো যে ব্ৰুন’ ফাৰ্ণাণ্ডেজে স্ক’ৰ কৰিছিল সেই সম্পৰ্কে কেইমিনিটমানৰ ভিতৰতে ৰেফাৰী নিশ্চিত হৈছিল৷ দ্বিতীয়াৰ্ধত পৰ্তুগালৰ ফৰৱাৰ্ড ব্ৰুন’ ফাৰ্ণাণ্ডেজে বক্সৰ বাওঁদিশৰ পৰা উৰুগুৱেৰ গ’ললৈ পোনপটীয়া শ্বট লৈছিল৷ অৰ্থাৎ তেওঁ বলটো কোনো সতীৰ্থ ফৰৱাৰ্ডে হেড কৰা বা শ্বট মৰাৰ বাবে উৰুগুৱেৰ বক্সত চেণ্টাৰ কৰা নাছিল৷ ব্ৰুন’ ফাৰ্ণাণ্ডেজে লোৱা শ্ব’টটো সঠিকভাৱেই উৰুগুৱেৰ গ’লপষ্টৰ সোঁদিশে গৈছিল৷ গ’লৰক্ষক আছিল বাওঁদিশে৷ বলটো আগবাঢ়ি যোৱা দেখি কাষতে থকা ৰ’নাল্ডোৱে ক্ষীপ্ৰতাৰে জপিয়াই হেড কৰাৰ চেষ্টা কৰে৷ কিন্তু ফাৰ্ণাণ্ডেজৰ শ্বটটোৰ বলে ৰ’নাল্ডোৰ মূৰ স্পৰ্শ নকৰাকৈ গ’লপোষ্টত সোমাইগৈ৷ লগে লগে ৰ’নাল্ডোৱে নিজে গ’ল স্ক’ৰ কৰা বুলি উচ্ছাস প্ৰদৰ্শন কৰে৷ দুৰূহ কোণত থকাৰ বাবে ৰেফাৰীৰো দৃশ্যটো ভালদৰে দৃষ্টিগোচৰ হোৱা নাছিল৷ ৰ’নাল্ডোৱে জাঁপ লৈ হেড কৰাৰ চেষ্টা কৰা আৰু তাৰ পাছতে নিজে স্ক’ৰ কৰা বুলি উচ্ছাস প্ৰদৰ্শন কৰাত মেচ ৰেফাৰীয়ে গ’লটো প্ৰথমে ৰ’নাল্ডোৰ নামতে দিয়ে৷ ফিফায়ো তেওঁলোকৰ ৱেবছাইটত গ’লটোৰ কৃতিত্ব ৰ’নাল্ডোকে দিয়ে৷ কিন্তু কিছুসময় পাছতে গ’লটোৰ ৰিপ্লে দেখি মেচ অফিচিয়েলৰ ভুল ভাগে আৰু ৰ’নাল্ডোৰ নাম নাকচ কৰি গ’লদাতা হিচাপে ব্ৰুন’ ফাৰ্ণাণ্ডেজক কৃতিত্ব দিয়ে৷ পিছে ৰ’নাল্ডোৱে মেচৰ অন্তত ৰেফাৰীৰ সৈতে আলোচনা কৰে আৰু খেলপথাৰৰ ভিতৰতে তেওঁৰ নাম নাকচ কৰাক লৈ আপত্তি উত্থাপন কৰে৷ দলৰ বিজয়তকৈ গ’লৰ কৃতিত্বক লৈ ৰ’নাল্ডোৱে ৰেফাৰীৰ ওচৰত আপত্তি উত্থাপন কৰাত পৰ্তুগাল দলৰ মাজত মতভেদৰ সৃষ্টি হয়৷ উল্লেখ্য, দলৰ হৈ সোমবাৰে নিশা দুয়োটা গ’লেই দিছিল ব্ৰুন’ ফাৰ্ণাণ্ডেজে৷ ৰ’নাল্ডোৰ এই আচৰণ দেখি ছ’চিয়েল মিডিয়াত তেওঁক ‘গ’ল চোৰ’ বুলি অভিহিত কৰে৷ সিমানতে ক্ষান্ত নাথাকি এদিন পাছত অৰ্থাৎ মঙলবাৰেও ৰ’নাল্ডোৱে গ’লটো স্ক’ৰ কৰা বুলি পুনৰ দাবী কৰিছে৷ অথচ কেইটামান দিশ বাদ দি টেলিভিছন ৰিপ্লেই দেখুওৱা প্ৰতিটো দিশতে বলটোৱে ৰ’নাল্ডোৰ মূৰ স্পৰ্শ নকৰাটো পৰিস্কাৰ হৈ আছে৷ ৰ’নাল্ডোৱে ঘনিষ্ঠ সাংবাদিক পিয়েৰ্ছ মৰ্গানক গ’লটো তেওঁৰ বুলি দাবী কৰাৰ কথা মৰ্গানে টুইট কৰি প্ৰকাশ কৰিছে৷ পাঁচখন বিশ্বকাপত গ’ল কৰাৰ অভিলেখ গঢ়া ৰ’নাল্ডোৱে দলৰ বিজয়ক গৌণ কৰি এনেদৰে কিয় নকৰা গ’ল এটা নিজৰ বুলি দাবী কৰি আছে সেয়া কাৰো বোধগম্য হোৱা নাই৷