Logo
image

ৰেগিং কাণ্ডত জড়িত ৪ ছাত্ৰক বিশ্ববিদ্যালৰ পৰা বহিষ্কাৰ : কোনো শিক্ষানুষ্ঠানত কৰিব নোৱাৰিব নামভৰ্তি

ডিজিটেল ডেস্ক : বিশ্ববিদ্যালয়ৰ এণ্টি ৰেগিং কমিটিৰ বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰে পঞ্জীয়ক ড০ পৰমানন্দ সোনোৱালে। সংবাদমেলত এন্টি ৰেগিং কমিটিৰ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে। বিশ্বিবদ্যালয়খনৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিৱাসত সদ্যহতে সংঘটিত জঘন্য ৰেগিং কাণ্ডৰ সৈতে জড়িত থকা বুলি তথ্য পোৱাৰ অন্তত ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগুলেছন্‌ছ ফৰ প্ৰহিবিটিং ৰেগিং এণ্ড এণ্টি ৰেগিং মেইজাৰ্ছৰ ক্লজ নম্বৰ ৭(ix) অনুসৰি চাৰিগৰাকী ছাত্ৰক ততালিকে প্রযোজ্য হোৱাকৈ বিশ্ববিদ্যালয়খনৰ পৰা বহিষ্কাৰ কৰাৰ লগতে দেশৰ কোনো শিক্ষানুষ্ঠানতে এই সময়ছোৱাত নামভৰ্তি কৰাৰ পৰা বাৰণ কৰা হৈছে। ছাত্ৰকেইজন হৈছে -
(১) শ্ৰী গালব ডেকা, জীৱ বিজ্ঞান বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ৷
(২) শ্রী কমলেশ্বৰ চুতীয়া, গণিত বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্র৷
(৩) শ্রী মৌচুম ফুকন, প্রায়োগিক ভূতত্ত্ব বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ৷
(৪) চাও পুচেং খাম বৰুৱা, ভাষা অধ্যয়ন কেন্দ্ৰৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ৷

বিশ্ববিদ্যালয়ৰ উপাচার্যৰ নিৰ্দেশ অনুসৰি পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ তিনিওটা ব্লকৰ লগতে মফিজুদ্দিন আহমদ হাজৰিকা ছাত্র নিবাস আৰু মাইল্‌ছ ব্ৰন্সন ছাত্র নিবাসৰ অধ্যক্ষসকলক অব্যাহতি দিয়াৰ লগতে হোষ্টোলকেইটাৰ নতুনকৈ অধ্যক্ষ নিয়োগ কৰা হয়।
(১) পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাস, ব্লক এ : ড০ অমৰ উপাধ্যায়, সহযোগী অধ্যাপক, শিক্ষাতত্ত্ব বিভাগ
(২) পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাস, ব্লক বি : ড০ প্রাণজিত কলিতা, সহকাৰী অধ্যাপক, প্রায়োগিক ভূতত্ত্ব বিভাগ
(৩) পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাস, ব্লক চি: ড০ প্রাঞ্জল প্রতীম বুঢ়াগোহাঁই, সহযোগী অধ্যাপক, অর্থনীতি বিভাগ
(৪) মফিজুদ্দিন আহমদ হাজৰিকা ছাত্র নিবাস : ড০ মন্ট বড়ো, সহযোগী অধ্যাপক, শাৰীৰিক শিক্ষা আৰু ক্রীড়া অধ্যয়ন কেন্দ্র
(৫) মাইল্‌ছ ব্ৰন্সন ছাত্র নিবাস : শ্রী কৌশিক দাস, সহকাৰী অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয় ইনষ্টিটিউট অব ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি

লগতে বিশ্ববিদ্যালয়ৰ চৌহদত ৰেগিং নিৰ্মূল কৰাৰ হকে এণ্টি-ৰেগিং ভিজিলেন্স চেল গঠনৰো সিদ্ধান্ত লোৱা হয়।