Logo
image

শ্ৰদ্ধাক হত্যা কৰি অনুতপ্ত নহয় আফতাব : শ্ৰদ্ধাক হত্যা কৰা বুলি স্বীকাৰ আফতাবৰ

ডিজিটেল ডেস্ক : দুখ নাই আফতাবৰ৷ শ্ৰদ্ধাক হত্যা কৰি অনুতপ্ত নহয় আফতাব৷ এই কথা নিজ মুখেই স্বীকাৰ কৰিলে আফতাবে৷

দেশ কঁপাই যোৱা শ্ৰদ্ধা হত্যাকাণ্ডৰ তীব্ৰ গতিত চলিছে তদন্ত প্ৰক্ৰিয়া৷ ইতিমধ্যে অভিযুক্ত আফতাব পুনাৱালাৰ পলিগ্ৰাফ টেষ্ট সম্পন্ন হৈছে। এই পৰীক্ষা কৰা ফৰেনচিক বিষয়াসকলৰ মতে, অভিযুক্ত আফতাবে শ্ৰদ্ধাক হত্যা কৰা বুলি স্বীকাৰ কৰিছে। শ্ৰদ্ধাক হত্যা কৰি অনুতপ্ত নহয় বুলিও স্বীকাৰ কৰিছে আফতাবে৷ 

উল্লেখ্য যে ২৮ বছৰীয়া আফতাবৰ বিৰুদ্ধে তেওঁৰ 'লিভ-ইন সঙ্গী' শ্ৰদ্ধাক হত্যা আৰু শ্ৰদ্ধাৰ শৰীৰ ৩৫ টুকুৰাকৈ কাটি পেলোৱাৰ অভিযোগ আছে। শ্ৰদ্ধাক হত্যা কৰি শৰীৰ টুকুৰা বহুদিন ধৰি ফ্ৰীজত ৰখাৰ লগতে দিল্লীৰ বিভিন্ন অঞ্চলত আফতাবে পেলাই দিছিল শ্ৰদ্ধাৰ দেহৰ কটা টুকুৰাবোৰ৷ ঘটনা সন্দৰ্ভত  ১২ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হয় আফতাবক।