Logo
image

নতুন দিল্লীত গৌতম গম্ভীৰৰ এটকীয়া কেণ্টিন!

আমাৰ অসম, ২৬ ডিচেম্বৰঃ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে দৰিদ্ৰ লোকৰ সহায়ক হোৱাকৈ নতুন দিল্লীত এখন কেণ্টিন আৰম্ভ কৰিছে৷ কেণ্টিনখনৰ নাম দিয়া হৈছে ‘এক আশা জন ৰস’ বুলি৷ আচৰিত যে গৌতম গম্ভীৰৰ এই কেণ্টিনখনৰ খাদ্য সামগ্ৰীৰ দাম একেবাৰে সামান্য৷ কেণ্টিনখনত মাত্ৰ এটকাৰ বিনিময়ত গ্ৰাহকে লাভ কৰি ভাত, চবজি আৰু দাইল৷ প্ৰতিদিনে দুপৰীয়া ১১ বজাৰ পৰা বিয়লি  তিনি বজালৈকে খোলা থাকিব কেণ্টিনখন৷ এই সময়ৰ ভিতৰত গ্ৰাহকে গৌতম গম্ভীৰৰ কেণ্টিনত এটকাতে পেট ভৰাই খাব পাৰিব৷ উল্লেখ্য যে এই প্ৰকল্পটো ‘গৌতম গম্ভীৰ ফাউণ্ডেশ্যন’ আৰু সাংসদগৰাকীয়ে ব্যক্তিগত আৰ্থিক অনুদানেৰে চলাই নিয়া হ’ব বুলি কোৱা হৈছে৷ অহা দিনসমূহত সাংসদ গৌতম গম্ভীৰে দিল্লী বিধান সভা সমষ্টিত কেণ্টিনখনৰ কমেও ১০ টা শাখা খুলিব বুলি প্ৰকাশ কৰিছে৷