Logo
image

পথাৰৰ ধান খোৱাৰ বাবেই ছাগলীৰ কাণ কাটিলে গোলাপে

ডিজিটেল ডেস্ক : জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড৷ পথাৰৰ ধান খোৱা বাবেই কাণ কাটিলে দুটা ছাগলীৰ৷ এই ঘটনা সংঘটিত হৈছে বঙাইগাঁৱত৷

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত হাপাছৰাৰ ভাওৰীয়াকাটাত পথাৰত ধান খোৱাৰ বাবে এজন ব্যক্তিয়ে দুটা ছাগলীৰ কাণ কাটি দিয়াৰ ঘটনা সংঘটিত হৈছে৷ মঙলবাৰে হাপাছৰাৰ ভাওৰীয়াকাটাত সংঘটিত হৈছে এই নাভূত-নাশ্ৰুত ঘটনা৷ ছাগলীয়ে পথাৰৰ ধান খোৱাৰ বাবে হাপাচাৰাৰ ৰাভাপাৰৰ গোলাপ ৰায় নামৰ ব্যক্তিগৰাকীয়ে এজনী ছাগলীৰ দুয়োখন কাণ কাটি দিয়াৰ লগতে আন এটা ছাগলীৰ এখন কাণ কাটি দিয়ে৷ এই ঘটনা সংঘটিত হোৱাৰ পিছত ছাগলীৰগৰাকী আজিবুল বেৱাই বুধবাৰে উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে ৷

পৰৱৰ্তী সময়ত ছাগলী দুটাক পশু চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰোৱাৰ লগতে ছাগলীৰগৰাকী আজিবুল বেৱাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত গোলাপ ৰায়ক আটক কৰে ৷ নিৰীহ জন্তুৰ ওপৰত এনে অমানৱীয় ঘটনাত সংঘটিত হোৱাক লৈ বৃহত্তৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷