Logo
image

নয়নমণিৰ হাতত ‘অৰ্জুন’ তুলি দিলে ৰাষ্ট্ৰপতিয়ে

ডিজিটেল ডেস্ক : অসমৰ লন বল খেলুৱৈ নয়নমণি শইকীয়াই বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰে৷ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে বুধবাৰে ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰে৷  কমনৱেল্‌থ গেম্‌ছত লাভ কৰা সফলতাৰ সুবাদত অৰ্জুন বঁটা লাভ কৰে নয়নমণিয়ে৷ বাৰ্মিংহাম কমনৱেল্‌থ গেম্‌ছত লন বলৰ মহিলাৰ দলগত শাখাত নয়নমণিয়ে স্বৰ্ণপদক জয় কৰিছিল৷ প্ৰতিযোগিতাখনৰ ইতিহাসত অসমৰ  লন বল খেলুৱৈৰ এইটোৱেই প্ৰথম  স্বৰ্ণপদক৷ উল্লেখ্য অসমৰ প্ৰথমজন খেলুৱৈ হিচাপে অজুৰ্ন বঁটা লাভ কৰিছিল দৌৰবিদ ভোগেশ্বৰ বৰুৱাই৷ ইয়াৰ পাছতেই টেব্‌ল টেনিছ খেলুৱৈ মনালিছা বৰুৱা মেহতাই দ্বিতীয়গৰাকী অসমীয়া হিচাপে অৰ্জুন বঁটা লাভ কৰিছিল৷ অৰ্জুন বঁটা লাভ কৰা আন অসমীয়া খেলুৱৈকেইজন হৈছে আৰ্চাৰ জয়ন্ত তালুকদাৰ, বক্সাৰ শিৱ থাপা, দৌৰবিদ হিমা দাস আৰু বক্সাৰ লাভলীনা বৰগোহাঁই৷