Logo
image

নগ্ন কৰি তালাচী! কাতাৰত আতংকিত ফুটবলপ্ৰেমী

ডিজিটেল ডেস্ক : বিশ্বকাপ ফুটবল চলি থকা সময়ত কাতাৰত  কাৰ্যকৰী কৰা কঠোৰ নীতি-নিয়মক লৈ ইতিমধ্যে যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে৷ এখন ইছলামিক আৰু ৰক্ষণশীল দেশ হোৱা বাবে কাতাৰত নিয়ম-নীতিবোৰ অতি কঠোৰভাৱে পালন কৰা হয় আৰু বিশ্বকাপৰ সময়ত এই নীতি-নিয়মে বহিঃদেশৰ ফুটবলপ্ৰেমীক যথেষ্ট অসুবিধাত পেলাইছে৷ বিশ্বকাপৰ সময়ত দেশখনলৈ অহা বিদেশী পৰ্যটক-ফুটবলপ্ৰেমীৰ    ক্ষেত্ৰত প্ৰযোজ্য কঠোৰ নীতি-নিয়মবোৰ বহু সময়ত বিভ্ৰান্তিকৰ আৰু অস্পষ্ট হোৱা বুলিও আয়োজক কমিটী আৰু স্থানীয় কতৃৰ্পক্ষ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ আনকি বিশ্ব ফুটবলৰ সৰ্বোচ্ছ সংস্থা ফিফাৰ নিৰ্দেশাৱলীও মানি চলা নাই কাতাৰ পুলিচে৷ তেওঁলোকৰ বাবে দেশখনৰ  আইনেই শেষ কথা৷ বিশ্বকাপ ফুটবল আৰম্ভহোৱাৰ পৰাই কাতাৰ পুলিচ আৰু ফুটবলপ্ৰেমীৰ মাজত চলি আছে লুকা-চুৰিৰ খেল৷ কোনোবাই পুলিচৰ চকুত ধূলি  দি সাৰি যাবলৈ সক্ষম হৈছে যদিও বেছিভাগেই ধৰা পৰিছে পুলিচৰ হাতত৷ ‘ৱান লাভ’ শ্ল’গান লিখা টি-শ্বাৰ্ট পৰিধান কৰা দুজন ব্যক্তিক তালাচীৰ নামত উলংগ কৰাৰো অভিযোগ উঠিছে৷ মঙলবাৰে নেডাৰলেণ্ডছ আৰু কাতাৰৰ মাজৰ গ্ৰুপ ‘এ’ৰ খেলখন চাবলৈ গৈছিল লণ্ডনৰ বাসিন্দা এন্থনী জনছন আৰু তেওঁৰ এজন বন্ধু৷ তেওঁলোকৰ দেহত থকা টি-শ্বাৰ্টত আছিল ‘ৱান লাভ’ প্ৰতীকৰ লগতে ইংলেণ্ড দলৰ প্ৰতীক৷ তেওঁলোকে পৰিধান কৰিছিল ৰামধেনু ৰঙৰ টুপীও৷ কিন্তু ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁলোকক নিৰাপত্তাৰক্ষীয়ে আটক কৰাৰ অভিযোগ উত্থাপন হৈছে৷ তেওঁলোকৰ সৈতে কাতাৰ পুলিচে অশোভনীয় আচৰণ কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে৷ জনছনে জনোৱা মতে, তেওঁলোকক ষ্টেডিয়ামৰ প্ৰধান নিৰাপত্তা বিষয়াৰ ওচৰলৈ লৈ যোৱা হৈছিল, য’ত তেওঁলোকক ঘড়ী আৰু বেল্ট খুলিবলৈ নিৰ্দেশ দিয়া হৈছিল৷ পূৰ্বেও কেইবাখনো খেল চাইছিল তেওঁলোকে৷ কিন্তু সেই সময়ত নিৰাপত্তাৰক্ষীৰ এনে আচৰণৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল৷ ‘পাছত আমাক ষ্টেডিয়ামৰ প্ৰবেশ পথৰ পৰা আঁতৰাই অনাৰ সময়ত এজন দীৰ্ঘদেহী নিৰাপত্তাৰক্ষীয়ে আমাৰ বাট আগচি ধৰিছিল৷ তেওঁ আমাক কৈছিল–তোমালোকে আমাৰ সংস্কৃতিক অপমান কৰিছা৷ তেনেদৰে কোৱাৰ পাছতেই আমাক মাটিত বাগৰাই পেলোৱা হৈছিল৷ আমাৰ তাৰ পাছৰ অভিজ্ঞতা আছিল অতি ভয়াৱহ৷ আমাক এক নিৰ্জন ঠাইলৈ লৈ যোৱা হৈছিল৷ প্ৰথমে আমাক শ্বাৰ্ট খোলাৰ নিৰ্দেশ দিয়া হৈছিল৷ তাৰ পাছত জোটা, পেণ্ট আনকি অন্তৰ্বাস পৰ্যন্ত৷ আমাক উলংগ কৰি তালাচী চলোৱা হৈছিল৷ আমাৰ শৰীৰৰ লগতে পোছাক ভালদৰে পৰীক্ষা কৰা হৈছিল৷ কিন্তু তেওঁলোকে আপত্তি কৰিবলগীয়া একো পোৱা নাছিল৷ পাছত তেওঁলোকে দুখ প্ৰকাশ কৰিছিল৷’– এনেদৰে কয় জনছনে৷ নিৰাপত্তাৰক্ষীৰ আচৰণত ক্ষুব্ধ হৈ পৰা ইংলেণ্ডৰ সমৰ্থকজনে লগতে কয় যে প্ৰায় ১৫ মিনিটমান তেওঁলোকৰ ওপৰত আতিশয্য চলোৱা হৈছিল৷ কাতাৰৰ পুলিচে ফিফাৰ নিয়ম-নীতিক কেৰেপেই নকৰে৷ ‘আমাক টুপী খুলি পেলাবলৈ কোৱা হৈছিল৷ আমি বাৰম্বাৰ  ফিফাৰ নিৰ্দেশাৱলীৰ  বিষয়ে তেওঁলোকক ক’বলৈ চেষ্টা কৰিছিলো, য’ত ৰামধেনু  ৰঙৰ পতাকা ব্যৱহাৰ কৰাৰ অনুমতিৰ বিষয়ে স্পষ্ট উল্লেখ আছে৷ কিন্তু সেই কথা শুনি তেওঁলোক ক্ৰোধিত হৈ পৰিছিল৷ তেওঁলোকৰ এজনে কৈছিল যে ফিফাৰ নিয়ম-নীতি তেওঁলোকে পৰোৱা নকৰে৷ তেওঁলোকৰ মতে কাতাৰৰ নিয়মেই চূড়ান্ত৷’– কয় জনছেনে৷ ইমানখিনি আতিশয্য সহ্য কৰাৰ পাছত অৱশ্যে জনছন আৰু তেওঁৰ সংগীক নেডাৰলেণ্ডছ আৰু কাতাৰৰ মাজৰ খেলখন চাবলৈ ষ্টেডিয়ামত প্ৰবেশৰ অনুমতি দিয়া হৈছিল৷ কিন্তু এনে এক অপ্ৰত্যাশিত ঘটনাত তেওঁলোক আতংকিত৷ কাতাৰৰ পুলিচৰ এনে আচৰণক মানসিক আৰু শাৰীৰিক আত্যাচাৰৰ সৈতে তুলনা কৰা হৈছে৷ উল্লেখ্য, কাতাৰৰ আইন মতে, সমকামিতা, ৰাজহুৱা স্থানত যৌনাচাৰ আদি নিষিদ্ধ৷ এই বিষয়টো লৈ ইতিমধ্যে বিভিন্ন মানৱাধিকাৰ সংগঠন সৱৰ হৈ পৰিছে৷ কেৱল সেয়াই নহয়, সুৰাপান কৰা, চুম্বনৰ  ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ কাতাৰ প্ৰশাসনৰ প্ৰবল চাপত শেহতীয়াকৈ সুৰ সলনি কৰিবলৈ বাধ্য হৈছে ফিফা৷ ‘ৱান লাভ’ আৰ্মবেণ্ড নিষিদ্ধ কৰা হৈছে৷ কিন্তু তাৰ পাছতো একাংশ ফুটবলপ্ৰেমীক বাধা দি ৰাখিব পৰা হোৱা নাই৷ উৰুগুৱে আৰু পৰ্তুগালৰ মাজৰ খেলখন চলি থকা সময়ত এজন দৰ্শকে হাতত ৰামধেুনৰঙৰ পতাকা লৈ খেলপথাৰত প্ৰবেশ কৰিছিল৷ তেওঁৰ টি-শ্বাৰ্টৰ এটা অংশত  লিখা আছিল ইউক্ৰেইনক সমৰ্থন জনোৱাৰ বাৰ্তা৷ তাৰ লগতে দেখা গৈছিল ইৰানৰ হিজাব বিৰোধী আন্দোলনৰ প্ৰতি সমৰ্থন৷ এই ঘটনাৰ পাছত কাতাৰ পুলিচ অধিক সতৰ্ক হৈ পৰিছে৷