Logo
image

কৃতী শিক্ষাৰ্থীক স্কুটী মুখ্যমন্ত্ৰীক ‘লেম্বৰঘিনি’

ডিজিটেল ডেস্ক : প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত ‘ড॰ বাণীকান্ত কাকতি’ মেধা বঁটাৰ স্কুটী বিতৰণৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক বৰ্ণাঢ্য কাৰ্যসূচীত উচ্ছতৰ মাধ্যমিক [উঃমাঃ] পৰীক্ষাত ৬০ শতাংশতকৈ অধিক নম্বৰ পোৱা ২৯,৭৪৮গৰাকী ছাত্ৰী আৰু ৭৫ শতাংশতকৈ অধিক নম্বৰ পোৱা ৬,০৫২জন ছাত্ৰক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্কুটী বিতৰণৰ শুভাৰম্ভ কৰা হয়৷ সৰ্বমুঠ স্কুটী পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে  ৩৫,৮০০গৰাকী৷ উল্লেখ্য, আজি মঞ্চত বঁটা প্ৰদানৰ কাৰ্যসূচীত ভাষণ দিয়াৰ আৰম্ভণি ক্ষণত স্কুটীপ্ৰাপক শ শ ছাত্ৰ-ছাত্ৰীয়ে মৰমতে মুখ্যমন্ত্ৰীক উদ্দেশ্যি ‘আই লাভ ইউ, মামা’ বুলি ধবনি দিয়ে৷ ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়েও কয়– ‘আই লাভ ইউ টু’৷ আজি খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত এই অনুষ্ঠানত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ যোগ্য ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী বিতৰণ কৰা হয়৷ আনহাতে আন জিলাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক ডিচেম্বৰৰ ভিতৰত এই আঁচনিৰ অধীনত স্কুটী বিতৰণ কৰা হ’ব৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ড॰ বাণীকান্ত কাকতি মেধা বঁটাৰ বাবে নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ বাবে আজিৰ দিনটো এক মাইলৰ খুটি হিচাপে চিহ্নিত হৈ ৰ’ব৷ তেওঁলোকৰ অধ্যয়নৰ প্ৰতি থকা কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বাবে এই বঁটাক সমাজৰ পৰা লাভ কৰা  উপহাৰ আৰু আশীৰ্বাদ বুলি মুখ্যমন্ত্ৰীয়ে অভিহিত কৰে৷ ড॰ বাণীকান্ত কাকতি অসমৰ বৌদ্ধিক জগতৰ উজ্জ্বল নক্ষত্ৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এইগৰাকী সুযোগ্য অসম সন্তানৰ নামেৰে নামাকৰণ কৰা এই বঁটা প্ৰাপকৰ চূড়ান্ত তালিকাত নিৰ্বাচিত হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ ক্ষেত্ৰত উজলি উঠি ৰাষ্ট্ৰ আৰু জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিব বুলি ভাষণত প্ৰগাঢ় আত্মবিশ্বাস প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক অনাগত ২৫ বছৰত অমৃত কাল হিচাপে গণ্য কৰিবলৈ জনোৱা আহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক নিজৰ জীৱনৰ প্ৰতিটো  মুহূৰ্ত দেশৰ উন্নতিৰ হকে উৎসৰ্গা কৰিবলৈ আহ্বান জনায়৷ তেওঁলোকক অমৃত কালৰ অমৃত সন্তান বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক স্বাধীনতাৰ ১০০ বছৰত অমৃত কাল উদ্‌যাপন সমাপনৰ লগে লগে জাতিটোৱে যাতে সঠিক মৰ্যাদাৰে শিখৰত আৰোহণ কৰিব পাৰে তাৰ বাবে তেওঁলোকৰ যোগ্যতা আৰু সামৰ্থৰ সঠিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷ উন্নয়ন আৰু বিকাশৰ বাবে যুৱপ্ৰজন্মক নেতৃত্ব গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে যাতে কৃতিত্ব লাভ কৰিব পাৰে তাৰে বাবে অন্যান্য ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ফেৰমাৰি হাতে হাত ধৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়৷ উদ্ভাৱনৰ জগতখনে সকলোৰে বাবে লাভজনক আৰু বিকাশৰ সুযোগ কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত ডিজিটেলাইজেশ্যন অহা কেইটামান দশকৰ বাবে উন্নয়নৰ মন্ত্ৰ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিবলৈ ভাষণ প্ৰসংগত আহ্বান জনায়৷ তেওঁ কয় যে উদ্ভাৱনে নিয়োগ প্ৰাৰ্থী হৈ থকাতকৈ নিয়োগ প্ৰদানকাৰী হোৱাটো নিশ্চিত কৰিব৷ তেওঁ লগতে কয় যে অসমৰ যুৱক-যুৱতীসকলৰ নতুন যুগৰ প্ৰযুক্তি যেনে অগমেণ্টেড ৰিয়েলিটী, ভাৰ্চুৱেল ৰিয়েলিটী, ব্লক-চেইন, কোৱাণ্টাম কম্পিউটিং, কৃত্ৰিম বুদ্ধিমত্তা, বিগ ডাটা, এডভান্সড জিনমিক্স আদিৰ বিষয়ে অন্ততঃ মৌলিক ধাৰণা থাকিব লাগিব৷ এই বিষয়ে অজ্ঞ হৈ থাকিলে ভৱিষ্যতৰ দিনত তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত ক্ষতিৰ সন্মুখীন হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যৰ যুৱক-যুৱতীসকলে ইতিমধ্যে নিজকে এই প্ৰযুক্তিগত বিপ্লৱৰ অংশ কৰি তুলিছে৷ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক আকাশ স্পৰ্শ কৰাৰ লক্ষ্য নিশ্চিত কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে অনাগত দিনত তেওঁলোকে নিজৰ আকাংক্ষাক তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত যদিহে সীমাবদ্ধ ৰাখে তেন্তে তেওঁলোকৰ প্ৰতিভাৰ অপচয় হ’ব বুলি ব্যক্ত কৰে৷ ছাত্ৰ-ছাত্ৰীসকলে ইন্ধনৰ বাবে ধন খৰচ কৰিবলগীয়া হোৱাতো নাইকীয়া কৰাৰ নিমিত্তে অহা বছৰৰ পৰা ড॰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰাপকসকলক অসম চৰকাৰে বৈদ্যুতিক স্কুটাৰ বিতৰণৰ বাবে চিন্তা-চৰ্চা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে৷ আজিৰ এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,  কৃষি মন্ত্ৰী অতুল বৰা, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড॰ ননীগোপাল মহন্ত, বিধায়ক মানৱ ডেকা, অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, উচ্ছ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷ উল্লেখ্য, মুখ্যমন্ত্ৰীয়ে আজি কৃতী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰাৰ সময়তে মঙলবাৰে শিলচৰত নুৰুল হক নামৰ এজন অনুৰাগীয়ে মুখ্যমন্ত্ৰীক এখন লেম্বৰঘিনিসদৃশ গাড়ী উপহাৰ হিচাপে প্ৰদান কৰিছে৷ পেছাত মেকানিক এই ব্যক্তিজনে ১০ লাখ ২০ হাজাৰ টকা খৰচ কৰি নিজে এই গাড়ীখন প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীক উপহাৰ দিছে৷

চাহৰ খৰচৰ বাবে ৰাজ্যৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক মাহে এহাজাৰকৈ দিব চৰকাৰে

পূৰ্বৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি হাত খৰচ বা চাহৰ খৰচৰ বাবদ ৰাজ্যৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলক মাহে এক হাজাৰকৈ, বছৰেকত ১০ হাজাৰ টকাৰ ষ্টাইপেণ্ড দিব ৰাজ্য চৰকাৰে৷ আজি গুৱাহাটীৰ খানাপাৰা খেলপথাৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৩৫,৮০০ ছাত্ৰ-ছাত্ৰীলৈ ড॰ বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটী বিতৰণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক পঢ়াৰ মাচুল ৰেহাই দিয়াৰ পাছত চৰকাৰে স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ৰত ছাত্ৰীসকলক প্ৰতি মাহে এক হাজাৰকৈ, বছৰেকত ১০ হাজাৰ টকা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ চৰকাৰী-বেচৰকাৰী সকলো স্তৰৰ শিক্ষানুষ্ঠানত যিকোনো শাখাৰ স্নাতকোত্তৰ স্তৰত অধ্যয়নৰত ছাত্ৰীয়ে হাত খৰচৰ বাবে মাহে এক হাজাৰ টকাকৈ ষ্টাইপেণ্ড ডিবিটিৰ মাধ্যমেৰে লাভ কৰিব৷ যিহেতু বছৰত দুটা মাহ বন্ধ থাকে, গতিকে ১০ মাহৰ বাবে এই ধন প্ৰদান কৰা হ’ব৷ ইয়াৰ বাবে শিক্ষা বিভাগক এটা সপ্তাহৰ ভিতৰত এটা পৰ্টেল আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ এই পৰ্টেলত আৱেদন কৰা সকলো ছাত্ৰীয়ে মাহে এই এক হাজাৰ টকাকৈ লাভ কৰিব৷ মূলত পিতৃ-মাতৃসকলক সকাহ দিবৰ বাবেই চৰকাৰে এই পকেট মানি আগবঢ়াইছে৷ অনাগত দিনত বিত্তীয় পৰিস্থিতি উন্নত হোৱাৰ লগে লগে স্নাতক স্তৰত পঢ়ি থকা ছাত্ৰীসকলকো হাত খৰচ বা চাহৰ খৰচ দিব চৰকাৰে৷