Logo
image

বায়ুৰে চলাব পৰা গাড়ী উদ্ভাৱন মিছৰৰ ছাত্ৰৰ

আমাৰ অসম ২৬ ডিচেম্বৰঃ পেট্ৰ’লৰ সলনি বায়ুৰ সহায়ত চলাব পৰা এখন বিশেষ বাহন নিৰ্মাণ কৰি উলিয়াইছে মিছৰৰ স্নাতক পৰ্যায়ত শিক্ষাগ্ৰহণ কৰি থকা এদল শিক্ষাৰ্থীয়ে৷ এই বাহনখন ঘণ্টাত ৪০ কিলোমিটাৰ বেগত গতি কৰিব৷ তদুপৰি বাহনখন নিৰ্মাণত খৰচ হৈছে মাত্ৰ ৭২ হাজাৰ টকা৷ উল্লেখ্য যে কম্প’ছড্‌ এয়াৰ ব্যৱহাৰেৰে এই বাহনখন চলাব পৰা যাব বুলি নিৰ্মাণকাৰী শিক্ষাৰ্থীসকলে প্ৰকাশ কৰিছে৷ বাহনখন নিৰ্মাণত নেতৃত্ব প্ৰদান কৰা ছাত্ৰজনৰ নাম মেহমুদ য়াছেৰ৷