Logo
image

মুছলমান মানেই ১০/২০ টা সন্তান জন্ম দিয়া ফেক্টৰী নেকি? : আজমলক সকিয়নী মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

ডিজিটেল ডেস্ক : এআইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ গৰম হৈছে ৰাজ্যৰ ৰাজনীতি৷ আজমলৰ বিৰুদ্ধে সৰব হৈছে ইজনৰ পিছত বিজেপি নেতা৷ আজমলৰ অশালীন মন্তব্যৰ প্ৰত্যুত্তৰ দিছে ইজনৰ পিছত সিজন বিজেপি নেতাই৷

এইবাৰ বদৰুদ্দিন আজমলক সকীয়নি দিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ হিন্দু সমাজক বেয়া ব্যৱহাৰ নকৰিবলৈ আজমলক সকীয়নি মন্ত্ৰী হাজৰিকাৰ৷ সমাজত সুশৃংখলিতভাৱে থকা লোকৰ মাজত বিষবাষ্প বিয়পাই নুফুৰিবলৈও এআইউডিএফৰ মুৰব্বী আজমলক আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে৷ তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ বিৰোপ মন্তব্য কৰা আজমলক প্ৰত্যুত্তৰ দি মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে আজমলৰ মানসিক অৱস্থা বেয়া হোৱা বাবে এনেধৰণৰ মন্তব্য কৰিছে৷ লগতে মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰি কয় যে হিন্দুৱে মুছলমানৰ পৰা শিকিব লগা কিবা আছে নেকি? মুছলমান মানেই ১০/২০ টা সন্তান জন্ম দিয়া ফেক্টৰী নেকি বুলিও প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে যি সমাজ ব্যৱস্থাত মহিলাৰ মুখ দেখুৱাব নোৱাৰে তেনে সমাজ ব্যৱস্থা আমাক নালাগে৷ 

ইফালে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজমলক অসমৰ পৰা বাহিৰ কৰিবলৈ দাবী জনায়৷ ২৪ ঘণ্টা নহয়, ১২ ঘণ্টাৰ ভিতৰতে আজমলক অসমৰ পৰা বাহিৰ কৰিবলৈ দাবী জনালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ লগতে তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত কথা পাতি ভাৰতবৰ্ষৰ পৰাই বাহিৰ কৰিব লাগে বদৰুদ্দিন আজমলক৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘লাভ জেহাদ’ সন্দৰ্ভত উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এআইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে শুকুৰবাৰে কেতবোৰ অভব্য মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ তেওঁ কেতবোৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰে আজমলে৷ আজমলে মুখ্যমন্ত্ৰীকো ৪/৫জনী মুছলমান ছোৱালীক পলুৱাই নি লাভ জেহাদ কৰিবলৈ মুকলি আহ্বান জনায়৷ তেওঁ কয়– আমাৰ ছোৱালীয়ে ১৮ বছৰ বয়সৰ পাছত বিয়া পাতে৷ কিন্তু হিন্দু পুৰুষে ৪০ বছৰ হোৱাৰ পূৰ্বে এগৰাকী, দুগৰাকী, তিনিগৰাকী অবৈধ পত্নী ৰাখে৷ তাতে সন্তান জন্ম হ’বলৈ নিদিয়ে৷ আনন্দ স্ফূৰ্তি কৰে৷ টকা খৰচ কৰে৷ ৪০ বছৰ বয়সৰ পাছত মাক-দেউতাকৰ হেঁচাত ফচি বিয়া পাতি লয়৷ ৪০ বছৰ বয়সৰ পাছত সন্তান জন্ম দিয়াৰ ক্ষমতা ক’ত থাকে? তেওঁলোকৰ পৰা বহু সন্তান জন্ম হ’ব বুলি কেনেকৈ আশা কৰে৷ সময়ত উৰ্বৰ মাটিৰ ওপৰত শচ শিচিলে ধানেই ধান উৎপাদন হয়৷ খেতি ভাল হ’ব৷ উন্নতিয়ে উন্নতি হ’ব৷ নদন বদন হ’ব৷ তেওঁলোকেও মুছলমান লোকৰ ফৰ্মুলা গ্ৰহণ কৰিব দিব লাগে৷ ল’ৰাই ২০/২২ বছৰৰ ভিতৰত বিয়া কৰাওক৷ ছোৱালীক ১৮/২০ বছৰ বয়সৰ ভিতৰত বিয়া পাতি দিয়ক৷ তাৰ পাছত চাওক আপোনালোকৰো কিমান সন্তান জন্ম হয়৷ কিন্তু দুই নম্বৰী ধান্দা নকৰিব৷’ আনহাতে, মুখ্যমন্ত্ৰী ড॰ শৰ্মাক উদ্দেশ্য কৰি আজমলে কয়– ‘আপুনি এতিয়া অসমৰ ৰজা৷ ৰৈ আছে কিয়? আজিৰ তাৰিখত সমগ্ৰ দেশৰ মুখ্যমন্ত্ৰীসকলৰ মাজত কেৱল আপোনাৰে নাম, প্ৰধান মন্ত্ৰী মোদীৰ পিছতে আপোনাৰ নম্বৰ আহি আছে৷ অমিত শ্বাহৰ পিছতে আপোনাৰে নম্বৰ৷ সেয়ে আপোনাৰতো কোনো অভাব নাই৷ আপুনি নিজে দুই, চাৰি পাঁচটা লাভ জেহাদ নিজে কৰি লওক৷ মুছলমান ছোৱালীক পলাই লৈ যাওক৷ তেওঁলোকক ক’ত ৰাখিব আমাক জনাই দিব৷ আপোনাক মিঠাই খুৱাবলৈ যাম৷ কাজিয়া কৰিবলৈ নহয়৷ আমাৰ মুছলমান ছোৱালীক পলুৱাই লৈ যাওক৷ কিন্তু আপুনিহে কৰিব৷ শৰীৰত যিমান শক্তি আছে জুখি লওক৷ কঁকালত কিমান শক্তি আছে তাকো দেখিম৷’