Logo
image

বিজেপিৰ ৰণকৌশল! নেৰে প্ৰমোদকো, লাগে হাগ্ৰামাকো

ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ : কোকৰাঝাৰ লোকসভা সমষ্টিক লৈ বিজেপি আৰু ইউ পি পি এ ৰ মাজৰ মিত্ৰতা ভংগ হ’ব নেকি? শেহতীয়াভাৱে কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপি দলে আৰম্ভ কৰা ৰাজনৈতিক তৎপৰতাই ৰাজ্যৰ ৰাজনীতিত এক নতুন সমীকৰণৰ ইংগিত বহন কৰিছে৷ উল্লেখ্য যে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ প্ৰেৰণ কৰা তিনি পৃষ্ঠাৰ পত্ৰত বিজেপিৰ মিত্ৰদল ইউপিপিএলৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ হাগ্ৰামা মহিলাৰীৰ অভিযোগ মতে প্ৰমোদ বড়োৰ শাসনকালত বিটিএডিত গীৰ্জাৰ সংখ্যা অভাবনীয়ভাৱে বৃদ্ধি পাইছে৷ খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা জনগোষ্ঠীয় লোকক অতি সহজে চৰকাৰী আঁচনিৰ সুবিধা লাভৰ প্ৰলোভন দিয়া হৈছে৷ হাগ্ৰামা মহিলাৰীৰ এই অভিযোগ বিজেপি দল আৰু চৰকাৰ তথা আৰ এছে এছ যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰে৷ হাগ্ৰামা মহিলাৰীৰ এই অভিযোগৰ বহু সাক্ষ্য প্ৰমাণ ইতিমধ্যে লাভ কৰিছে আৰ এছ এছ আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বই৷ যাৰ বাবে এতিয়া ইউ পি পি এলৰ প্ৰতি পূৰ্বৰ সদভাব নাই বিজেপি আৰু আৰ এছ এছৰ৷ কিন্তু মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি তাৎক্ষণিকভাৱে কোনো গুৰুতৰ কাৰণ অবিহনে ইউ পি পি এলক ত্যাগ কৰিব বিচৰা নাই বিজেপিয়ে৷ সেয়ে কৌশলজনক স্থিতি হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টি নিজৰ দখললৈ আনিব বিচাৰিছে বিজেপিয়ে৷ উল্লেখ্য যে লোকসভাৰ আগন্তুক নিৰ্বাচনত বিজেপিয়ে অসমত মিছন ১২+ ৰণনীতি গ্ৰহণ কৰিছে৷ বৰ্তমান অসমত বিজেপিৰ দখলত জ্ঝটা লোকসভা সমষ্টি আছে৷ নগাঁও, কলিয়াবৰ আৰু বৰপেটা লোকসভা সমষ্টিক এইবাৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে৷ শেহতীয়াভাৱে এই তালিকাত যোগ হৈছে কোকৰাঝাৰ লোকসভা সমষ্টিও৷ বিজেপিৰ এক সূত্ৰৰ মতে ইউ পি পি এলক এৰি দিয়াৰ পৰিৱৰ্তে বিজেপি দলে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত নিজে প্ৰাৰ্থী দিব৷ কাৰণ বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিজৰ পত্ৰখনত লোকসভাৰ আগন্তুক নিৰ্বাচনত বিজেপিক সহায় কৰাৰ স্পষ্ট প্ৰতিশ্ৰুতি দিছে৷ ইয়াৰ বিনিময়ত বিপিএফক এনডিএৰ অংশীদাৰ কৰাৰ চৰ্ত আৰোপ কৰিছে৷ কিন্তু ইউ পি পি এলে যদি কোকৰাঝাৰত প্ৰাৰ্থী দিয়ে তেন্তে বিপিএফেও প্ৰাৰ্থী থিয় কৰোৱাটো নিশ্চিয়৷ তেনে ক্ষেত্ৰত বিজেপি আৰু ইয়াৰ মিত্ৰদলে কোকৰাঝাৰ আসনখন হেৰুৱাৰ যথেষ্ট আশংকা আছে৷ আনহাতে কেৱল কোকৰাঝাৰে নহয় ৰাজ্যৰ বহুকেইটা লোকসভা সমষ্টিত বিপিএফ তথা হাগ্ৰামা মহিলাৰীৰ শক্তিশালী ভোটবেংক আছে৷ যাৰ বাবে বিজেপিয়ে হাগ্ৰামাৰ সহায়ো হেৰুৱাব বিচৰা নাই এই মুহূৰ্তত৷ সেয়ে সাপো মৰক, লাঠিও নাভাঙক নীতিৰ ভিত্তিত কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপিয়ে নিজে প্ৰাৰ্থী প্ৰক্ষেপৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত কৰিছে৷ কিন্তু বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব নে বিজেপি আৰু ইউ পি পি এলে যৌথভাৱে প্ৰাৰ্থী দিব সেইটোহে আজিৰ তাৰিখত সৰ্বাধিক চৰ্চিত বিষয় হৈ পৰিছে৷