Logo
image

আইআইটি গুৱাহাটীৰ ছাত্ৰলৈ আঢ়ৈ কোটি টকীয়া চাকৰিৰ পেকেজ

ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ : জ্ঞান আৰু প্ৰজ্ঞাৰ উচ্ছ শিক্ষানুষ্ঠান আই আই টি-গুৱাহাটীৰ এজন বি-টেক শিক্ষাৰ্থীয়ে বৃহস্পতিবাৰে ২.৫ কোটি টকাৰ পেকেজৰ প্ৰস্তাৱ লাভ কৰিছে৷ এটা বহুজাতিক কোম্পানীৰ ফালৰ পৰা এই প্ৰস্তাৱ লাভ কৰিছে ছাত্ৰজনে৷ প্ৰতিষ্ঠানখনৰ পৰা জনোৱা মতে, ২.৫ কোটিৰ (চিটিচি) পেকেজ পোৱাটো আই আই টি গুৱাহাটীৰ বাবে এক বৃহৎ সাফল্য৷ প্ৰতিষ্ঠানটোৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এজন শিক্ষাৰ্থীলৈ ২.৫ কোটি টকাৰ পেকেজ আগবঢ়োৱা হৈছে৷ যি বৰ্তমানলৈ সবাতোকৈ ডাঙৰ পেকেজ বুলি জানিবলৈ দিয়ে গুৱাহাটী আই আই টিৰ সূত্ৰই৷ তদুপৰি, আন দুজন বি-টেক শিক্ষাৰ্থীকো ১.১ কোটি টকাৰ পেকেজ আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, আই আই টি গুৱাহাটীৰ বাৰ্ষিক কেম্পাছ প্লেছমেণ্টত শিক্ষাৰ্থীসকলক কোটি কোটি টকাৰ পেকেজ আগবঢ়োৱা হয়৷ কিন্তু ক’ভিড মহামাৰীৰ বাবে বিগত দুটা বছৰে এই প্লেছমেণ্ট বন্ধ হৈ আছিল৷ দুবছৰৰ ব্যৱধানৰ পাছত পুনৰ প্ৰতিষ্ঠানখন ডাঙৰ ডাঙৰ কোম্পানীৰ বিষয়াসকলে আহি শিক্ষাৰ্থীসকলৰ সৈতে মুখামুখি সাক্ষাৎগ্ৰহণ কৰিছে৷ চলিতবৰ্ষত শীৰ্ষ নিযুক্তিবোৰৰ ভিতৰত আছে গুগল, মাইক্ৰ’ছফ্‌ট, জে পি মৰ্গান চেজ, আমেৰিকান এক্সপ্ৰেছ, টেক্সাছ ইনষ্ট্ৰমেনচ, উবেৰ, কোৱালকম, চি-ডট, এনফেজ এনাৰ্জি আৰু অৰেকল৷ প্ৰানিধানযোগ্য যে, মুঠ ১২৬৯জন শিক্ষাৰ্থী আৰু ২৬৪টা কোম্পানীয়ে এইবছৰ প্লেচমেণ্টৰ বাবে পঞ্জীয়ন কৰিছিল৷ তাৰে ভিতৰত কোম্পানীবোৰে মুঠ ৪৭০ জন শিক্ষাৰ্থীক নিয়োগ কৰিছে৷