Logo
image

উন্নয়নৰ বলি! সৰুসজাইৰ পৰা ‘ৰংমন’ক উচ্ছেদ

ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ : উন্নয়নৰ স্বাৰ্থত উচ্ছেদ কৰা হ’ল ‘ৰংমন’ক৷ গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ শুভংকৰ ‘ৰংমন’ক সৰুসজাই ষ্টেডিয়ামৰ সন্মুখৰ পৰা আঁতৰাই পেলোৱা হৈছে৷ খানাপাৰা-জালুকবাৰী সংযোগ ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰিলে সৰুসজাই ষ্টেডিয়ামৰ সন্মুখৰ ঘাইপথৰ কাষত সগৌৰৱেৰে থিয় হৈ থকা অসমৰ গৌৰৱৰ প্ৰতীক শুভংকৰ ‘ৰংমন’ৰ প্ৰতিমূৰ্তি এতিয়াৰে পৰা আৰু দেখা পোৱা নাযাব৷ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ছশৰীয়া ৰাজপথ হিচাপে নিৰ্মাণ আৰম্ভ হোৱাত পথ বহলোৱাৰ স্বাৰ্থতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বুধবাৰে উচ্ছেদ কৰে ‘ৰংমন’ক৷ ২০০৭ চনত অনুষ্ঠিত ৩৩সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভংকৰ ৰংমনৰ প্ৰতিমূৰ্তি ক্ৰেন লগাই অলপতে আঁতৰাই লৈ যোৱা হয়৷ অসম গৌৰৱ এশিঙীয়া গড়ৰ প্ৰতীকপটৰে সাজি উলিওৱা ৰংমনক পূৰ্বৰ স্থানৰ পৰা আঁতৰাই সৰুসজাই ষ্টেডিয়ামৰ পিছফালে স্থাপন কৰিব বুলি প্ৰশাসনে জানিবলৈ দিছে৷ অৱশ্যে উন্নয়নৰ নামত ৰংমনক উচ্ছেদ কৰি আলাই-আথনি কৰাৰ পৰিৱৰ্তে ষ্টেডিয়ামখনৰ সন্মুখতে উপযুক্ত স্থানত পুনৰ প্ৰতিষ্ঠা কৰাৰ দাবী জনাই ক্ৰীড়াপ্ৰেমীসকলে৷ ৰংমনে বিগত ১৫ বছৰে সৰুসজাইত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আয়োজক হিচাপে অসমৰ পৰিচয় বহন কৰি আহিছিল৷