Logo
image

নতুন প্ৰজন্মৰ লক্ষ্য হওক ইউপিএছচি-এপিএছচি

ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ : আগতে এচিএছৰ পৰীক্ষা নহৈছিলে৷ কিন্তু এতিয়া প্ৰতি বছৰে ৭০০ পদ কেৱল এচিএছ আৰু এপিএছৰে ওলায়৷ আমি কেইদিনমান আগতে এচিএছৰ নিযুক্তি পত্ৰ দিলোঁ৷ অহা এমাহৰ ভিতৰত আকৌ ৭০০ পদ ওলাব এচিএছ, এপিএছৰ৷ এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ৷ উল্লেখ্য যে দেওবাৰে জালুকবাৰী   সমষ্টিৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উন্নত ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাবলৈ অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–ৰাইজে সামগ্ৰীকভাৱে চিন্তা কৰক যে এতিয়া আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ লগত লাগি থাকিম নে আমি মেজিষ্ট্ৰেট, ডিএছপি হ’বলৈ চেষ্টা কৰিম৷ নে দুই এজনে আগুৱাই গৈ আইএএছ, আইপিএছো হ’ব৷ আমাৰ সন্মুখত ডিচি কীৰ্ত্তি জাল্লি বহি আছে৷ তেওঁতকৈ আমাৰ চেহেৰা বিলাক বেলেগ নেকি? তেওঁ যেনেকুৱা ইয়াত থকা সকলোৱে তেনেকুৱাই৷ তেওঁ যদি আইএএছ হ’ব পাৰে, আমাৰ ল’ৰা-ছোৱালীয়ে কিয় আইএএছ হ’ব নোৱাৰিব৷ তেওঁক ভগবানে বেলেগকৈ পঠিয়াই দিয়া নাই৷ আমি যিদৰে পৰিশ্ৰম কৰি ডাঙৰ হ’লোঁ তাতকৈ বেছি সুবিধা বৰ্তমানৰ প্ৰজন্মই পাইছে৷ আমাৰ প্ৰজন্মই যথেষ্ট কষ্ট কৰিছিলে৷ কিন্তু আজিৰ প্ৰজন্মই ইমান কষ্ট কৰিবলগীয়া হোৱা নাই৷ আমি নিজে কেনেকুৱা আছিলোঁ সকলোৱে জানো৷ আমাৰ প্ৰজন্মটোৱে কৰা পৰিশ্ৰমৰ ফলত আমি এটা পৰ্যায় পালোঁ৷ জালুকবাৰী সমষ্টিত চৰকাৰী চাকৰি কৰা লোক প্ৰায় ২০ হাজাৰ আছে৷ আগতে গাঁৱত ক’ৰবাত দুজন-তিনিজনহে আছিল চৰকাৰী চাকৰি কৰা মানুহ৷ বিগত ২০ বছৰত আমাৰ জীৱনলৈ ভাবিব নোৱৰা পৰিৱৰ্তন আহিছে৷ আমি যদি আগতে কাৰোবাৰ ওচৰত তৃতীয়-চতুৰ্থ শ্ৰেণীৰ চাকৰি বিচাৰি গৈছিলোঁ, তেন্তে আমাৰ ল’ৰা-ছোৱালীয়ে মেজিষ্ট্ৰেট, ডাক্তৰ, ইঞ্জিনিয়াৰ হৈ আমাক গৌৰৱান্বিত কৰিব লাগিব৷ সমাজ সদায় ঊধবৰ্মুখী৷ আমাৰ প্ৰজন্মই কৰা কাম আমাৰ ল’ৰা-ছোৱালীয়ে কৰিব নালাগে৷ নতুন প্ৰজন্মৰ লক্ষ্য হ’ব লাগে ইউপিএছচি-এপিএছচি৷ চাকৰি বিচাৰি নহয়, চাকৰি সৃষ্টিকৰ্তা হোৱাৰ আকাংক্ষা কৰা উচিত৷ নতুন আৰু পুনৰুত্থানশীল ভাৰতে নিজৰ নিজৰ আগ্ৰহ আৰু বৃত্তিৰ ক্ষেত্ৰত অসাধাৰণ সফলতা লাভ কৰাৰ অপৰিসীম সুযোগ প্ৰদান কৰিছে৷ নতুন যুগৰ প্ৰযুক্তি আৰু ডিজেটেলাজেশ্বনে আগবঢ়োৱা অৰ্থনৈতিক সুযোগসমূহৰ সুৰ্বোত্তম ব্যৱহাৰ কৰিব পৰাকৈ দক্ষতা প্ৰশিক্ষণ আৰু দক্ষতা আহৰণ কৰিব লাগিব৷ ছাত্ৰ-ছাত্ৰীসকল পূৰ্বতকৈ অধিক উচ্ছকাংক্ষী হ’ব লাগিব৷ প্ৰকৃত সফলতাৰ বাবে আন্তৰিকতা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ সৈতে সংযুক্ত হ’ব লাগিব৷ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতাৰ সংস্কৃতি গঢ়ি তুলিব লাগিব৷

এয়া নতুন দিগন্ত সূচনা কৰাৰ সময়

ৰাজ্যত এতিয়া সৰ্বত্ৰে নিৰৱচ্ছিন্ন গতিত ত্বৰাম্বিত হৈছে প্ৰগতি আৰু উন্নয়নৰ ধাৰা৷ আনকি এনে এক আশাপ্ৰদ বাৰ্তা বিয়পি পৰাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ বিজ্ঞান প্ৰযুক্তিৰ অন্যতম শক্তিধৰ আৰু আগশাৰীৰ ৰাষ্ট্ৰ জাপান চৰকাৰেও পাঁচ হাজাৰ নাৰ্ছ বিচাৰি অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীৰ সৈতেও যোগাযোগ কৰিছে৷ ভাৰতীয় হিচাপত এই নাৰ্ছ সকলৰ মাহেকীয়া দৰমহা হব ২.৫ লাখ টকা৷ এই ধাৰা অধিক জীপাল কৰি তোলাৰ বাবে অতি কম সময়ৰ ব্যৱধানত অসম লোকসেৱা আয়োগৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰি ৭ শতাধিক পদত নিযুক্তিও দিয়া হ’ব৷  ৰাজ্যখনৰ প্ৰগতি আৰু উন্নয়নৰ বাৰ্তা বিলাই দিয়া এই ভাষ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি মুখ্যমন্ত্ৰী শৰ্মাই তেওঁ প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ ২০০০ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন আৰু বৃত্তি প্ৰদান অনুষ্ঠানত অংশ লৈ ৰাজ্যখনৰ উন্নয়নৰ কেতবোৰ খতিয়ান দাঙি ধৰি এই প্ৰগতিৰ ধাৰাক অধিক ত্বাৰান্বিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা নানান আঁচনিৰ বিষয়েও আলোকপাত কৰি কয় যে উন্নয়নৰ গতিশীলতাৰ ফলত এতিয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰথম বিভাগৰ লক্ষ্যৰ সময় উকলি গৈছে৷ সময়ৰ গতিত তেওঁলোকৰ আকাশ চুবৰ লক্ষ্য হৈ পৰাৰ পৰিৱেশ আহি পৰিছে৷  চাংসাৰি হাইস্কুল খেলপথাৰত অনুষ্ঠিত শৈক্ষিক অনুষ্ঠানটোত মুখ্যমন্ত্ৰী শৰ্মাই সমষ্টিৰ বিধায়ক হিচাপে প্ৰথমে শিক্ষাৰ্থীসকলৰ মংগল কামনাৰে অভিনন্দন জ্ঞাপন কৰি ইয়াৰ শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীসকলৰ উপকাৰ সাধন হোৱাকৈ কেতবোৰ যোগাত্মক বিশ্লেষণ আগবঢ়াই আৰু কয়– ছাত্ৰ-ছাত্ৰীসকলে এতিয়া প্ৰতিক্ষণত নতুন দিগন্তৰ অনুসন্ধানত থাকিব লাগে৷ প্ৰথম বিভাগৰ লক্ষ্য এতিয়া অতীত৷ তেওঁলোক সাধাৰণ হৈ অসাধাৰণ কাম কৰি সপোনৰ পম খেদি সফলতাৰ যাত্ৰাত খোজ দিলেহে পৰিৱৰ্তনৰ পৃথিৱীত  জীৱন সাৰ্থক হ’ব৷ শৈক্ষিক দিশৰ সমান্তৰালভাৱে ৰাজ্যৰ উন্নয়ন আৰু প্ৰগতিৰ যাত্ৰাৰ প্ৰসংগৰে মুখ্যমন্ত্ৰীজনে আৰু কয় যে, সাধুকথা যেন লগা বহু কথাই এতিয়া বাস্তৱ হ’বলৈ গৈ আছে৷ অসমৰ বিকাশত জালুকবাৰী সমষ্টি উন্নয়নৰ কেন্দ্ৰৰূপে অভিহিত হৈছে৷ ইয়াক কেন্দ্ৰ কৰি ৰাজ্যত সৰ্বত্ৰে বৈছে এতিয়া উন্নয়নৰ ধাৰা৷ এই প্ৰগতিৰ গতিত আগন্তুক ৫ বছৰৰ ভিতৰতে বাইহাটা চাৰিআলিলৈকে সম্প্ৰসাৰিত হ’ব গুৱাহাটী পৌৰ নিগমৰ পৰিসীমা৷ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং অহা বছৰত আৰু সমাগত ৩ বছৰত কুৰুৱা- নাৰেংগী সংযোগী দলং, শুৱালকুছি- পলাশবাৰী সংযোগী দলং মুকলি হোৱাৰ লগতে শৰাইঘাটৰ ওপৰত আন এখন দলং নিৰ্মাণৰ কথাও তেওঁ ব্যক্ত কৰে৷ একেদৰে চাংসাৰিত নিৰ্মিত এইমছত অহা বৰ্ষৰ পৰা ৰাজ্যবাসীয়ে স্বাস্থ্যসেৱা লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ লগে লগে উত্তৰ কামৰূপত সূচনা হ’ব নতুন অন্বেষণৰ৷ এনে প্ৰগতিৰ বাবে এতিয়া জালুকবাৰী সমষ্টিৰ শিক্ষিত নিৱনুৱা যুৱকে  তৃতীয় অথবা চতুৰ্থ বৰ্গৰ চাকৰি বিচৰাৰ সময় উকলি গৈছে৷ এই সময় তেওঁলোকে ইয়াৰ ওপৰৰ পদবী প্ৰাপ্তিতহে মনোনিৱেশ কৰাৰহে সময়৷ বৃহত্তৰ অঞ্চলবাসীয়ে এতিয়া অন্যক সংস্থাপন দিয়াৰ কথাহে ভাবিব লাগে৷ বাইহাটা চাৰিআলি, চাংসাৰি, বেজেৰা, শুৱালকুছিকে ধৰি জালুকবাৰী সমষ্টিৰ ১৯৭৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বদ্ধৰ্না জনোৱা সভাখনত মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্তয়ো শৈক্ষিক দিশত সবল বক্তব্য আগবঢ়ায়৷ আনহাতে অনুষ্ঠানত সম্বৰ্ধনা আৰু বৃত্তি প্ৰদানৰ কাৰ্যসূচী মুখ্যমন্ত্ৰীয়ে মুকলি কৰাৰ পাছৰ পৰ্যায়ৰ কাৰ্যসূচী আগবঢ়ায় প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালিকা তথা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ছাত্ৰ-ছাত্ৰী সকলৰ সপোন, আশাবোৰ সাৰ্থক হোৱাৰ কামনা কৰে৷ অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷