Logo
image

উত্তৰ-পূবৰ প্ৰথমটো থ্ৰীডি তাৰকাগৃহ নলবাৰীত

ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ : উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো থ্ৰীডি তাৰকাগৃহ নলবাৰীত মুকলি কৰা হ’ব৷ ৬ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব তাৰকাগৃহটো৷ একেলগে ৬০জন লোকে এই তাৰকাগৃহত দৰ্শন কৰিব পাৰিব সৌৰজগতৰ গ্ৰহ-উপগ্ৰহ৷ তাৰকাগৃহটো দৰ্শনৰ বাবে  টিকটৰ মূল্য ৫০ টকা ধাৰ্য কৰা হৈছে, ছাত্ৰ-ছাত্ৰীৰ বাবে টিকটৰ দাম ৩০ টকা৷ তাৰকাগৃহ মুকলি কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব নলবাৰীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ৷ উল্লেখ্য, ২০১২ চনৰ ২১ মে’ত কংগ্ৰেছ চৰকাৰৰ দিনতে সেই সময়ৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰকাগৃহটোৰ শিলান্যাস কৰিছিল৷ অসমীয়া ভাষাৰ লগতে ইংৰাজী ভাষাতো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে এই তাৰকাগৃহত৷ ইতিমধ্যে তাৰকাগৃহটোৰ উদ্বোধনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷ এনেধৰণৰ থ্ৰি ডি তাৰকাগৃহ দেশত পাঁচটা আছে৷ মাংগালোৰৰ স্বামী বিবেকানন্দ তাৰকাগৃহটো হৈছে দেশৰ প্ৰথমটো থ্ৰী ডি তাৰকাগৃহ৷ গুৱাহাটীত ১৯৯৪ চনত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো তাৰকাগৃহ মুকলি কৰা হৈছিল৷