Logo
image

হোৰাহোৰে বাঢ়িছে সোণৰ দাম

ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ : বিয়াৰ ভৰপুৰ বতৰত অবিশ্বাস্য হাৰত সোণৰ মূল্য বৃদ্ধি পোৱাত কন্যা দায়গ্ৰস্ত পিতৃ-মাতৃ আৰু আনকি দৰাৰ অভিভাৱকেও মুৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিগত এসপ্তাহত দেশৰ বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০০০ টকা বৃদ্ধি পাইছে৷ সপ্তাহৰ শেষত অৰ্থাৎ যোৱা তিনিটা দিনতে প্ৰতি ১০ গ্ৰাম সোণত ৯০০ টকা বৃদ্ধি পাইছে৷ সোণৰ লগত তাল মিলাই বাঢ়িছে ৰূপৰ দামো৷ প্ৰতি কিলোগ্ৰাম ৰূপত যোৱা এসপ্তাহত বৃদ্ধি পাইছে ২২০০ টকা৷ দেওবাৰে দেশৰ  বজাৰত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য হৈছে ৫৪,০৫০ টকা৷ কলকাতা আৰু গুৱাহাটীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত হৈছে ক্ৰমে ৫৪,৬০০ টকা আৰু  ৫৪,৭৫০ টকা৷ দেওবাৰে ২২  কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত কলকাতাৰ মূল্য ৫১,৫০০ টকা আৰু গুৱাহাটীৰ ৫১,৬৫০ টকালৈ বৃদ্ধি পাইছে৷ প্ৰসংগতঃ উল্লেখযোগ্য, ২৪ কেৰেট সোণেৰে গহনা তৈয়াৰ কৰিব নোৱাৰি, কেৱল মুদ্ৰা আৰু ‘বাৰ’ৰ আকৃতিতহে পোৱা যায়৷ গহনা বা অলংকাৰ তৈয়াৰ কৰিবলৈ হ’লে ২৪ কেৰেটৰ সোণ অন্য ধাতুৰ মিশ্ৰণেৰে কমেও ২২ কেৰেটৰ পৰ্যায়লৈ অৱনমিত কৰিবলগীয়া হয়৷ তদুপৰি অলংকাৰৰ ক্ষেত্ৰত নিৰ্মাণ ব্যয় মুদ্ৰা আৰু বাৰতকৈ অধিক হয়৷ সেয়ে একোজন গ্ৰাহকে অলংকাৰ ক্ৰয় কৰোতে নিৰ্ধাৰিত সোণৰ মূল্যতকৈ কেইবাশতাংশ অধিক মূল্য ভৰিব লাগে৷ তদুপৰি জি এছ টি ভৰিব লাহে ৫ শতাংশ৷

এতিয়া দেশত চৌদিশে বিয়াৰ বতৰ আৰু ভাৰতত প্ৰতিখন বিয়াতে সোণৰ অলংকাৰ ক্ৰয় কৰাটো অপৰিহাৰ্য৷ কোনো কোনো অভিভাৱকে হাতত ধন থাকিলে মূল্য কম হৈ থকাৰ সময়ত সুযোগ বুজি সোণ ক্ৰয় কৰি থয়৷ কিন্তু দেশৰ ৯০ শতাংশ বিয়াৰ ক্ষেত্ৰতে অভিভাৱকে বিয়াৰ কিছুদিন পূৰ্বেহে প্ৰয়োজনীয় সোণৰ অলংকাৰ ক্ৰয় কৰে৷ বিয়াৰ বাবে হাতলৈ ধন অহাৰ পাছত সোণৰ অলংকাৰ ক্ৰয় কৰিবলৈ ৰৈ থকা অভিভাৱকে বিগত এসপ্তাহত ভাৰতৰ বজাৰত সোণৰ ঊধবৰ্মুখী মূল্য দেখি মুৰে-কপালে হাত দিবলগীয়া হৈছে৷ মাথোঁ ৭  দিনত প্ৰতি ১০ গ্ৰাম সোণত ১০০০ টকা মূল্য বৃদ্ধি হোৱাত অভিভাৱকৰ বিয়াৰ বাজেট স্বাভাৱিকতে খেলিমেলি হৈ পৰিছে৷ কিয়নো কোনো অভিভাৱকেই বিয়াৰ বাবে সোণৰ দাম হ্ৰাস পালে অলংকাৰ ক্ৰয় কৰিবলৈ অপেক্ষা কৰিব নোৱাৰে৷ তদুপৰি বিগত ৭ দিনৰ দৰে দেশৰ  বিয়াৰ বতৰ অব্যাহত থকালৈ সোণৰ মূল্য অধিক বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে৷ এনে পৰিস্থিতিত বিবুধিত পৰিছে পুত্ৰ-কন্যাৰ বিবাহৰ বাবে সাজু হৈ থকা অভিভাৱক৷ 

সোণৰ মূল্য বৃদ্ধি পোৱাৰ বিভিন্ন কাৰক থাকে৷ ঘাইকৈ মুদ্ৰাস্ফীতি, বিশ্বৰ সোণৰ বজাৰত মূল্যৰ উত্থান, চৰকাৰে সোণৰ ভাণ্ডাৰ ধৰি ৰখা, অলংকাৰৰ বজাৰত চাহিদা বৃদ্ধি আৰু চৰকাৰে সূদৰ হাৰ হ্ৰাস কৰাৰ প্ৰৱণতা থাকিলে সোণৰ মূল্য বৃদ্ধি পায়৷ সম্প্ৰতি দেশত চলি থকা মুদ্ৰাস্ফীতি, চৰকাৰে সূদৰ হাৰ হ্ৰাস কৰাৰ সম্ভাৱনা আৰু অলংকাৰৰ বজাৰত ব্যাপক চাহিদাৰ বাবে ভাৰতত বিয়াৰ বতৰত সোণৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ সাধাৰণতে চাহিদা অধিক থাকিলেও যোগান অব্যাহত থকাৰ বাবে বিয়াৰ বতৰত ভাৰতত সোণৰ মূল্য বৃদ্ধি নাপায়৷ এইবাৰ তাৰ ব্যতিক্ৰম ঘটিছে মূলতঃ মুদ্ৰাস্ফীতি আৰু চৰকাৰৰ নিৰ্দেশত বেংক বা বিত্তীয় প্ৰতিষ্ঠানে গ্ৰাহকৰ জমা ধনৰ সূদৰ হাৰ হ্ৰাস কৰি থকা আৰু অধিক হ্ৰাস কৰাৰ আশংকা থকাৰ ফলত৷ সেয়ে সোণৰ ব্যাপক মূল্যবৃদ্ধিৰ আঁৰত কেন্দ্ৰীয় চৰকাৰৰ ভুল আৰ্থিক নীতিকে জগৰীয়া কৰিছে অৰ্থনীতিবিদে৷