Logo
image

ৰাজ্যত ডেংগু এমাহতে আক্ৰান্ত ১, ৬৫৭জন

ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ : ৰাজ্যত বৰ্তমানেও হ্ৰাস পোৱা নাই ডেংগুৰ সংহাৰ৷ পাহাৰীয়া কাৰ্বি আংলং জিলাৰ লগতে ৰাজ্যৰ ১২খন জিলাত এই পৰ্যন্ত ডেংগুৰ সংক্ৰমণ অব্যাহত আছে৷ স্বাস্থ্য বিভাগে ডেংগু প্ৰতিৰোধৰ বাবে বাস্তৱ কাৰ্য ব্যৱস্থা লোৱাত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিততেই  ডেংগুক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্যমতে শনিবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৪০জন লোক ডেংগুত আক্ৰান্ত হৈছে৷ পশ্চিম কাৰ্বি আংলং জিলাত সৰ্বাধিক ১৭জন লোক ডেংগুত আক্ৰান্ত হৈছে৷ আনহাতে, গুৱাহাটী মহানগৰীতো শনিবাৰে নতুনকৈ ৬জন লোক ডেংগুত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে৷ চৰকাৰী তথ্যমতে এই পৰ্যন্ত বাগ্‌সা, কাছাৰ, ডিব্ৰুগড়, তিনিচুকীয়া, মৰিগাঁও, লখিমপুৰ, কৰিমগঞ্জ , কামৰূপ, হোজাই আৰু গোলাঘাট জিলাত ডেংগুৰ পাৰ্দুভাৱ অব্যাহত আছে৷ বিগত নৱেম্বৰত অৰ্থাৎ এটা মাহতে অসমত সৰ্বাধিক ১, ৬৫৭জন লোক ডেংগুত আক্ৰান্ত হৈছে৷ তদুপৰি অনানুষ্ঠানিক তথ্য অনুসৰি বিগত এমাহত কুৰি জনৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে ঘাটক ডেংগুৱে৷ কাৰ্বিআংলং জিলাতেই সৰ্বাধিক হাজাৰজন লোক ডেংগুৰ চিকাৰ হৈছে৷ আশ্চৰ্যজনক বিষয়টো হৈছে, ডেংগুৰ ভয়াৱহতা অব্যাহত আছে যদিও স্বাস্থ্য বিভাগে আজি পৰ্যন্ত জনসাধাৰণৰ মাজত এডিছ ইজিপ্তা মহৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই৷ স্বাস্থ্য বিভাগে যদিহে ডেংগু প্ৰতিৰোধৰ বাবে তাৎক্ষণিক ব্যৱস্থা নলয়, তেনেহ’লে সমগ্ৰ ৰাজ্যতে কাৰ্বি পাহাৰ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰো আশংকা প্ৰকাশ কৰিছে চিকিৎসক বিশেষজ্ঞ সকলে৷