Logo
image

ৰেগিং বিধবস্ত ডিব্ৰুগড় বিঃ বিঃত নতুন শিক্ষাৰ্থীৰ বাবে পৃথক হোষ্টেল

ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়াৱহ ৰেগিং-কাণ্ডৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱাগত হোষ্টেল আবাসীসকলক পৃথককৈ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় প্ৰশাসনে৷ শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱালে এখন সংবাদমেল অনুষ্ঠিত কৰি  বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ স্বাৰ্থত বিশ্ববিদ্যালয় প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিব বুলি সদৰি কৰে৷ ভৱিষ্যতে যাতে ৰেগিং-কাণ্ড সংঘটিত হ’ব নোৱাৰে তাৰ বাবে নৱাগত ছাত্ৰসকলক পৃথককৈ ৰখাৰ ব্যৱস্থা কৰিব বিশ্ববিদ্যালয় কতৃৰ্পক্ষই৷ লগতে আনন্দ শৰ্মাৰ স্বাস্থ্যৰ প্ৰতিটো মুহূৰ্তৰ খবৰ বিশ্ববিদ্যালয় কতৃৰ্পক্ষই লৈ থকা বুলিও জানিবলৈ দিয়ে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কজনে৷ প্ৰতিটো ছাত্ৰাৱাসত চিচি টিভি স্থাপন কৰাৰ লগতে কঠোৰ নিৰীক্ষণৰ ব্যৱস্থাও গ্ৰহণ কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে৷ ইতিমধ্যে নিবিদা প্ৰক্ৰিয়াৰো আহ্বান জনোৱা বুলি তেওঁ উল্লেখ কৰিছে৷ সংবাদমেলত লগতে জানিবলৈ দিয়া মতে, উচ্ছস্তৰীয় কমিটীয়ে ৰেগিং-কাণ্ডক লৈ প্ৰতিবেদন দাখিল কৰা বাবে সময় নিৰ্ধাৰণ কৰি দিছিল যদিও অতিৰিক্ত সময় বিচাৰিছে তদন্ত সমিতিয়ে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা পাঁচজন অভিযুক্ত ছাত্ৰৰ সাক্ষ্য গ্ৰহণৰ বাবে উচ্ছস্তৰীয় কমিটীক অনুমতি দিয়া নাই ডিব্ৰুগড় আদালতে৷ সোমবাৰৰ ভিতৰত আদালতে অনুমতি দিয়াৰ সম্ভাৱনা আছে বুলি জনাই পঞ্জীয়কজনে৷ ইফালে বৰ্তমানেও আধৰুৱা হৈ আছে উচ্ছস্তৰীয় কমিটীৰ তদন্ত প্ৰক্ৰিয়া৷ সমান্তৰালভাৱে এণ্টি ৰেগিং কমিটীয়েও অব্যাহত ৰাখিছে তদন্ত৷ ইফালে, ক্ৰমাৎ সুস্থ হৈছে আনন্দ শৰ্মা৷ চিকিৎসকৰ সহযোগত বিছনাত বহিব পাৰিছে আনন্দ শৰ্মাই৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়াৱহ ৰেগিং কাণ্ডৰ পাছৰ পৰাই ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিংহোমত জীৱন মৰণৰ সৈতে যুঁজিছিল আনন্দ শৰ্মাই৷ বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিংহোমত তিনি ঘণ্টা জোৰা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল আনন্দ শৰ্মাৰ৷ ৰাজহাড়ত হোৱা অস্ত্ৰোপচাৰৰ পাছতেই ক্ৰমাৎ সুস্থ হৈ উঠিছে আনন্দ শৰ্মা৷