Logo
image

অগপৰে বন্ধুত্ব অধিক গাঢ় কৰাৰ পোষকতা বাজপেয়ী ভৱনৰ

ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ :  মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি লোকসভাৰ আগন্তুক নিৰ্বাচনত অগপ দলক এখন আসন এৰি দিব বিচাৰিছে বিজেপি দলে৷ অৱশ্যে বিজয় নিশ্চিত আসনহে অগপক দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে৷ কিন্তু আজিৰ তাৰিখত বিজয় নিশ্চিত কোনটো লোকসভা সমষ্টি বিজেপিয়ে মিত্ৰদল অগপক এৰি দিব? এই ক্ষেত্ৰত অগপৰ নিজস্ব পছন্দ অপদলক বিজেপিয়ে গুৰুত্ব দিব নে? উল্লেখ্য যে ৰাজনৈতিক পৰ্যব্যক্ষকৰ মতে নিজৰ সুৰক্ষিত ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত বিজেপিয়ে অগপৰ দৰে শক্তিশালী আঞ্চলিক ৰাজনৈতিক  শক্তিক নিজৰ লগত থকাটো বিচাৰে৷ ইয়াৰ অন্তৰালত বিজেপিৰ দীঘলীয়া ৰাজনৈতিক সমীকৰণ আছে৷ যাৰ বাবে বিজেপিয়ে কোনো কাৰণতে অগপক অসন্তুষ্ট কৰিব নিবিচাৰে৷ লোকসভাৰ বিগত নিৰ্বাচনত বিজেপি দলে অগপক তিনিটা সমষ্টি ক্ৰমে কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী সমষ্টি এৰি দিছিলে৷ তিনিওটা সমষ্টিকে অগপ দলে পৰাজিত হ’বলগীয়া হয়৷ অৱশ্যে বৰপেটা আৰু ধুবুৰীৰ দৰে সমষ্টি দুটা এৰি দিয়াৰ বাবে অগপৰ তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীৰ মাজত তীব্ৰ ক্ষোভ আৰু অসন্তোষৰ সৃষ্টি হৈছিল৷ বিজেপিয়ে জানি শুনিয়ে এই সমষ্টি দুটা অগপক এৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছিল৷ কিন্তু এইবাৰ জয় নিশ্চিত সমষ্টিহে অগপক দিয়া হ’ব বুলি ঘোষণা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই৷ উল্লেখ্য যে বিজেপিয়ে এইবাৰ অসমত মিছন ১২+ গ্ৰহণ কৰিছে৷ এই লক্ষ্যত উপনীত হ’বলৈ বিজেপিক অতিকমেও ৩টা সমষ্টিৰ নতুনকৈ প্ৰয়োজন হ’ব বৰ্তমানৰ ৯খন আসনৰ উপৰিও৷ বৰ্তমান বিজেপিৰ দখলত থকা ৯ খন আসনতো পুনৰ বিজয় নিশ্চিত হ’ব লাগিব মিছন ১২+ ৰ লক্ষ্যত উপনীত হ’বলৈ৷ যাৰ বাবে অগপক এৰি দিবলগীয়া আসনখনৰ সৈতে জড়িত আছে বহু ৰাজনৈতিক সমীকৰণ৷ উল্লেখ্য যে বিজেপিয়ে এখনহে আসন অগপক এৰি দিবলৈ সাজু হোৱাৰ বিপৰীতে অগপ দলে অতি কমেও ২ খন আসন বিচাৰিছে মিত্ৰদলৰ পৰা৷ বৰ্তমান নিজৰ দখলত থকা কৰিমগঞ্জ, শিলচৰ, ডিফু, গুৱাহাটী, মঙলদৈ, তেজপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু লক্ষীমপুৰ লোকসভা সমষ্টিৰ উপৰিও কলিয়াবৰ, নগাঁও আৰু বৰপেটা সমষ্টিও ১২+ ৰ ভিতৰত ধৰিছে বিজেপিয়ে৷ কিন্তু বৰ্তমানে নিজৰ দখলত থকা সমষ্টি মিত্ৰদল অগপক এৰি দিবনে বিজেপিয়ে৷ যদি নিজৰ দখলত থকা সমষ্টি এৰি নিদিয়ে তেন্তে বিজয় নিশ্চিত কোনটো সমষ্টি অগপক এৰি দিব? ইয়াকে লৈ আমবাৰীত একাংশ ব্যস্ত হৈ পৰিছে আউল লগা সমীকৰণ মিলোৱাত৷ অসম আন্দোলন, অসম চুক্তি আদিৰ দৰে পৰিঘটনাৰ ফলশ্ৰুতিত জন্ম লাভ কৰা অগপক লৈ আজিও অসমৰ বৃহৎ সংখ্যক লোক যথেষ্ট আবেগিক৷ হাজাৰটা ৰাজনৈতিক ভুলৰ পিছতো অগপক আকোৱালি লৈ আছে এই সকল লোকে৷ ৰাজ্যৰ বহু সমষ্টিত আজিও অগপৰ যথেষ্ট শক্তিশালী ভোটবেংক আছে৷ যাৰ বাবে বাজপেয়ী ভবনে কোনো কাৰণতে হেৰুৱাব নিবিচাৰে অগপৰ এই শক্তিশালী ভোট বেংকক৷ মিছন ১২+ ৰ বৈতৰণী হ’বলৈ যে এই ভোট বেংকৰ প্ৰয়োজন আছে সেই কথা বাজপেয়ী ভবন ইতিমধ্যে নিশ্চিত হৈছে৷