Logo
image

এনকাউণ্টাৰ-শংকিত ৰাহুলৰ আত্মসমৰ্পণ

নিচেই পুৱা লেখাপানী থানাত হাজিৰ ‘সন্ধানহীন’ ছাত্ৰনেতা
‘ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ: অৱশেষত আত্মসমৰ্পণৰ পথকে বাছি ল’লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত ৰাহুল ছেত্ৰীয়ে৷ ২৭ নৱেম্বৰৰ পলাতক হৈ থকা ৰাহুল ছেত্ৰীয়ে সোমবাৰে পুৱাই তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে৷ ইয়াৰ পাছতে আজি ডিব্ৰুগড় আৰক্ষীয়ে ৰাহুলক গ্ৰেপ্তাৰ কৰে৷ লেখাপানীতে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় সদৰ থানালৈ হেণ্ডকাপ লগাই চোঁচৰাই আনিলে অভিযুক্ত ৰাহুল ছেত্ৰীক৷ সদৰ থানাত প্ৰায় ডেৰঘণ্টা  চলোৱা সোধপোছৰ অন্ততঃ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছতে ডিব্ৰুগড় আদালতত হাজিৰ কৰোৱা হয়৷ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক ডিব্ৰুগড় আদালতে পাঁচদিনৰ বাবে ডিব্ৰুগড় আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে৷ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে অভিযুক্ত ৰাহুল ছেত্ৰীকে ধৰি আন পাঁচজন ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ ভুক্তভোগী ছাত্ৰজনৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দিয়া এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে ৭২৯/২২ নম্বৰৰ গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ ১২০(বি)/৩৪১/৩৯৫/৩০৭/১৪৩ ধাৰা পঞ্জীয়ন কৰিছে৷ এইপৰ্যন্ত ৰেগিং কাণ্ডত জড়িত ৭জনক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে৷ বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূ-তত্ত্ব বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ দিব্যজ্যোতি গগৈ, ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ  শুভ্ৰজিত বৰুৱা, শাৰীৰিক শিক্ষা আৰু অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ নিৰঞ্জন ঠাকুৰ আৰু বুৰঞ্জী বিভাগৰ ছাত্ৰ কল্যাণ দত্ত, অৰ্থনীতি বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ সীমান্ত হাজৰিকা, ৰসায়ন বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ প্ৰাণজিত বৰুৱা আৰু আজি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীক গ্ৰেপ্তাৰ কৰিছে৷ ইফালে আত্মসমৰ্পণৰ পূৰ্বে অভিযুক্ত ৰাহুল ছেত্ৰীয়ে সংবাদ মাধ্যমৰ নিজকে নিৰ্দোষী বুলি দাবী কৰিছে৷ ষড়যন্ত্ৰমূলক তেওঁক ৰেগিঙৰ ঘটনাত সাঙুৰাৰ কথা প্ৰকাশ কৰিছে৷ তদুপৰি, আৰক্ষীৰ ভুৱা এনকাউণ্টৰৰ ভয়তহে আত্মগোপন কৰা বুলি মন্তব্য কৰি কয়, মই নিজেই আইনৰ ছাত্ৰ৷ আইনৰ ছাত্ৰ হিচাপে আইনক বিশ্বাস কৰোঁ৷ আইনে নিশ্চয় মোক ন্যায় প্ৰদান কৰিব৷ অন্যহাতে, পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ ৰেগিঙৰ ঘটনাত কোনোপধ্যে জড়িত নহয় বুলি প্ৰকাশ কৰিছে৷ ৰাহুলে লগতে এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত আৰক্ষীক সহযোগিতা আগবঢ়োৱাৰ কথাও ক’লে অভিযুক্ত ৰাহুল ছেত্ৰীয়ে৷ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি দাবী কৰি ৰাহুল ছেত্ৰীয়ে আৰক্ষীয়ে নিৰপেক্ষ তদন্ত কৰিলেই সকলো ওলাই পৰিব বুলি প্ৰকাশ কৰে৷ অন্যহাতে, অভিযুক্ত ৰাহুল ছেত্ৰীক গ্ৰেপ্তাৰৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আনন্দ শৰ্মাই৷ ২৬ নৱেম্বৰৰ নিশা ৰেগিঙৰ সময়ত আনন্দ শৰ্মাক প্ৰথম চৰটোৱেই দিছিল ৰাহুল ছেত্ৰীয়ে৷ বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ পৰা ছাত্ৰাৱাসলৈ অহাৰ সময়তে ৰেগিঙৰ নামত শাৰীৰিক নিৰ্যাতন চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ইফালে অভিযুক্ত ৰাহুল ছেত্ৰীয়ে আজি আত্মসমৰ্পণ কৰি নিজকে আত্মপক্ষৰ সৰ্মথনত লিখিতভাৱে আৰু সংবাদ মাধ্যমৰ জৰিয়তে নিজকে দোষমুক্ত বুলি ঘোষণা কৰিলেও আনন্দ শৰ্মাৰ বিস্ফোৰক অভিযোগৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ আনহাতে, ভৱিষ্যতে যাতে ৰেগিঙৰ ঘটনা সংঘটিত নহয় তাৰ বাবে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে৷ উল্লেখ্য যে, ২৬ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ ‘চি’ ব্লকত একাংশ বিশ্ববিদ্যালয়ৰ ছুপাৰ ছিনিয়ৰৰ ৰেগিঙৰ বলি হৈছিল বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মা৷ আনকি ছুপাৰ ছিনিয়ৰৰ আক্ৰমণৰ পৰা আত্মৰক্ষাৰ বাবে জঁপিয়াই দি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আনন্দ৷ আনকি সেইদিনা জ্যোতিষ কুমাৰ কলিতা আৰু উজ্জ্বল কুমাৰ কলিতা নামৰ আন দুজন ছাত্ৰকো নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল৷ অভিযোগ অনুসৰি, ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মাক বিগত চাৰিমাহৰ পৰাই ৰেগিঙৰ নামত নিৰ্যাতন চলাই আছিল ছুপাৰ ছিনিয়ৰে৷ এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ পি এন জি বি ছাত্ৰাৱাসৰ ৱাৰ্ডেন দিব্যজ্যোতি দত্তক অভিযোগ দিয়াৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ নিৰ্যাতিত ছাত্ৰজনে অভিযোগ কৰা মতে, ৰেগিং সন্দৰ্ভত ছাত্ৰাৱাসৰ ৱাৰ্ডেনজনক অভিযোগ দিয়াৰ বাবে সেইদিনা নিশা শাৰীৰিক নিৰ্যাতন চলাইছিল আনন্দ শৰ্মাক৷ আনন্দৰ মোবাইল কাঢ়ি ওৰেনিশা প্ৰহাৰ কৰিছিল ছুপাৰ ছিনিয়ৰে৷ যাৰ বাবে ছাত্ৰজনৰ কঁকাল, হাত, ভৰি আদিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে নাৰ্ভতো আঘাত পাইছে৷ ইফালে জ্যেষ্ঠ ছাত্ৰৰ অমানুষিক অত্যাচাৰ সহিব নোৱাৰি দুমহলীয়া অট্ৰালিকাৰ পৰা জঁপিয়াই আত্মৰক্ষাৰ চেষ্টা চলাইছিল ছাত্ৰজনে৷ ইয়াৰ পাছতে সেইকেইজন ছাত্ৰই ব্যক্তিগত বাহনত ভৰ্তি কৰাইছিল আদিত্য নাৰ্ছিং হোমত৷ ভয় আৰু শংকাত ভীতিগ্ৰস্ত হৈ থকা ছাত্ৰজনে অভিভাৱকক বাথৰূমত পৰি আঘাতপ্ৰাপ্ত হোৱাৰ কথা প্ৰকাশ কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয় কতৃৰ্পক্ষই সোধা-পোছা কৰাৰ অন্ততঃ জ্যেষ্ঠ ছাত্ৰৰ পৰা আত্মৰক্ষা কৰিবলৈ জঁপিয়াই দিয়াৰ বাবেহে আঘাতপ্ৰাপ্ত হৈছিল৷ ইফালে এই সমগ্ৰ ঘটনাটোত ছাত্ৰাৱাসটোৰ ৱাৰ্ডেনজনৰ ওপৰত সন্দেহৰ আঙুলি উঠিছে৷ ৱাৰ্ডেনৰ অনুমতি নোলোৱাকৈ প্ৰাক্তন ছাত্ৰৰ প্ৰৱেশৰ কোনে অনুমতি দিছিল আৰু দীৰ্ঘদিনৰ চলি অহা ৰেগিং সন্দৰ্ভত অভিযোগ দিয়াৰ বিষয়টো জ্যেষ্ঠ ছাত্ৰক কোনে জনাইছিল সেই লৈ সন্দেহৰ সৃষ্টি হৈছে৷ অৱশ্যে ৱাৰ্ডেনজনৰ বিৰুদ্ধে এইপৰ্যন্ত কোনো ব্যৱস্থা কৰা নাই বিশ্ববিদ্যালয় কতৃৰ্পক্ষই৷ ইফালে এই ঘটনাত অভিযুক্ত ১৮জন ছাত্ৰৰ বিৰুদ্ধে গ্ৰহণ কৰিছে শাস্তিমূলক ব্যৱস্থা৷ জীৱ বিজ্ঞান বিভাগৰ ছাত্ৰ গালৱ ডেকা, পৰিসংখ্যা বিজ্ঞান বিভাগৰ তৃতীয় বিভাগৰ ছাত্ৰ নিৰঞ্জন যাদৱ, বুৰঞ্জী বিভাগৰ কল্যাণ দত্ত,  অৰ্থনীতি বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ সীমান্ত হাজৰিকা,  ৰসায়ন বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ প্ৰাণজিত বৰুৱা,  পৰিসংখ্যা বিজ্ঞান বিভাগৰ ছাত্ৰ চন্দন জ্যোতি বড়া সোণোৱাল, পৰিকলন বিজ্ঞান আৰু প্ৰযোগ কেন্দ্ৰৰ ছাত্ৰ শিৱম শ্ৰোফ,  তাই ভাষাৰ দুবছৰীয়া পাঠ্যক্ৰম, ভাষা অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ পুচাং থাম বৰুৱা,  শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ পল্লৱ বড়া,  পৰিকলন বিজ্ঞান আৰু প্ৰযোগ কেন্দ্ৰৰ ছাত্ৰ চিত্ৰবন বৰুৱা,  ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰ নাৰায়ণ অধিকাৰী,  মনোবিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ নয়নজিত ঠেকান,  নৃতত্ত্ব বিভাগৰ ছাত্ৰ মনোনয়ন দাস, তৃতীয় ষান্মাসিক, প্ৰায়োগিক ভূ-তত্ত্ব বিজ্ঞান বিভাগৰ ছাত্ৰ মৌচুম ফুকন, ভূগোল অধ্যয়ন কেন্দ্ৰৰ বিশাল ডেকা,  পৰিসংখ্যা বিজ্ঞান বিভাগৰ ছাত্ৰ দেৱাশিস বিশ্বাস,  ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ অমৰ জ্যোতি নাথ,  প্ৰায়োগিক ভূ-তত্ত্ব বিজ্ঞান বিভাগৰ ছাত্ৰ নৱদীপ শৰ্মাৰ শ্ৰেণীত প্ৰৱেশত বাৰণ কৰাৰ উপৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসৰ পৰা বহিষ্কাৰ কৰিছে৷ ইফালে বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰাহুল ছেত্ৰী, দিব্যজ্যোতি গগৈ, শুভ্ৰজিত বৰুৱা, নিৰঞ্জন ঠাকুৰ, কল্যাণ দত্তক বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱেশ নিষিদ্ধ কৰিছে৷ আনহাতে, নিৰঞ্জন ঠাকুৰ, সীমান্ত হাজৰিকা, প্ৰাণজিত বৰুৱা, কমল কৃষ্ণ কাকতিক বিশ্ববিদ্যালয়ৰ অনাগত পৰীক্ষাত বহাৰ পৰা বাৰণ কৰিছে বিশ্ববিদ্যালয়ৰ ৰেগিং বিৰোধী কমিটীয়ে৷ একেদৰে বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসত সংঘটিত ৰেগিঙৰ ঘটনাত জড়িত আন চাৰি অভিযুক্তৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ শাস্তিমূলক ব্যৱস্থা৷  বিশ্ববিদ্যালয়খনৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিৱাসত সংঘটিত জঘন্য ৰেগিং কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ প্ৰমাণিত হোৱাৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগুলেছন্‌ছ ফ’ৰ প্ৰহিবিটিং ৰেগিং এণ্ড এণ্টি ৰেগিং মেইজাৰ্ছৰ ক্লজ নম্বৰ ৭(ix) অনুসৰি আৰু ৪জন ছাত্ৰক বহিষ্কাৰ কৰা হয়৷  ছাত্ৰকেইজনক ততালিকে প্ৰযোজ্য হোৱাকৈ বিশ্ববিদ্যালয়খনৰ পৰা বহিষ্কাৰ কৰাৰ লগতে ভাৰতৰ সকলো শিক্ষানুষ্ঠানত তিনি বছৰলৈকে অধ্যয়ন কৰিব নোৱৰাকৈ পদক্ষেপ গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই৷ তদুপৰি, বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ তৰফৰ পৰা প্ৰতিখন বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰিছে বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা জাননী৷ এণ্টি ৰেগিং কমিটীয়ে বহিস্কৃত কৰা চাৰি ছাত্ৰৰ ভিতৰত ক্ৰমে জীৱ বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ গালৱ ডেকা, গণিত বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ কমলেশ্বৰ চুতীয়া, প্ৰায়োগিক ভূ-তত্ত্ব বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ মৌচুম ফুকন আৰু ভাষা অধ্যয়ন কেন্দ্ৰৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ চাও পুচেং খাম বৰুৱা৷ 

উজ্জ্বল অংকুৰ বৰুৱাৰ বিৰুদ্ধে দৰদ বিশ্ববিদ্যালয় প্ৰশাসন
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসত সংঘটিত ভয়ংকৰ ৰেগিং কাণ্ডৰ অভিযুক্ত প্ৰাক্তন ছাত্ৰ ৰাহুল ছেত্ৰীৰ সমান্তৰালভাৱে অভিযুক্ত আছিল বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰুৱা৷ ইতিপূৰ্বে ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাই সংবাদ মাধ্যমৰ লগতে জিলা উপায়ুক্তৰ সন্মুখতে উজ্জ্বল অংকুৰ বৰুৱাৰ নাম লৈছিল৷ কিন্তু ইয়াৰ পাছতো বিশ্ববিদ্যালয় কতৃৰ্পক্ষই আন ছাত্ৰসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা শাস্তিমূলক ব্যৱস্থাৰ দৰে উজ্জ্বল অংকুৰ বৰাৰ ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰিছে৷ ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জিতেন হাজৰিকাই স্পষ্টভাৱে কৈছিল যে, যদিহে উজ্জ্বল অংকুৰ বৰা ৰেগিঙৰ ঘটনাত জড়িত থকাৰ প্ৰমাণ লাভ কৰে তেনেহ’লে সাধাৰণ সম্পাদকৰ পদটোৰ উপৰিও বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰাই বাহিৰ হ’ব লাগিব৷ আশ্চৰ্যজনক কথাটো হ’ল স্বয়ং ভুক্তভোগী ছাত্ৰজনে উজ্জ্বলৰ বিৰুদ্ধে অভিযোগ অনাৰ পাছতো বিশ্ববিদ্যালয় কতৃৰ্পক্ষই কিহৰ তথ্য-প্ৰমাণ বিচাৰিবলগীয়া হৈছে সেয়াহে ৰহস্যজনক৷ অভিযোগ অনুসৰি উজ্জ্বল অংকুৰ বৰা বিজেপিৰ ভাতৃ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতা হোৱাৰ বাবেই শাস্তিমূলক ব্যৱস্থা গ্ৰহণত সাহস গোটাব পৰা নাই বিশ্ববিদ্যালয় কতৃৰ্পক্ষই৷ আনফালে, পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ ‘চি’ ব্লকৰ ৱাৰ্ডেন দিব্যজ্যোতি দত্তৰ প্ৰতিও দৰদ ভূমিকা লৈছে বিশ্ববিদ্যালয় প্ৰশাসনে৷ বিশেষকৈ দিল্লীৰ পৰা অহা এটা বিশেষ ফোনকলৰ পাছতে উদাসীন ৱাৰ্ডেনজনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ এখোজ আগবাঢ়ি আহি পিছুৱাবলগীয়া হ’ল বিশ্ববিদ্যালয় প্ৰশাসন৷ যাৰ বাবে এতিয়া সমগ্ৰ ব্যৱস্থাটোক লৈ সন্দেহ উপজিছে সচেতন ৰাইজৰ৷ 

দোষীয়ে শাস্তি পাবঃ ডি আই জি জিৎমল দলে
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ তদন্তৰ বুজ ল’বলৈ ডিব্ৰুগড়ত আজি উপস্থিত হয় উজনি অসমৰ আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলে৷ ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈ আৰক্ষী মহাপৰিদৰ্শকজনে তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতিৰো বুজ লয়৷ সংবাদ মাধ্যমৰ আগত কয় যে, ৰেগিঙৰ ঘটনাত জড়িত কোনো দোষীয়ে সাৰি যাব নোৱাৰিব৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰুৱা জড়িত হৈ থকাৰ তথ্য প্ৰমাণ লাভ কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলেয়ে৷

ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে ৰাহুল চেত্ৰী/ ছাত্ৰ মুক্তি
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত ৰাহুল চেত্ৰীয়ে তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰাৰ পাছতে তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি অভিযোগ তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ যোৰহাটত ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সভাপতি মানস কোঁৱৰে সংবাদ মাধ্যমক কয় যে ৰাহুল চেত্ৰীয়ে আত্মসমৰ্পণ কৰা নাই, আত্মপ্ৰকাশ কৰিছে৷ যিহেতু ৰাইজে বিচাৰিছে ৰাহুল চেত্ৰীয়ে আত্মপ্ৰকাশ কৰক আৰু সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত সহায় কৰক৷ আৰু তদন্তৰ সহায় কৰিবৰ বাবেহে ৰাহুল চেত্ৰীয়ে আত্মপ্ৰকাশ কৰিছে৷ তদুপৰি ৰাহুল চেত্ৰী গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে৷ তেওঁ কয়, “আমি কোৱা নাই যে তেওঁ নিৰ্দোষী৷ দোষী-নিৰ্দোষীৰ বিচাৰ কৰিবৰ বাবে আইন আদালত আছে৷ পুলিচে তদন্ত কৰিব৷ এই তদন্তত ৰাহুল চেত্ৰীয়ে সহায়-সহযোগ কৰিব৷ মাত্ৰ তেওঁ আইনী সুবিধাৰ বাবেবে আত্মগোপন কৰি আছিল৷ কিন্তু তদন্তৰ পূৰ্বে, আদালতত বিচাৰ হোৱাৰ পূৰ্বে যাতে ৰাহুল চেত্ৰীক ভিলেইন সজায় থকা নহয়৷ তথাকথিত কিছুমান জাতীয়তাবাদী সংগঠনৰ ৰাজনৈতিক হেঁচাত ৰাহুল চেত্ৰী আজি ভিলেইন হ’বলৈ গৈ আছে৷ এটা সংগঠনৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে এই সমগ্ৰ ঘটনা সংঘটিত হৈছে৷ আৰু আনন্দ শৰ্মাও ভুক্তভোগী হৈছে৷ আমি আনন্দ শৰ্মাৰ আশুআৰোগ্য কামনা কৰিছোঁ৷ আমি বিচাৰো তদন্ত প্ৰক্ৰিয়া নিয়াৰিকৈ হওক৷ আৰু যাতে ৰাহুল চেত্ৰী এনকাউণ্টাৰৰ বলি নহয়৷ সেই কথাত সকলোৱে দৃষ্টি ৰাখিব লাগিব৷” ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনোত্তৰ হিংসাৰ পৰিণতি এই ঘটনাৱলী৷ আৰক্ষীৰ তদন্তৰ পাছত ন্যায়ালয়ে দোষী কোন, নিৰ্দোষী কোন সেয়া বিচাৰ কৰিব৷ তাৰ পূৰ্বেই ৰাহুল চেত্ৰীক ভিলেইন সজোৱা হৈছে৷ এটা ছাত্ৰ সংগঠনৰ একাংশ বৃদ্ধ নেতাই বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহ পৈতৃক সম্পত্তিৰ দৰে বুলি ভাবি বহি আছে বুলিও তেওঁ অভিযোগ কৰে৷ সেই বৃদ্ধ ছাত্ৰ নেতাসকলৰ নিৰ্দেশতেই ৰাহুল চেত্ৰীৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ চলিছে বুলিও তেওঁ অভিযোগ কৰে৷ এইজন ছাত্ৰ নেতাই চৰকাৰৰ এনকাউণ্টাৰৰ সন্মুখীন নহয়, তাৰ প্ৰতি সকলো পক্ষকে চকু ৰাখিবলৈ আহ্বান জনায়৷ আনহাতে জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সভাপতি লক্ষ্যজ্যোতি গগৈয়ে কয় যে ৰেগিং কাণ্ডৰ দোষী কোন সেয়া ন্যায়ালয়ে বিচাৰ কৰিব৷ এই ঘটনাত তৃতীয় পক্ষ জড়িত থকা বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰে৷ তেওঁ কয় যে ডিব্ৰুগৰ বিশ্ববিদ্যালয়ত ১৫ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হয়৷ ইয়াৰ পাছতে আছুৰ দখলত থকা বিশ্ববিদ্যালয়খনৰ মফিজুদ্দিন হোষ্টেলৰ একাংশ জ্যেষ্ঠ আৱাসীয়ে কেইজনমান কনিষ্ঠ ছাত্ৰক নিৰ্মমভাৱে মাৰপিট কৰে৷ এজন নিৰাপত্তাৰক্ষীয়ে এই ঘটনা প্ৰত্যক্ষ কৰি বাধা দিবলৈ চেষ্টা কৰাত তেওঁকো নিৰ্মমভাৱে প্ৰহাৰ কৰে৷ সেয়ে ১৭ নৱেম্বৰত ছাত্ৰাবাসটোৰ আছুৰ ৫ বৃদ্ধ নেতাক এজন যুৱকক মাৰপিট কৰাৰ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল৷ সেই দিনা নিশালৈ আনন্দ শৰ্মাই হোৱাট্‌চএপত ১০ জন ছাত্ৰৰ নাম লিখি ৰেগিঙৰ অভিযোগ আনিছিল৷ তেওঁ কয়, “এনে কি পৰিস্থিতি হ’ল যে যিদিনা পাঁচজন ছাত্ৰক উলিয়াই দিয়া হ’ল সেইদিনাই আনন্দ শৰ্মাই দহ জন ছাত্ৰই ৰেগিং কৰিছে বুলি হোৱাটছএপত অভিযোগ দিব লগা হ’ল? এই সমগ্ৰ কথাসমূহৰ তদন্ত হোৱা উচিত৷ যিহেতু আনন্দ শৰ্মা চি কে বি কমাৰ্চ কলেজৰ আছুৰ এজন সদস্য আছিল৷ আৰু সমগ্ৰ ঘটনাটোক এটা বেলেগ ৰূপ দিবৰ বাবে আছুয়ে তেওঁক ব্যৱহাৰ কৰিব পাৰে৷ গতিকে আমি চৰকাৰ, ন্যায়ালয়, আৰক্ষীক আহ৩ান জনাইছো যাতে সমগ্ৰ প্ৰক্ৰিয়াতো সুস্থিৰ বাবে আগবঢ়াই লৈ যাওক৷ ৰাহুল চেত্ৰীৰ ঘটনাটো আৰক্ষীয়ে সম্পূৰ্ণকৈ ন্যায়ালয়ক এৰি দিয়ক আৰু কোনো যাতে এনকাউণ্টাৰ নকৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ৷”

যোৰহাটৰ জেবি কলেজত ৰেগিং, তদন্ত কমিটীৰ সাক্ষ্য গ্ৰহণ
যোৰহাটৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয় (স্বতন্ত্ৰ)-ৰ চৈয়দ আব্দুল মালিক ছাত্ৰাৱাসত সংঘটিত ৰেগিং কাণ্ড সন্দৰ্ভত আজি তদন্ত সমিতিয়ে বিভিন্ন পক্ষৰ সাক্ষ্য গ্ৰহণ কৰে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড॰ উৎপল জ্যোতি মহন্তই প্ৰকাশ কৰা মতে, সমিতিখনে অভিযোগকাৰী ছাত্ৰজনৰ লগতে অভিযুক্ত ৯জন ছাত্ৰ আৰু দুজন সাক্ষীৰ আজি সাক্ষ্য গ্ৰহণ কৰা হয়৷ তদুপৰি, ছাত্ৰাৱাসটোৰ ৱাৰ্ডেনৰো সাক্ষ্য গ্ৰহণ কৰা হয়৷ এই ৰেগিং কাণ্ডত অধিক ছাত্ৰৰ নাম জড়িত হৈ পৰা বুলিও অধ্যক্ষজনে সদৰী কৰে৷ সাক্ষ্য গ্ৰহণ কৰাৰ সময়ত কেইজনমান ছাত্ৰৰ লগতে প্ৰাক্তন ছাত্ৰৰ নাম উচ্ছাৰিত হোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে সেইসকল ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰৰো সাক্ষ্য গ্ৰহণ কৰা হ’ব৷ ইয়াৰ পাছতহে সিদ্ধান্তত উপনীত হ’ব পৰা যাব৷ এই সাক্ষ্যসমূহ পৰীক্ষা কৰাৰ অন্তত সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু যদি ৰেগিঙৰ সত্যতা প্ৰমাণিত হয় তেন্তে বিধি অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ইফালে ছাত্ৰাৱাসটোত ৰেগিঙৰ অভিযোগ তোলা প্ৰণৱজ্যোতি চেতিয়াই সাংবাদিকক কয় যে প্ৰশাসনিক বিষয়া আৰু কলেজ কতৃৰ্পক্ষৰ উপস্থিতিত পৃথকে পৃথকে সাক্ষ্য লোৱা হয়৷ তেওঁ ন্যায় পাব বুলি আশা প্ৰকাশ কৰে৷ উল্লেখ্য, এই বছৰ তেওঁ মহাবিদ্যালয়খনত নামভৰ্তি কৰিছিল আৰু ছাত্ৰাৱাসটোৰ আৱাসী হৈছিল৷ কিন্তু একাংশ জ্যেষ্ঠ আৱাসীৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ তেওঁ ছাত্ৰাৱাস ত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি অভিযোগ উঠিছে৷ এই সন্দৰ্ভত ছাত্ৰজনে মহাবিদ্যালয়ৰ কতৃৰ্পক্ষক অভিযোগ দাখিল কৰিছিল যদিও এদিন পাছতে অভিযোগ প্ৰত্যাহাৰ কৰে৷ কিন্তু শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড পোহৰলৈ অহাৰ পাছতে তেওঁ সামাজিক মাধ্যমত ৰেগিঙৰ বিষয়ে ৰাজহুৱা কৰে আৰু বিভিন্ন কাৰণত তেওঁ অভিযোগ প্ৰত্যাহাৰ কৰিবলগীয়া হৈছিল বুলি প্ৰকাশ কৰে৷ তেওঁ অভিযোগ কৰা মতে, তিনিজন ছাত্ৰই তেওঁক ভাবুকি প্ৰদান কৰিছিল৷ ইয়াৰ পাছতে তেওঁ মহাবিদ্যালয় কতৃৰ্পক্ষক লিখিত অভিযোগ দাখিল কৰে৷ সেই মৰ্মে মহাবিদ্যালয় কতৃৰ্পক্ষই বিষয়টো আলোচনা কৰি এখন তদন্ত সমিতি গঠন কৰাৰ উপৰিও এই সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰে৷