Logo
image

‘উচ্ছেদিত’ মাদ্ৰাছাত আদৰ্শ বিদ্যালয়! মুখ্যমন্ত্ৰীৰ পৰিদৰ্শন

‘ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ: বিভিন্ন কাৰ্যসূচী লৈ বঙাইগাওঁ জিলাত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিয়লি যোগীঘোপাৰ কাবাইটাৰী লৈ আহে৷ প্ৰশাসনৰ দ্বাৰা উচ্ছেদিত যোগীঘোপাৰ কাবাইটাৰীৰ মা-আৰিফ ক্বাৰিয়ানা মাদ্ৰাছাত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে মাদ্ৰাছা পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজৰ সৈতে এক আলোচনাত মিলিত হয়৷ মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী ৰঞ্জিত দাস, বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভুষণ চৌধুৰী, অভয়াপুৰী দক্ষিণ সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰ আৰু অভয়াপুৰী উত্তৰ সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰ৷  উল্লেখ্য যে, জেহাদী কাৰ্যকলাপ চলাৰ অভিযোগত যোৱা ৩১ আগষ্টত চৰকাৰৰ নিৰ্দেশ মৰ্মে প্ৰশাসনে উচ্ছেদ কৰিছিল কাবাইটাৰী চতুৰ্থ খণ্ডৰ মা-আৰিফ ক্বাৰিয়ানা মাদ্ৰাছা৷ ১০খন বুল্ডোজাৰ লগাই প্ৰশাসনে ভাঙি দিছিল মাদ্ৰাছাখনৰ দুমহলীয়া বৃহৎ অট্টালিকা৷ জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল মাদ্ৰাছাখনৰ এজন শিক্ষকক৷ ইয়াৰ পাছতে চৰকাৰে মাদ্ৰাছাখনৰ স্থানত আদৰ্শ বিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰে৷ ইয়াৰ বাবে জিলা প্ৰশাসনে মাদ্ৰাছা কতৃৰ্পক্ষৰ লগত কেইবাবাৰো আলোচনাত বহে যদিও আলোচনা বিফল হয়৷ মাদ্ৰাছা কতৃৰ্পক্ষই সেই স্থানত মাদ্ৰাছাৰ পৰিৱৰ্তে আদৰ্শ বিদ্যালয় স্থাপনৰ বিৰোধিতা কৰে৷ এনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মাদ্ৰাছাখনত উপস্থিত হৈ মাদ্ৰাছাৰ স্থানত এখন উন্নত মানৰ আদৰ্শ বিদ্যালয় স্থাপনত ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজক উদ্দেশ্যে কয়, কি পৰিস্থিতিত মাদ্ৰাছাখন উচ্ছেদ কৰিবলগীয়া হৈছে এই সন্দৰ্ভত সকলোৱেজ্ঞাত৷ শিক্ষানুষ্ঠান এখন এনে পৰিৱেশত থকাতো কোনেও নিবিচাৰে, সেয়ে চৰকাৰে মাদ্ৰাছাখনৰ স্থানত এখন আদৰ্শ বিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰিছে৷ অঞ্চলটোৰ শৈক্ষিক দিশৰ উন্নয়নৰ কথা চিন্তা কৰি চৰকাৰে আদৰ্শ বিদ্যালয়খন স্থাপন কৰিব বিচাৰে৷ যত প্ৰথম শ্ৰেনীৰ পৰা দ্বাদশ শ্ৰেনীলৈ পাঠদানৰ ব্যৱস্থা থাকিব, সকলোৱে ইয়াত শিক্ষাগ্ৰহণৰ সুবিধা লাভ কৰিব, এই এলেকাৰ ছাত্ৰ-ছাত্ৰীয়ে ডাক্তৰ হব, ইঞ্জিনিয়াৰ হব৷ সেয়ে অঞ্চলটোৰ শৈক্ষিক দিশৰ উন্নয়নৰ স্বাৰ্থত এনে এখন উন্নত মানৰ বিদ্যালয় স্থাপনত ৰাইজক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে হ্বান জনায়৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তৰ সৈতে আলোচনা মৰ্মে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজৰ প্ৰতি হ্বান জনায়৷ কাবাইটাৰীৰ মাদ্ৰাছাত উপস্থিত হোৱাৰ পুৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে নৱনিৰ্মিত নয়াগাওঁ পাগলাস্থান শিৱ মন্দিৰৰ দ্বাৰ মুকলি কৰে৷ অভয়াপুৰীৰ বিশিষ্ট সমাজকৰ্মী তথা ঠিকাদাৰ ৰুদ্ৰ কুমাৰ পাঠকে নিজা ব্যয়েৰে নিৰ্মাণ কৰা আটক ধুনীয়া শিৱ মন্দিৰটোৰ দ্বাৰ মুকলি কৰি ৰাইজৰ সৈতে মিলিত হয় মুখ্যমন্ত্ৰীয়ে৷  ইপিনে কাবাইটাৰীৰ উচ্ছেদিত মাদ্ৰাছাত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীক যোগীঘোপা প্ৰেছ ক্লাৱৰ সংবাদ কৰ্মী সকলে সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ প্ৰেছ ক্লাৱৰ সভাপতি ৰফিকুল ইছলাম আৰু সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন স্বাক্ষৰিত স্মাৰক পত্ৰখনৰ জৰিয়তে যোগীঘোপাৰ প্ৰাচীন গুহাৰে সমৃদ্ধ ঐতিহাসিক দুগ্ধনাথ পাহাৰকে ধৰি পৰ্যটনৰ সম্ভাৱনা পুৰ্ণ এলেকা সমূহৰ উন্নয়ন কল্পে পৰ্যটন কেন্দ্ৰ গঢ়ি তোলা, অঞ্চলটোৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ লগতে যোগীঘোপা প্ৰেছ ক্লাৱৰ বাবে ভূমি আবণ্টন তথা গৃহ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি হ্বান জনোৱা হয়৷

বঙাইগাঁও জিলাৰ বাবে ৭০০ কোটি টকাৰ প্ৰকল্প

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে শিলচৰত অনুষ্ঠিত কেবিনেট বৈঠকত ঘোষণা কৰা ‘বিকাশৰ বাবে এটা পষেক’ শীৰ্ষক যাত্ৰা ৰাজ্যখনত আজিৰে পৰা আৰম্ভ হৈছে৷ এই যাত্ৰা আৰম্ভ হ’ল বঙাইগাঁৱৰ পৰা৷ বঙাইগাঁও জিলাত প্ৰায় ৭০০ কোটি টকাৰ বিভিন্ন আঁচনিযপ্ৰকল্পৰ আধাৰশিলা স্থাপন তথা উদ্বোধনৰ জৰিয়তে ‘বিকাশৰ বাবে এটা পষেক’ এই যাত্ৰাৰ আৰম্ভণি কৰা হয়৷ উল্লেখ্য যে, বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁও ষ্টেডিয়ামত আয়োজন কৰা এক বিশাল সভাত আজি এই আঁচনি তথা প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ উক্ত সভাতেই মুখ্যমন্ত্ৰীজনে ৰিম’ৰ্টৰ বুতাম টিপি ডিজিটেলভাৱে এই আধাৰশিলা স্থাপন তথা উদ্বোধন কৰে মুখ্যমন্ত্ৰীজনে৷ আজি ডিজিটেলভাৱে আধাৰশিলা স্থাপন কৰা আঁচনি তথা প্ৰকল্পসমূহ হৈছে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, বঙাইগাঁও সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়, বঙাইগাঁও বিসৰ্জন ঘাটত বাকী থকা তিনি দিশৰ ৱাকিং জ’ন আৰু মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপন . বঙাইগাঁও পলিটেকনিক আৰু বঙাইগাঁও উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত কৰ্মশালা আৰু কাৰিকৰী গৱেষণাগাৰ স্থাপন, বঙাইগাঁৱত প্ৰস্তাৱিত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে সন্মিলন ভৱন৷ মুখ্যমন্ত্ৰীয়ে আজি উদ্বোধন কৰা আঁচনিসমূহ হৈছে সৃজনগ্ৰাম আদৰ্শ চিকিৎসালয় আৰু অভয়াপুৰী লালমাটিস্থিত গণেশ মন্দিৰৰ ভোগগৃহ৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এই আঁচনি তথা প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰি সভাত অংশগ্ৰহণ কৰি জনায় যে, বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বাবে প্ৰায় ৬১০ কোটি টকা মঞ্জুৰ কৰা হৈছে৷ নিৰ্মাণ হ’বলগীয়া এইখন চিকিৎসা মহাবিদ্যালয় তথা হাস্পতালত থাকিব ১০০ আসনৰ ব্যৱস্থা আৰু এই চিকিৎসা মহাবিদ্যালয়ত আৰু হাস্পতালত ৰোগীৰ বাবে থাকিব ৫০০খন বিছনা৷ লগতে মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, প্ৰায় ৪৯ কোটি টকা ব্যায়সাপেক্ষে বঙাইগাঁও জেল্কা্ঝাৰত নিৰ্মাণ কৰা হ’ব ৭ মহলীয়া অত্যাধুনিক সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়৷ য’ত জিলাখনৰ বিভিন্ন বিভাগ একেটা কাৰ্যালয়ত থাকিব৷ উল্লেখ্য যে, বঙাইগাঁও বিসৰ্জন ঘাটত এটা দিশত ৱাকিং জ’ন নিৰ্মাণ কৰা হৈছিল কিন্তু বাকী তিনিটা দিশৰ ৱাকিং জ’নৰ আধাৰশিলা স্থাপন কৰি আজি মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, প্ৰায় ৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বিসৰ্জন ঘাটত মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হ’ব৷ উল্লেখ্য যে, বঙাইগাঁও পলিটেকনিক আৰু বঙাইগাঁও উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন হ’বলগীয়া কৰ্মশালা তথা কাৰিকৰী গৱেষণাগাৰৰ বাবদ প্ৰায় ৫ কোটিৰো অধিক ধন ধাৰ্য কৰা বুলি জনোৱা হয়৷ ইপিনে আজি উদ্বোধন কৰা সৃজনগ্ৰাম আদৰ্শ মহাবিদ্যালয়ৰ নিৰ্মাণৰ বাবদ ৪ কোটি ৩৯ লাখ টকা ধাৰ্য কৰা আৰু গণেশ মন্দিৰত ভোগগৃহ নিৰ্মাণৰ বাবদ প্ৰায় ৫০ লাখ টকা কৰা হৈছিল বুলি জনোৱা হয়৷ ইপিনে মুখ্যমন্ত্ৰীয়ে সভাত লগতে জনায় যে, বঙাইগাঁৱত ভাল এখন সভা কৰাৰ হল নথকাৰ বাবে বিগত কেবিনেট বৈঠক বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৰিবলগীয়া হৈছিল৷ যাৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁৱত ১৭ কোটি টকা ব্যয়সাপেক্ষে এটি কনভেনশ্বন হল নিৰ্মাণ কৰাৰ উদ্যোগ লোৱা হৈছে৷ বঙাইগাঁও বীৰ চিলাৰায় উৰণীয়া সেতুৰ তলত এখন উদ্যান নিৰ্মাণ কৰাৰ কাৰণেও চিন্তা-চৰ্চা চলি থকা বুলি জনায় মুখ্যমন্ত্ৰীয়ে৷ লগতে তেওঁ জনায় যে, অসমৰ পলিটেকনিক আৰু আই টি আই প্ৰতিষ্ঠান দুখন টাটা টেকন’লজিৰ লগত অসম চৰকাৰে এক বুজাবুজি চুক্তিত উপনীত হৈছে৷ যাৰ বাবে ৩৫০০ কোটি টকা খৰচৰ বাবে বাজেট ধৰা হৈছে য’ত উদ্যোগ স্থাপনৰ তথা অইন টেকন’লজিৰ ওপৰত প্ৰশিক্ষণ পাঠদান দিয়া হ’ব৷ য’ত চাহ শিল্প, বস্ত্ৰ শিল্প আৰু খাদ্য সংসাধনৰ পাঠ সংযোজন কৰা হ’ব৷ ইয়াৰ ফলত পলিটেকনিক অথবা আইটিআইত অধ্যায়ন শেষ কৰি কোনো শিক্ষাৰ্থী নিবনুৱাভাৱে থাকিব নালাগে৷ বঙাইগাঁৱত অনুষ্ঠিত হোৱা কেবিনেটত ঘোষণা কৰা বঙাইগাঁও কলেজত বিশ্ববিদ্যালয় স্থাপনৰ কামৰো অগ্ৰগতি হোৱা বুলি জনায় মুখ্যমন্ত্ৰীয়ে৷ লগতে তেওঁ আৰু কয় যে, এইখন চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নিৰ্বাচনৰ আগত প্ৰতিটো প্ৰতিশ্ৰুতিয়ে আখৰে আখৰে পালন কৰি আহিছে৷  নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰা অনুসৰি চৰকাৰে মাইক্ৰ’ ফাইনেন্সৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ কিস্তিৰ ধন পৰিশোধ কৰা হৈছে অহা বছৰ তৃতীয় পৰ্যায়ৰ কিস্তিৰ ধন পৰিশোধ কৰা হ’ব৷ সকলোকে লোণমুক্ত প্ৰমাণ-পত্ৰ প্ৰদান কৰি চৰকাৰে এই অধ্যায়টো শেষ কৰিব বিচাৰিছে বুলিও তেওঁ জনায়৷ চৰকাৰে এক লাখ নিবনুৱাক চাকৰি দিব বুলি কোৱা হৈছিল বৰ্তমানলৈকে ৭০ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে৷ ইয়াৰে বহুতে নিযুক্তি লাভ কৰা বুলি জনোৱা হয়৷ অহা মাহত ১৫ হাজাৰ চাকৰি পদৰ বাবে বিজ্ঞাপন দিয়া হ’ব আৰু অহা তিনি-চাৰি মাহৰ ভিতৰ ৰ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পালন কৰা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰীয়ে৷ নিৰ্বাচনৰ সময়ত প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি, চৰকাৰে অৰুণোদয় হিতাধিকাৰীৰ ধন ৮৩০ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি কৰি এই প্ৰতিশ্ৰুতি পালন কৰা হ’ল বুলি জনায়৷ লগতে তেওঁ কয় যে, অহা ১২ ডিচেম্বৰৰ পৰা আৰু নতুনকৈ অৰুণোদয় হিতাধিকাৰীৰ নাম লোৱা হ’ব৷  পৰ্যায়ক্ৰমে নতুনকৈ অৰুণোদয় হিতাধিকাৰী লোৱা হ’লে ৰাজ্যখনত নিশ্চয় দৰিদ্ৰ মহিলাসকল যথেষ্ট উপকৃত হ’ব৷ যিসকল বিধবা মহিলাই কেৱল বিধবা পেন্সন পাইছিল অথচ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত নাছিল অহাবছৰ এপ্ৰিলৰ পৰা এই বিধবা পেন্সন পোৱা সকলোকো অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰীয়ে৷ অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ পৰ্যায়ক্ৰমে বৃদ্ধি কৰা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰীয়ে৷ যিসকল দৰিদ্ৰ পৰিয়ালৰ ৰেচন কাৰ্ড নাছিল সেইসকল পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰীয়ে৷ ইয়াৰ জৰিয়তে দুখীয়া-দৰিদ্ৰসকলে বিনামূলীয়া চাউলৰ পৰা বঞ্চিত নহ’ব বুলি জনায় তেওঁ৷ বঙাইগাঁৱত ২৫ হাজাৰ পৰিয়ালক এই নতুন ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা লোৱা বুলিও জনায় তেওঁ৷ অহা বছৰ পাঁচ হাজাৰ টকা ব্যয়সাপেক্ষে চৰকাৰে নিবনুৱা যুবতীসকলৰ বাবে এক নতুন আঁচনি গ্ৰহণ কৰা বুলিও জনোৱা হয়৷ এই আঁচনিৰ জৰিয়তে স্বাৱলম্বিতাৰ কথা চিন্তা কৰা হ’ব বুলি জনোৱা হয়৷ মুখ্যমন্ত্ৰীয়ে সকলো দল-সংগঠনক অনুৰোধ কৰি জনাই কয় যে, ৫ বছৰমান  ‘অসম বন্ধ’, ‘ৰে’ল ৰকো ‘ আদি আন্দোলন কাৰ্যসূচী গ্ৰহণ নকৰিব৷  এনেবোৰ আন্দোলন কাৰ্যসূচী পাঁচ বছৰ নচলিলে ৰাজ্যখন এক প্ৰগতিৰ দিশে আগবাঢ়ি যাব বুলি জনায় তেওঁ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ইতিমধ্যে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে মুছলমান মহিলাসকলক অধিকসংখ্যক সন্তান দিবলৈ পৰামৰ্শ দাঙি ধৰিছে৷ আজমলৰ পৰামৰ্শৰ তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, মহিলাসকলে অধিক সন্তান জন্ম দিয়াত কোনো অসুবিধা নাই কিন্তু এই সন্তানসকলৰ সকলো ভৰণ-পোষণৰ খৰচ বদৰুদ্দিন আজমলে বহন কৰিব লাগিব৷ বদৰুদ্দিন আজমলে যদি সন্তানৰ খৰচ বহন কৰে তেনেহ’লে মুছলমান মহিলাসকলে ১০ - ১২ টাকৈ সন্তান জন্ম দিয়ক ইয়াত ক’বলগীয়া নাই৷ মুখ্যমন্ত্ৰীয়ে মুছলমান মহিলাসকলৰ উদ্দেশ্যে আৰু কয় যে, আজমলে ভোটৰ ৰাজনীতি কৰাৰ কাৰণে এনে মন্তব্য আগবঢ়াইছে৷ তেওঁ লগতে কয় যে, মোক আপোনালোকৰ ভোট নালাগে৷ কিন্তু আজমলৰ কথা মতে অধিক সন্তান জন্ম দিলে আপোনালোকৰ সন্তানক ডাক্তৰ - ইি?নীয়াৰ বনাব নোৱাৰিব৷ আজিৰ সভাৰ উদ্দেশ্য ব্যখ্যা কৰে বঙাইগাঁও জিলা উপায়ুক্ত নৱদ্বীপ পাঠকে৷ আজিৰ সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণমন্ত্ৰী কেশৱ মহন্ত, বঙাইগাঁৱৰ অভিভাৱক মন্ত্ৰী ৰি?ত কুমাৰ দাস, স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰী, বিধায়ক আব্দুল বাতেন খণ্ডকাৰ, বিধায়ক প্ৰদীপ সৰকাৰ, প্ৰাক্তন বিধায়ক ভূপেন ৰায়, ৰাজ্যিক লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য পাৰিষদ গোকুল বৰ্মন, অধ্যক্ষ হিতেশ্বৰ বৰ্মন, বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাস, উপ-পৌৰপতি শৈলেন সৰকাৰ, বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় সিংহ উপস্থিত থাকে৷

শ্ৰীশ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰত মুখ্যমন্ত্ৰী শৰ্মা

 বিকাশৰ বাবে এপষেক কাৰ্যসূচীৰ আধাৰত আজি বঙাইগাঁও জিলাত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৃজনগ্ৰামত উপস্থিত হৈ ঐতিহাসিক শ্ৰীশ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰ আৰু আই নৈৰ ওপৰত নিৰ্মীয়মাণ দলং পৰিদৰ্শন কৰে৷ বিয়লি ৪-৩০ বজাত আই নৈৰ দলঙত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে নৈখনৰ গতি সলনিৰ পৰিপ্ৰেক্ষিতত দলঙৰ কাম অসম্পূৰ্ণ হৈ থকাৰ কথা উল্লেখ কৰে৷ তেওঁ দলঙখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ ২৯ কোটি ৫০ লাখ টকা মঞ্জুৰী দিয়াৰ কথা ঘোষণা কৰাৰ লগতে এসপ্তাহৰ ভিতৰত কাম আৰম্ভ কৰাৰ কথাও জানিবলৈ দিয়ে৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে সৃজনগ্ৰামৰ সস্তৰত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ, সত্ৰ পৰিদৰ্শন কৰে৷ সত্ৰ পৰিদৰ্শন কৰি অভিভূত হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, সেউজীয়া ৰঙৰ আৰু বহি থকা ৰামৰ মূৰ্তি দৰ্শন কৰিবলৈ পাই মই নিজকে পৱিত্ৰ অনুভৱ কৰিছোঁ৷ মন্দিৰ সত্ৰখনক পৰ্যটকস্থলী হিচাপে ৰূপ দিয়াৰ বাবে তেওঁ নামঘৰ, নাটঘৰ, অতিথিশালা আৰু ছ’লাৰ লাইটৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে৷ লগতে সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে৷ ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক সদ্যপ্ৰয়াত ৰবীন বণিক্যৰ ঘৰত উপস্থিত হৈ সমবেদনা জনোৱাৰ লগতে পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে৷  উল্লেখ্য যে, আজি বঙাইগাঁৱৰ পৰা সৃজনগ্ৰাম আদৰ্শ চিকিৎসালয়খনো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আজিৰ শুভ উদ্বোধনৰ দিনটোতে এগৰাকী প্ৰসূতিয়ে প্ৰথম সন্তান জন্ম দিয়ে৷ জানিব পৰা মতে, বাৰেগড়ৰ নুৰ ইছলামৰ পত্নী নাৰ্গিছ ছুলতানাই চিকিৎসালয়খনত সেৱা আৰম্ভ হোৱাৰ প্ৰথম দিনটোতে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰি গৌৰৱ অনুভৱ কৰে৷