Logo
image

বদৰুদ্দিনেই নহয়, ভোটৰ পূৰ্বে জুই লগালে গুজৰাটৰ শ্বাহী ইমামেও

‘ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ: কেৱল বদৰুদ্দিন আজমলেই নহয়, ভোটৰ পূৰ্বে শ্বাহী ইমাম এজনেও নিজৰ সাম্প্ৰদায়িক মন্তব্যৰে গুজৰাটত ভোটৰ ধৰ্মীয় মেৰুকৰণৰ অপচেষ্টা চলালে৷ উল্লেখ্য, ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফৰ মুৰব্বী আজমলে গুজৰাটৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে আৰু আহমেদাবাদৰ জামে মছজিদৰ শ্বহী ইমামজনে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰে৷ লক্ষণীয়ভাৱে এই দুয়োজন  লোকৰ এই সাম্প্ৰদায়িক মন্তব্য আছিল সম্পূৰ্ণৰূপে পূৰ্ব পৰিকল্পিত৷ সাধাৰণতে অসমত বদৰুদ্দিন আজমলে কিবা মন্তব্য দিবলগীয়া হ’লে স্থানীয় সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰে৷ ইয়াৰ বাবে তেওঁ সময়ে সময়ে সংবাদমেলো আহ্বান কৰে৷ কিন্তু গুজৰাটৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে আজমলে কৰিমগঞ্জত এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সংবাদদাতাৰ আগত বিশেষভাৱে হিন্দী ভাষাত কেতবোৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি এক দীঘলীয়া সাক্ষাৎকাৰ দিয়ে৷ সংবাদ প্ৰতিষ্ঠানটোৰ এই সাক্ষাৎকাৰ গুজৰাটৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বহুলভাৱে ব্যৱহূত আৰু প্ৰচাৰিত হয়৷ লক্ষণীয়ভাৱে আজমলৰ এই মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যৰ সৰ্বত্ৰতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত তেওঁ স্থানীয় সংবাদ মাধ্যমৰ আগত তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰে৷ আজমলৰ এই কথা প্ৰাৰ্থনা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মুঠেই গুৰুত্ব লাভ নকৰিলে বা প্ৰচাৰিত নহ’ল৷ গুজৰাটৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে আজমলে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য হিন্দী ভাষাত কেৱল এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত কৰাৰ বিপৰীতে ইয়াৰ বাবে ক্ষমা বিচাৰে স্থানীয় সংবাদ মাধ্যমৰ সন্মুখতহে৷ আনহাতে, গুজৰাটৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে আজমলৰ দৰে একে পন্থা অৱলম্বন কৰিলে আহমেদাবাদৰ জামে মছজিদৰ শ্বাহী ইমামজনে৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে একেটা সংবাদ প্ৰতিষ্ঠানৰ সংবাদদাতাই তেওঁৰ এটা দীঘলীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰে য’ত ইমামজনে মহিলা সন্দৰ্ভত কেতবোৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰে৷ ইমামজনৰ এই সাম্প্ৰদায়িক মন্তব্য গুজৰাটৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিৰ বাবে এক শক্তিশালী ৰাজনৈতিক অস্ত্ৰ হৈ পৰে৷ আজমল আৰু ইমাম দুয়ো মহিলাৰ বিৰুদ্ধে অপমানসূচক সাম্প্ৰদায়িক মন্তব্য কৰে একেটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ আগত৷ উল্লেখ্য, আহমেদাবাদৰ জামে মছজিদৰ শ্বাহী ইমাম ছাব্বীৰ আহমেদ ছিদ্দিকীয়ে কয়– নিৰ্বাচনত মহিলাক টিকট দিয়া মানে ইছলামৰ বিৰোধীতা কৰা৷ যিসকলে মহিলাক নিৰ্বাচনত টিকট দিয়ে তেওঁলোক ইছলামবিৰোধী৷ আপোনালোকে মছজিদত এগৰাকীও মহিলা দেখিছেনে নামজ পঢ়া৷ অথচ নামাজ ইছলাম ধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়৷ ইছলামৰ মতে যদি মহিলা এনেদৰে বাহিৰলৈ ওলাই অহাটো শুদ্ধ তেন্তে তেওঁলোকক মছজিদলৈ অহাৰ ক্ষেত্ৰত কিয় বাধা দিয়া হৈছে? মহিলাক নিৰ্বাচনত টিকট দিয়া মানে ইছলামৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ দৰে৷ আপোনালোকে মহিলাক যে টিকট দিছে, পুৰুষ প্ৰাৰ্থী নাই নেকি? মহিলাক এনেদৰে বাহিৰলৈ ওলাবলৈ দিয়া মানে ইছলামক দুৰ্বল কৰা৷ মহিলাক নিৰ্বাচনত টিকট দি জয়ী কৰি অনা মানে আমি হিজাবৰ দাবী কৰিব নোৱাৰিম৷ আনহাতে, বদৰুদ্দিন আজমলে উগ্ৰ সাম্প্ৰদায়িক আৰু নাৰীৰ প্ৰতি কৰা অপমানজনক আৰু বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– এইবিলাক আঠুৱাৰ তলতে আছে৷ যি কৰিব বিচাৰোঁ কৰিব পাৰোঁ৷ আঠুৱাৰ তলৰ মহ এটাক মাৰিবলৈ ইমান আলোচনা কৰিব লাগে নেকি? যেতিয়া যি দৰকাৰ হয় ধৰি ল’ম৷ মহটো আঠুৱাৰ তলতে আছে৷ আইন হ’ল আঠুৱা৷ মহ হ’ল মানুহ৷ সকলো মানুহ আইনৰ তলতে আছে৷ যেতিয়া সময় হ’ব আইনৰ গণ্ডীত ব্যৱস্থা লোৱা হ’ব৷ আজমলৰ কথা নুশুনিব৷ দুটাতকৈ বেছি সন্তান জন্ম নিদিব৷ মুছলমান সমাজৰ মহিলাসকলকো অনুৰোধ কৰিছোঁ আপোনালোকে সন্তান ইমানে জন্ম দিব যাতে তেওঁলোকক ডাক্তৰ, ইঞ্জিনিয়াৰ কৰিব পাৰে৷ জোনাব-ইমাম কৰিবলৈ সন্তান জন্ম নিদিব৷ এনে কৰিলে আমাৰ সমাজখন ধবংস হ’ব, নষ্ট হ’ব৷ আজমলে কৈ আছে মুছলমানে সোনকালে সন্তান জন্ম দিয়ে, হিন্দুৱে পলমকৈ দিয়ে৷ হিন্দুৱে পলমকৈ সন্তান জন্ম দিয়ে কাৰণে হিন্দুৰ ঘৰত ডাক্তৰ হয়, ইঞ্জিনিয়াৰ হয়৷ মুছলমানে বাৰে বাৰে সন্তান জন্ম দিয়ে কাৰণে চৰত গ’লে সন্তান-মাকৰ অৱস্থা চাব নোৱাৰি৷ দুখ লাগি যায়৷ নেতাবিলাকে ভোটৰ লোভত মহিলাক অধিক সন্তান জন্ম দিবলৈ কয়৷ মোক আপোনালোকৰ ভোট নালাগে৷ কিন্তু আপোনালোকে সন্তানক ডাক্তৰ-ইঞ্জিনিয়াৰ কৰক, শিক্ষক কৰক, উদ্যোগপতি কৰক৷ যাতে মুছলমান সমাজখন আজমলৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পাৰে৷ ভোট লগা মানুহৰ কথা নুশুনিব৷ আজমলে যে অধিক সন্তান জন্ম দিবলৈ কৈছে তেওঁৱে সন্তান ডাঙৰ কৰাৰ খৰচ দিব লাগিব৷ যদি আজমলে সন্তান ডাঙৰ কৰাৰ খৰচ নিদিয়ে তেন্তে অধিক সন্তান জন্ম দিবলৈ কোৱাৰ অধিকাৰ আজমলৰ নাই৷ আজমলে যদি খৰচ দিয়ে তেন্তে ১০টা/১২টাকৈ সন্তান জন্ম দিয়ক৷ উল্লেখ্য, আজমলৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন থানাত গোচৰ দাখিল কৰিছে বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষে৷

বদৰুদ্দিন আজমল অসমীয়া সংস্কৃতিৰ পৰিপন্থী! ৰকিবুল

বদৰুদ্দিন আজমল এজন অতি কু-ৰুচিসম্পন্ন ব্যক্তি৷ তেওঁ ব্যৱহাৰে চূড়ান্ত ৰূপ পাইছে৷ তেওঁৰ কথা-বাৰ্তাসমূহ অসমীয়া সমাজ, সংস্কৃতিৰ পৰিপন্থী৷  এই মন্তব্য বিৰোধী দলৰ উপ-দলপতি, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইনৰ৷ শিৱসাগৰত কালি সন্ধিয়া সাংবাদিকৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত ৰকিবুল হুছেইনে এইদৰে বাদৰুদ্দিন আজমলৰ বিৰুদ্ধে মন্তব্য কৰাৰ লগতে কয় যে, আজমলে ৰাজনৈতিক লাভালাভৰ বাবে অশালীন মন্তব্য কৰে তেওঁ অসমৰ পৰম্পৰাৰ বিৰুদ্ধে গৈ  বৰাক ভেলীত হিন্দী ভাষাত কৰা মন্তব্যৰ পৰা বহুখিনি কথা অনুমান কৰিব পাৰি৷ হুছেইনে লগতে ধাৰণা কৰে যে, বৰ্তমান বিভিন্ন ৰাজ্যত নিৰ্বাচন চলি আছে৷ পূৰ্বতে বিজেপিয়ে আছাদুদ্দিন ওৱেছিৰ মুখেৰে বিতৰ্ক সৃষ্টি কৰি ৰাজনৈতিক লাভ আদায় কৰিছিল৷ কিন্তু ওৱেছিৰ কথা এতিয়া নচলা হৈছে,  সেয়ে ৰাজনৈতিক লাভালাভৰ বাবে বদৰুদ্দিন আজমলৰ যোগেদি এনে কু-ৰুচিসম্পন্ন কথা কোৱা হৈছে৷ তেওঁ উল্লেখ কৰে যে, প্ৰত্যেকটো দোষৰ শাস্তি আছে, আজমলে যি দোষ কৰিছে সেয়া ক্ষমাৰ অযোগ্য৷ তেওঁ যদি ৰাজহুৱা অনুষ্ঠানত দেখা নিদিয়ে, তেওঁ ৰাজহুৱা জীৱন যদি ত্যাগ কৰে তেতিয়াহে তেওঁৰ বাবে ক্ষমাৰ উপায় ওলাব পাৰে৷ আনহাতে, ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভতো মন্তব্য কৰি ৰকিবুল হুছেইনে কয়, ভাৰত জোড়ো যাত্ৰা সামাজিক কাৰণত কৰা হৈছে৷ ভাৰত জোড়ো যাত্ৰা যিদিনা আৰম্ভ হৈছিল সেইদিনাই মুখ্যমন্ত্ৰী আৰু বিজেপিকৰ্মীসকলে আমাক সমালোচনা কৰি টুইট কৰিছিল৷ কিন্তু আমি আগুৱাই গৈ আছোঁ৷ উজনিত বিজেপিৰ সমৰ্থন খহিছে৷ ভাৰত জোড়ো যাত্ৰালৈ সকলো জাতি-জনগোষ্ঠীৰ লোক ওলাই আহিছে৷ এনে পৰিৱেশ দেখি বদৰুদ্দিন আজমলৰ যোগেদি বিতৰ্কিত মন্তব্য দিয়াই ধৰ্মীয় মেৰুকৰণৰ সৃষ্টি কৰিব বিচাৰিছে আমাৰ বিৰোধীয়ে৷ মুখ্যমন্ত্ৰীৰ লগত বদৰৰ মধুৰ সম্পৰ্ক আছে৷ এই কথা মুখ্যমন্ত্ৰীয়ে নিজে কয় বদৰুদ্দিনে মুখ্যমন্ত্ৰীৰ কথাত দলৰ টিকট দিয়ে আৰু কৰ’না কালত বহুবাৰ ফোনকৰাৰ বিষয়ে নিজে পূৰ্বতে উল্লেখ কৰিছে৷ উজনি অসমৰ বাট-পথৰ শোচনীয় অৱস্থাৰ বিষয়ে উল্লেখ কৰি ৰকিবুল হুছেইনে উল্লেখ কৰে যে, উজনিলৈ মুখ্যমন্ত্ৰী হেলিকপ্টাৰত আহে কাৰণ ৰাস্তা বিধস্ত৷ গাড়ীত আহিলে ২০ হাজাৰ টকা খৰচ হয় কিন্তু হেলিকপ্টাৰত আহিলে লাখ টকাৰ খৰচ হয়৷ ধন ৰাজহুৱা ধন অপব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে৷  বিধবস্ত উজনিৰ পথসমূহৰ বাবে তেওঁ লোক নিৰ্মাণ বিভাগ এৰাটো উচিত৷ প্ৰসংগ ক্ৰমে তেওঁ কয় যে, আগতে আহোম সম্প্ৰদায়ৰ লোকৰ মুখ্যমন্ত্ৰী আছিল, বিধানসভাৰ অধ্যক্ষ আছিল কিন্তু বৰ্তমান আহোম সম্প্ৰদায়ৰ লোক নোহোৱা হ’ল৷ সামাজিকভাৱে জনগোষ্ঠী লোকসকলক ধংস কৰিব বিচৰাত সকলো জনগোষ্ঠীৰ লোক বৰ্তমান ক্ষোভিত৷ মুখ্যমন্ত্ৰীয়ে ড্ৰাগছৰ বিপৰীতে মদ মেলি দিছে৷ মদৰ দোকান পুৱাই খুলি দিছে৷ মদৰ কৰৰ পৰা আই বৃদ্ধি কৰিব বিছাৰিছে৷ তথাপি তেওঁ ফুটনি এৰি দিয়া নাই৷ বাঘ হাজৰিকাৰ প্ৰসঙ্গটো তেওঁ অভিযোগ কৰি কয় যে, বাঘ হাজৰিকাৰ নাম বীৰ লাচিত বৰফুকনৰ লগৰ পৰা কাটি পেলাব বিচৰা হৈছে৷ এইক্ষেত্ৰত খিলঞ্জীয়া অসমীয়া প্ৰতিনিধিসকলে কিয় ভূমিকা গ্ৰহণ কৰা নাই এই লৈও তেওঁ আক্ষেপ প্ৰকাশ কৰে৷