Logo
image

অহাবাৰ ৪৮টা দলৰ মাজত হ’ব বিশ্বকাপ

‘ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ: চাৰি বছৰৰ মূৰত অহা বিশ্বকাপ ফুটবলত বিশ্বৰ বহু আগশাৰীৰ দৰে খেলিবলৈ নাপায়৷ কিয়নো মূল প্ৰতিযোগিতাখন আয়োজিত হয় মুঠেই ৩২টা দলৰ মাজত৷ মহাদেশ অনুসৰি এক নিৰ্দিষ্ট হিচাপত দলসমূহক মূল পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰোৱা হয় আৰু বহু সময়ত আগশাৰীৰ ফুটবল দল বিশ্বকাপৰ চূড়ান্ত ৰাউণ্ডৰ পৰা বঞ্চিত হয়৷ সেই সমস্যা দূৰ কৰাৰ বাবে অহাবাৰৰ পৰা অৰ্থাৎ চাৰি বছৰৰ পাছত আমেৰিকা, মেক্সিকো, কানাডাত আয়োজিত হ’বলগীয়া বিশ্বকাপ ফুটবলত মুঠতে ৪৮টা দল থাকিব৷ অৰ্থাৎ এতিয়াৰ তুলনাত বিশ্বকাপৰ চূড়ান্ত  ৰাউণ্ডত বৃদ্ধি পাব ১৬টা দল৷ দল যে বৃদ্ধি পাব সেয়া ফিফাই ইতিমধ্যে চূড়ান্ত কৰিছে৷ কিন্তু ফিফাই চূড়ান্ত কৰিব পৰা নাই প্ৰতিযোগিতাখনৰ ফৰমেট৷ এতিয়া ৩২টা দলক আঠটাকৈ গ্ৰুপ কৰি প্ৰত্যেকটো গ্ৰুপত চাৰিটাকৈ দলক স্থানদিয়া হয়৷ প্ৰতিটো গ্ৰুপৰ পৰা দুটাকৈ দল পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হয়৷ তেতিয়াৰ পৰা হয় নকআউট প্ৰতিযোগিতা৷ অৰ্থাৎ ১৬টা দলৰ আঠটা কোৱাৰ্টাৰ ফাইনেললৈ আৰু তাৰ পৰা চাৰিটা দল ছেমিফাইনেললৈ আগবাঢ়ে৷ ছেমি ফাইনেলৰ দুই বিজয়ীয়ে ফাইনেল খেলে আৰু পৰাজিত দুটা দলে তৃতীয় স্থানৰ বাবে যুঁজ কৰে৷ অহাবাৰ প্ৰতিযোগিতাত ৪৮টা দল হ’লে কি ফৰমেটত প্ৰতিযোগিতা আয়োজন কৰিব সেই লৈ জটিলতাৰ সৃষ্টি হৈছে৷ ফিফাই আগবঢ়োৱা প্ৰস্তাৱত বিসংগতি দেখি সাময়িকভাৱে সেই প্ৰস্তাৱ স্থগিত ৰখা হৈছে৷ ফিফাই কৈছিল তিনিটা দলক লৈ মুঠতে ১৬টা গ্ৰুপ তৈয়াৰ কৰাৰ কথা৷ তেতিয়া প্ৰতিটো গ্ৰুপৰ পৰা এটাকৈ দলে নকআউটলৈ যোগ্যতা অৰ্জন কৰিব৷ পিছে তেনেক্ষেত্ৰত অতি ভাল দল বঞ্চিত হোৱাৰ আশংকা আছে৷ তদুপৰি নকআউটলৈ উন্নীত হোৱাৰ বাবে কোনো কোনো দলে নিজৰ মাজত বুজাবুজি কৰাৰ আশংকাও দেখা গৈছে৷ সেয়ে দেওবাৰে প্ৰতিযোগিতাৰ ফৰমেট গঠন সম্প্ৰতি স্থগিত ৰখা বুলি ফিফাৰ পক্ষৰ পৰা ঘোষণা কৰা হৈছে৷ অচিৰেই ফিফাৰ কাউন্সিলে পৰৱৰ্তী বিশ্বকাপৰ ফৰমেট চূড়ান্ত কৰিব৷ কিন্তু কাতাৰ বিশ্বকাপ চলি থকাৰ মাজতে ফিফাই জনাই দিছে পৰৱৰ্তী বিশ্বকাপ নিশ্চিতভাৱে ৪৮টা দলৰ মাজত হ’ব, এতিয়াৰ দৰে ৩২টা দলৰ মাজত নহয়৷