Logo
image

বিশিষ্ট মাৰ্কেটিং কাৰ্যবাহী আৰতি ৰাজখোৱাৰ দেহাৱসান

‘ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ:  বিশিষ্ট মাৰ্কেটিং কাৰ্যবাহী আৰতি ৰাজখোৱাৰ সোমবাৰে পুৱা গুৱাহাটীৰ এপল’ হাস্পতালত মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ৷ আৰতি ৰাজখোৱা কেইবাবছৰো মুম্বাইত মহিন্দ্ৰ গ্ৰুপৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনী ‘ভাৰ্ভ’ৰ মাৰ্কেটিং বিভাগৰ কাৰ্যবাহীৰূপে কৰ্মৰত আছিল৷ শেহতীয়াকৈ  তেওঁ মুম্বাইৰ প্ৰতিষ্ঠিত ডিজিটেল প্লেটফৰ্ম ‘কো-ৰভাৰ’ৰ মাৰ্কেটিং কাৰ্যবাহী হিচাপে বিভাগটোৰ গুৰুদায়িত্ব বহন কৰি আছিল৷ উল্লেখ্য, আৰতি ৰাজখোৱা ‘আমাৰ অসম’, ‘পূৰ্বাঞ্চল প্ৰহৰী’, ‘মেঘালয় গাৰ্ডিয়ান’ আৰু ‘দ্য নৰ্থ-ইষ্ট টাইম্‌ছ’ কাকতৰ প্ৰকাশন গোষ্ঠী জিএল পাব্লিকেশ্বন্‌ছৰ মুখ্য কাৰ্যবাহী বিষয়া [চিইঅ’] সন্দীপ ৰাজখোৱাৰ সহধৰ্মিনী৷ বিগত কেইবাদিনো শাৰীৰিক অসুস্থতাৰ বাবে আৰতি ৰাজখোৱা গুৱাহাটীৰ এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ চিকিৎসাধীন অৱস্থাতে সোমবাৰে পুৱা আৰতি ৰাজখোৱাৰ মৃত্যু হয়৷ বিয়লি গুৱাহাটীৰ ভূতনাথ শ্মশানত আৰতি ৰাজখোৱাৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত জিএল পাব্লিকেশ্বন্‌ছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সমীৰ আগৰৱালা, ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী, জি এল পাব্লিকেশ্বন্‌ছৰ মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰ, ‘আমাৰ অসম’ৰ প্ৰাক্তন সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ উপৰি বৃহত্তৰ জি এল পাব্লিকেশ্বন্‌ছ পৰিয়ালৰ বহুসংখ্যক সদস্য তথা অসংখ্য গুণমুগ্ধ উপস্থিত থাকে৷ আৰতি ৰাজখোৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে ‘আমাৰ অসম’ কাকত গোষ্ঠী তথা বৃহত্তৰ জি এল পাব্লিকেশ্বন্‌ছ পৰিয়ালে৷