Logo
image

আলফা শিবিৰত যুগলৰ মৃত্যু, অৰ্পিতাৰ যোগদান

‘ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ: পুনৰ আলফা স্বাধীনৰ শিবিৰত মৃত্যু হ’ল এজন কেডাৰৰ৷ গুৱাহাটীৰ নুনমাটিৰ যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসম নামৰ ৩০ বছৰীয়া আলফা সদস্যজনৰ ম্যানমাৰৰ শিবিৰত মৃত্যু হোৱাৰ তথ্য সদৰী কৰিছে আলফাই৷ কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা নৱাগত আলফা সদস্যজনৰ দেওবাৰে পুৱা  ৫.৪৫ বজাত মৃত্যু হোৱা বুলিও আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে৷ উল্লেখ্য, গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত কেন্দুগুৰিৰ শিৱ শৰ্মাৰ পুত্ৰ যুগল শৰ্মাই বিগত মাৰ্চ মাহত বিদ্ৰোহী সংগঠনটোত যোগদান কৰিছিল৷ ভগ্নীক নগাঁৱলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই যোৱা যুগল শৰ্মাই কোনোদিন ঘূৰি অহা নাছিল যদিও আলফাই দেওবাৰে যুৱকজনৰ মৃত্যুৰ তথ্য ৰাজহুৱা কৰাৰ পাছতহে পৰিয়ালৰ লোকসকলে যুগলে আলফাত যোগদান কৰাৰ বিষয়ে অৱগত হয়৷ নৱাগত যুগলক আলফা নেতৃত্বই প্ৰাইভেট দীপক অসম নাম দি বিদ্ৰোহী সংগঠনটোৰ ম্যানমাৰস্থিত ৮৬নং গোটৰ সদস্য হিচাপে সামৰিক প্ৰশিক্ষণো প্ৰদান কৰিছিল৷ অতি দৰিদ্ৰ পৰিয়ালৰ মাতৃহাৰা যুগলে আৰ্থিক সংকটত ভুগি শেষ সম্বল হিচাপে আলফাত যোগদান কৰিছিল৷ পুত্ৰৰ আলফাত যোগদান কৰাৰ পাছতেই নুনমাটি পাহাৰত বাস কৰা শিৱ শৰ্মাই মাটি বিক্ৰী কৰি বিবাহিত কন্যাৰ লগত থাকিবলৈ লয়৷ গুৱাহাটীত গাড়ী চালক হিচাপে কাম কৰা যুগলে সৰুতে সেনা বাহিনীত যোগ দিয়াৰ সপোন পুহি ৰখা বুলিও যুগলৰ ভগ্নীয়ে প্ৰকাশ কৰিছে৷ কিন্তু আলফা শিবিৰত মাত্ৰ ৯ মাহ  হওতেই সুস্থ-সবল যুগলৰ জটিল ৰোগত মৃত্যু হোৱা বুলি আলফাই প্ৰকাশ কৰিছে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ই-মেইল বিবৃতিটোত আলফাই যুগল শৰ্মাক অমৰ মৃতক ঘোষণা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ অৱশ্যে আলফাই যুগল শৰ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি দাবী কৰিলেও আৰক্ষীৰ চোৰাংচোৱাই যুগল শৰ্মাক আলফাৰ শিবিৰত হত্যা কৰা বুলিহে সদৰী কৰিছে৷ কিয়নো ইতিপূৰ্বে আলফাই অসম আৰক্ষীৰ চোৰাংচোৱাত লিপ্ত হোৱাৰ অভিযোগত ৪ জন সদস্যক গুলীয়াই হত্যা কৰাৰ উদাহৰণ আছে৷ অৱশ্যে আলফাৰ শিবিৰত এজন যুৱকৰ মৃত্যু হোৱাৰ তথ্য ৰাজহুৱা হোৱাৰ সময়তে চৰাইদেউ জিলাৰ এগৰাকী কলেজীয়া ছাত্ৰীয়ে আলফাত যোগদান কৰিছে৷ মাহমৰাৰ কোঁৱৰগাঁৱৰ অৰ্পিতা গগৈ নামৰ ছাত্ৰীগৰাকীয়ে হোৱাট্‌ছএপযোগে পৰিয়ালৰ লোকক আলফাত যোগদানৰ কথা সদৰী কৰাত হাহাকাৰ লাগিছে পৰিয়ালটোত৷ শেহতীয়াকৈ আলফাত একাধিক যুৱক-যুৱতীয়ে যোগদান কৰিছিল যদিও ম্যানমাৰৰ শিবিৰত মৃত্যুদণ্ডৰ তথ্য ৰাজহুৱা হোৱাত যোগদানৰ হাৰ হ্ৰাস পাইছিল৷ কিন্তু এতিয়া যেন পুনৰ আলফালৈ যুৱক-যুৱতীৰ আগমণ আৰম্ভ হৈছে৷

‘মই আলফালৈ আহিলোঁ, তহঁতে একো চিন্তা নকৰিবি’

উজনিত পুনৰ বৃদ্ধি পাইছে ‘আলফা’ৰ[স্বাঃ] সক্ৰিয়তা৷ দুধৰ্ষ আলফা কেডাৰ গণেশ লাহন ওৰফে গণেশ অসমৰ নেতৃত্বত ‘আলফা’ৰ[স্বাঃ] এটা দলে নাগালেণ্ডৰ গভীৰ অৰণ্যৰ পৰাই সংগঠনটোৰ সাংগঠনিক কাম-কাজ অব্যাহত ৰখাৰ লগতে চৰাইদেউ জিলা তথা উজনি অসমত একাংশ প্ৰতিষ্ঠিত ব্যৱসায়ী, চাহ খেতিয়ক, উদ্যোগপতিৰ পৰা ধন সংগ্ৰহ কৰি আহিছে৷ এইক্ষেত্ৰত নিষিদ্ধঘোষিত সংগঠনটোৱে একাংশ নগা যুৱকক কমিচনৰ লোভ দেখুৱাই ধন সংগ্ৰহ অভিযানত ব্যৱহাৰ কৰিছে৷ কেইদিনমানৰ পূৰ্বে চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা অঞ্চলৰ তিনিজন প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে এজন নগা যুৱকৰ জৰিয়তে নিষিদ্ধঘোষিত সংগঠনটোক ধন দিয়াৰ অভিযোগত চৰাইদেউ আৰক্ষীয়ে ব্যৱসায়ীকেইজনক গ্ৰেপ্তাৰ কৰাৰ পাছতেই সংগঠনটোৰ ধন দাবীৰ সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল৷ ‘আলফা’ৰ এই সাংগঠনিক তৎপৰতাৰ মাজতে চৰাইদেউ জিলাৰ এগৰাকী কলেজীয়া ছাত্ৰীয়ে ঘৰৰ পৰা পলাই গৈ নিষিদ্ধঘোষিত সংগঠনটোত যোগদান কৰাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে মাহমৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কেইদিনমানৰ পূৰ্বে সন্ধানহীন হোৱা কলেজীয়া ছাত্ৰীগৰাকীয়ে ৱাটছ-এপযোগে ঘৰলৈ ‘মই আলফালৈ আহিলোঁ’ এটা মেচেজ প্ৰেৰণ কৰাৰ পাছতে যুৱতীগৰাকীৰ পৰিয়ালটো শংকিত হৈ পৰিছে৷ উল্লেখ্য, চৰাইদেউ জিলাৰ কাকতীবাৰী থানাৰ অন্তৰ্গত মাহমৰা কোঁৱৰ গাঁৱৰ নিৱাসী দিলীপ গগৈ আৰু ঊষা গগৈৰ কন্যা অৰ্পিতা গগৈ বিগত ২৮ নৱেম্বৰৰ পৰাই সন্ধানহীন হৈ আছিল৷ ঘৰৰ পৰা পলাই যোৱা যুৱতীগৰাকীয়ে সন্ধানহীন হোৱাৰ পাছদিনাই এটা অচিনাকি ম’বাইল নম্বৰৰ পৰা ‘মই আলফালৈ গুচি আহিলোঁ, তহঁতে একো চিন্তা নকৰিবি’ বুলি পৰিয়ালৰ লোকক ৱাটছ-এপৰ মেছেজযোগে জানিবলৈ দিয়াৰ পাছতে শংকিত হৈ পৰে যুৱতীগৰাকীৰ পিতৃ-মাতৃ৷ আলফালৈ যোৱাৰ খবৰ পাই পৰিয়ালৰ লোকে লগে লগে  ঘটনা সন্দৰ্ভত স্থানীয় কাকতীবাৰী থানাত এজাহাৰ দিছিল৷ কিন্তু এটা সপ্তাহে যুৱতীগৰাকীৰ উদ্ধাৰৰ ক্ষেত্ৰত কাকতীবাৰী আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে৷ আৰক্ষীক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো যুৱতীগৰাকীৰ সন্ধান উলিওৱাত আৰক্ষী ব্যৰ্থ হোৱাত আজি সংবাদ মাধ্যমৰ কাষ চাপে যুৱতীগৰাকীৰ পৰিয়াল৷ যুৱতীগৰাকীৰ মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে হাতযোৰ কৰি চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনক সন্ধানহীন ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিবলৈ কাতৰ আহ্বান জনাইছে৷ আনহাতে, যুৱতীগৰাকী আলফালৈ যোৱাৰ বাৰ্তা লাভ কৰাৰ পাছতে শংকিত হৈ পৰা পৰিয়ালটোৱে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো ঘৰৰ ছোৱালী ঘৰলৈ পঠিয়াই দিবৰ বাবে কাতৰ আহ্বান জনাইছে৷ ইফালেদি, সমগ্ৰ ঘটনাৰ উচিত তদন্ত আৰু যুৱতীগৰাকী উদ্ধাৰৰ ক্ষেত্ৰত কাকতিবাৰী থানাই বিশেষভাৱে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ সন্ধানহীন হোৱাৰ এটা সপ্তাহ উকলি যোৱাৰ পাছতো ছাত্ৰীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱা কাকতীবাৰী আৰক্ষীৰ বিফলতাই অসম আৰক্ষীৰ ফোঁপোলাস্বৰূপ উদঙাই দেখুওৱা বুলি সমালোচিত হৈছে৷