Logo
image

মুখ্যমন্ত্ৰীৰ সহায়ত আজমলৰ মেডিকেল কলেজ

‘ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ:  ৰাজনৈতিক দৃষ্টিত সাধাৰণ ৰাইজৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ অহি-নকুল সম্পৰ্ক৷ সততে ইজনে সিজনক আক্ৰমণ কৰি বাকযুদ্ধত লিপ্ত হোৱাও দেখা যায়৷ বিধানসভা বা লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমলক মোগলৰ সৈতে তুলনা কৰি দ্বিতীয় শৰাইঘাটৰ  যুদ্ধৰো হুংকাৰ দিয়ে৷ অৱশ্যে ৰাজ্যসভা নিৰ্বাচনত ভালৰি লগাবলৈ আজমলে বিজেপি প্ৰাৰ্থীক ভোট দিয়ে বুলিও মুখ্যমন্ত্ৰী শৰ্মাক মন্তব্য কৰা দেখা যায়৷ কেতিয়াবা যদি বদৰুদ্দিন আজমলে ৪-৫জনী মুছলমান ছোৱালীক বিয়া কৰাই সন্তান জন্ম দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়, আন কেতিয়াবা আকৌ আজমল ফাউণ্ডেশ্বনে সন্ত্ৰাসবাদীৰ পুঁজি লাভ কৰা বুলি সদৰী কৰি চিবিআই-নিয়াৰ তদন্তৰ হুংকাৰ দিয়াৰ পৰাও বিৰত নাথাকে হিমন্ত বিশ্ব শৰ্মা৷ ৰাজনৈতিক ক্ষেত্ৰত মুখ্যমন্ত্ৰী শৰ্মা আৰু বদৰুদ্দিন আজমলৰ  তেল-পানীৰ সম্পৰ্ক হ’লেও এইবাৰৰ শিক্ষাখণ্ডৰ উন্নয়নৰ স্বাৰ্থত আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এক হৈছে৷ এসময়ত মুখ্যমন্ত্ৰীয়ে আজমল ফাউণ্ডেশ্বনলৈ সন্ত্ৰাসবাদীৰ পুঁজি অহা বুলি মন্তব্য কৰিলেও  এতিয়া আজমল ফাউণ্ডেশ্বনে নিৰ্মাণ কৰিবলগীয়া মেডিকেল কলেজ হাস্পতাললৈ আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে হিমন্ত বিশ্ব শৰ্মাই৷ আজমল পৰিয়ালে হোজাইত ১০০ বিঘা ভূমিত নিৰ্মাণ কৰিবলগীয়া মেডিকেল কলেজ হাস্পতালৰ কামত সকলো ধৰণৰ সহায়-সহযোগ কৰাৰ মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতিশ্ৰুতি দিয়াৰ কথা জানিবলৈ দিছে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ভাতৃ বিধায়ক চিৰাজ উদ্দিন আজমলে৷ সোমবাৰে হোজাইৰ চৌধুৰী বজাৰত আজমল ফাউণ্ডেশ্বনৰ এখন শিক্ষানুষ্ঠান মুকলি কৰি বিধায়ক চিৰাজ উদ্দিন আজমলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত সাংবাদিকৰ আগত কয়– ‘মুখ্যমন্ত্ৰী চাহাবে আমাক প্ৰতিশ্ৰুতি দিছে আজমল পৰিয়ালৰ মেডিকেল কলেজ হাস্পতাল নিৰ্মাণ কৰাৰ বাবে সকলো সহায় কৰিব৷ মৌলানা বদৰুদ্দিন আজমল আৰু মোকো মুখ্যমন্ত্ৰী চাহাবে মেডিকেল কলেজৰ বাবে সকলো ধৰণৰ আৰ্থিক সহায়ৰ কথা কৈছে৷ চিএম চাহাব নিজেই উচ্ছ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত অতি আগ্ৰহী৷ হাজি আব্দুল মজিদ মেম’ৰিয়েল হাস্পতালৰ পাছত আমি আজমল পৰিয়ালে হোজাইত ১০০ বিঘা ভূমিত মেডিকেল কলেজ নিৰ্মাণৰ পৰিকল্পনা কৰিছোঁ৷ আমি আশাবাদী মেডিকেল কলেজ নিৰ্মাণত আমাক চৰকাৰে অনুমতি দিব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ আজমল পৰিয়ালক মেডিকেল কলেজ হাস্পতাল নিৰ্মাণত আৰ্থিকভাৱে সহায় কৰাৰো প্ৰতিশ্ৰুতি দিছে৷ আজমল ফাউণ্ডেশ্বনৰ অধীনৰ মাৰ্কাজুল-মা-আৰিফে ইতিমধ্যে শিক্ষানুষ্ঠান নিৰ্মাণ কৰিছে৷ আজমল ফাউণ্ডেশ্বনে হোজাইত এখন বিশ্ববিদ্যালয় নিৰ্মাণৰ কথাও পৰিকল্পনা কৰিছে৷ তদুপৰি হাম হাস্পতালৰ পাছত এইবাৰ মেডিকেল কলেজ নিৰ্মাণ কৰিব আজমল পৰিয়ালে৷