Logo
image

বিগত বৰ্ষত বিবাহ পাশত আৱদ্ধ হৈছিল গকুল বসুমতাৰী : বাক-বিতণ্ডাৰ বাবে সতীৰ্থ দীপক কাকতিয়ে গুলীয়াই হত্যা কৰিলে গকুলক

ডিজিটেল ডেস্ক : সতীৰ্থৰ গুলীত প্ৰাণ হেৰুৱালে এগৰাকী আৰক্ষী জোৱানে৷ কৰ্তব্য সম্পাদনৰ সময়ত তৰ্কাতৰ্কিৰ সৃষ্টি হোৱাৰ বাবে কনিষ্টবল দীপক কাকতিয়ে গুলীয়াই হত্যা কৰিলে গকুল বসুমতাৰী নামৰ কনিষ্টবলজনক।

সোণাৰি সদৰ থানাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। দীপক কাকতি গুলীচালনাত নিহত হয় গকুল বসুমতাৰী। নিহত গকুল বসুমতাৰীৰ ঘৰ নগাঁও জিলাৰ চামগুৰিত। আনহাতে,দীপক কাকতিৰ ঘৰ বাইহাটা চাৰিআলিত৷আৰক্ষী সূত্ৰই জনোৱা মতে দুয়োৰে মাজত প্ৰায়ে বাক-বিতণ্ডাৰ সৃষ্টি হয়।আজি নৈশ ডিউটিত আছিল গকুল বসুমতাৰী৷ সেই ডিউটিৰ দায়িত্ব ল’বলৈ আহি দীপক কাকতিৰ কথাৰ কটাকটি হৈছিল বসুমতাৰীৰ লগত। সেই সামান্য বাকবিতণ্ডাই ভয়ংকৰ পৰিণতি ৰূপে দীপকে চাৰ্ভিছ পিষ্টলেৰে চলোৱা গুলীত ঘটনাস্থলীতে নিহত হয় গকুল বসুমতাৰী ৷দুয়ো সোণাৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ বেৰেকৰ নিৰাপত্তাৰ দায়িত্বত আছিল। ইফালে গ্ৰেপ্তাৰৰ পিছতে ঘটনাক লৈ দীপক কাকতিয়ে কয়, মোক মাৰিছিল বাবেই মই গুলী মাৰিলোঁ৷ 

উল্লেখ্য যে বিগত বৰ্ষত বিবাহ পাশত আৱদ্ধ হৈছিল আৰক্ষী জোৱান গকুল বসুমতাৰী৷ নিহত গকুল বসুমতাৰীৰ পত্নী আছিল অন্তঃসত্বা ৷ এই অপ্ৰত্যাশিত খবৰ লাভ কৰাৰ পিছতেই গকুল বসুমতাৰীৰ বাসগৃহত সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ৷ আত্মীয় তথা প্ৰতিৱেশীয়ে হত্যাকাৰীৰ কঠোৰ শাস্তি দাবী কৰিছে।