Logo
image

শিলচৰ দন্ত চিকিৎসা মহাবিদ্যালয়ত ৰেগিং : ১৪ জন ছাত্ৰক বহিষ্কাৰ

ডিজিটেল ডেস্ক : ৰাজ্যৰ ইখনৰ পিছত সিখন উচ্চ শিক্ষানুষ্ঠানত ৰেগিঙৰ ঘটনা পোহৰলৈ আহিছে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালৰ পিছত এইবাৰ শিলচৰ দন্ত চিকিৎসা মহাবিদ্যালয়ত ৰেগিঙৰ ঘটনা পোহৰলৈ আহিছে৷ জ্যেষ্ঠ ছাত্ৰই এগৰাকী প্ৰথম ষান্মাসিকৰ ছাত্ৰক ৰেগিঙৰ নামত নিৰ্যাতন চলোৱাৰ অভিযোগৰ পিছতে ৰেগিং কাণ্ডত জড়িত অভিযুক্তসকলক শাস্তি বিহা হয়৷

ৰেগিঙৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ১৪ গৰাকীকৈ শিক্ষাৰ্থীক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হয়৷ অভিযোগ অনুসৰি ১ ডিচেম্বৰত ১৪ জন জ্যেষ্ঠ ছাত্ৰই এগৰাকী ছাত্ৰক ৰেগিঙৰ নামত চলাইছিল নিৰ্যাতন৷ জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে চেন্ট্ৰেল এণ্টি ৰেগিং স্কোৱাডক অভিযোগ দিছিল ভুক্তভোগী ছাত্ৰীজনে৷

এই ঘটনা পোহৰলৈ অহাৰ পিছতে তদন্ত কমিটী গঠন কৰি দিছিল কাছাৰ জিলা উপায়ুক্তই৷ তদন্তৰ পিছতে ১৪ জন ছাত্ৰক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হয়৷