Logo
image

গৌৰী সদনত ভাৰতৰ ইতিহাসৰ বিকৃতকৰণ শীৰ্ষক আলোচনা চক্ৰ; বৰ্তমান ব্যৱস্থা আবেগেৰে চলিছে : হীৰেণ গোঁহাই

ডিজিটেল ডেস্ক : মঙলবাৰে মহানগৰীস্থিত দীঘলীপুখুৰীৰ নিকটৱৰ্তী গৌৰী সদনত "ভাৰতৰ ইতিহাসৰ বিকৃতকৰণ" শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। ৰাইজৰ দৃষ্টিত স্বাধীনতা দিৱসৰ ৭৫ বছৰ উদযাপন সমিতিৰ উদ্যোগত এই আলোচনা চক্ৰৰ আয়োজন কৰা হয়।

বিশিষ্ট সংগীতশিল্পী লোকনাথ গোস্বামীয়ে সভাপতিত্ব কৰা আলোচনা চক্ৰখনৰ উদ্বোধন কৰে বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁইয়ে। আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকে ড০ ৰমেশ চন্দ্ৰ কলিতা আৰু ড০ কংকন ডেকা৷ আলোচনা চক্ৰত সংবিধান প্ৰণেতা বি.আৰ. আম্বেদকাৰক স্মৰণ কৰি ভাষণ আৰম্ভ কৰে ড০ হীৰেন গোঁহাইয়ে৷ ড০ গোঁহাইয়ে কয় যে বাবৰী মছজিদৰ ওপৰত দিয়া ৰায় বাস্তৱসন্মত নহয়, বিশ্বাস আৰু জনশ্ৰুতি ওপৰতহে দিয়া ৰায় আছিল৷ লাহে লাহে বৈজ্ঞানিক চিন্তাধাৰা বিলুপ ঘটিছে৷ তদুপৰি তেওঁ কয় যে লাচিতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছে কিন্তু সেয়া মাত্ৰ আবেগেৰে, তথ্য একোৱেই নাই৷ বৰ্তমান ব্যৱস্থা আবেগেৰে চলিছে বুলি মন্তব্য কৰে ড০ গোহাঁইয়ে৷ লগতে তেওঁ কয় যে প্ৰতিটো জাতিৰ বীৰক শেহতীয়াকৈ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছে চৰকাৰে৷ কিন্তু সেই বীৰসকলে কেৱল মুছলমানক পৰাস্ত কৰাৰ বিষয়টোক বেছিকৈ গুৰুত্ব দিছে ৷ মূল সূত্ৰ পাহৰাই কেৱল জাতি-ধৰ্ম ইত্যাদি ধাৰাত চলিছে৷

ইফালে ভাৰতৰ ইতিহাসৰ বিকৃতকৰণ সম্পৰ্কে দুয়োগৰাকী আলোচকে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। কোনোৱে ইতিহাস সম্পৰ্কে নিজা নিজা দৃষ্টিভংগীৰে বিশ্লেষণ কৰি তাক সম্প্ৰসাৰণ ঘটাই সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি আক্ষেপ প্ৰকাশ কৰে। ড০ ৰমেশ চন্দ্ৰ কলিতাই লাচিত বৰফুকনৰ ইতিহাস সম্পৰ্কেও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সভাত উপস্থিত থাকে ৰাণী গোহাঁই,নন্দিনী আলোচনীৰ সম্পাদক মাইনী মহন্ত,প্ৰবীণ ৰাজনৈতিক নেতা হেমেন দাস আদিয়ে।