Logo
image

"মই ইয়াত থকাৰ সময়ত আপুনি তাত কিয় থাকিব লাগে" : নলবাৰীত ADCক ধমক মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্ক : নলবাৰীত হঠাৎ খং উঠিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷  হঠাৎ DC, ADC ক'ত বুলি মাতিলে মুখ্যমন্ত্ৰীয়ে৷ DC, ADCক কাষত বিচাৰি নাপাই খং উঠিল মুখ্যমন্ত্ৰীগৰাকীৰ৷

নলবাৰীত জনতাক সম্বোধনৰ পিছত এগৰাকী বৃদ্ধাই নিজৰ অভিযোগ লৈ মুখ্যমন্ত্ৰীৰ কাষ চাপিছিল৷ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বৃদ্ধাগৰাকীয়ে অভিযোগ দিবৰ বাবে কাষ চাপিছিল মুখ্যমন্ত্ৰীৰ৷ বৃদ্ধাগৰাকীৰ অভিযোগ মীমাংসা কৰিবলৈ DC, ADCক কাষত বিচাৰি নাপাই খং উঠিল মুখ্যমন্ত্ৰীগৰাকীৰ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ADC চয়নিকা ঠাকুৰীয়াক কয়, মই ইয়াত থকাৰ সময়ত আপুনি তাত কিয় থাকিব লাগে৷ আধা আধা প্ৰশিক্ষণ দি পঠালে নেকি বুজি নাপালোঁ বুলিও ADCক উদ্দেশ্যি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ লগতে বৃদ্ধাগৰাকীৰ নাম-ঠিকানা লৈ ততালিকে অৰুণোদয় লিষ্টত নাম ভৰাই দিবৰ বাবেও ADC চয়নিকা ঠাকুৰীয়াক নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

ইয়াৰ পূৰ্বে নগাঁৱৰ উপায়ুক্তক ধমক দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে৷ উপায়ুক্তৰ নিৰ্দেশত মুখ্যমন্ত্ৰীৰ কয়ভয় পাৰ হ'ব বাবে যাত্ৰীবাহী বাছৰ লগতে ব্যক্তিগত বাহনসমূহ আৱদ্ধ কৰি ৰাখিছিল৷ তাৰ পিছতে নগাঁৱৰ উপাযুক্তক জনসাধাৰণক হাৰাশাস্তি নকৰিব বুলি কৈ ধমক দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে৷