Logo
image

মৃত্যু এতিয়া সহজ!নৱগ্ৰহত ৯ হাজাৰ টকীয়া পেকেজ

ডিজিটেল ডেস্ক, ৭ ডিচেম্বৰ: পৰিয়াল, মিতিৰ কুটুমৰ অভাৱত নিষ্ঠুৰ জীৱনৰ বিয়লি বেলাত বহুতেই হৈ পৰে নিসংগ  মৃত্যুৰ পাছত আনকি সৎকাৰৰ বাবেও ভাৰাত আনিব লগা হয় মানুহ৷ গুৱাহাটী তথা  চহৰ অঞ্চলত মৃতদেহ সৎকাৰৰ বাবে ওলাই নাহে মানুহ৷ অনেক সময়ত দেখা যায় যে জীৱনৰ বিয়লি বেলা অনেক বৃদ্ধ-বৃদ্ধা হৈ পৰে এলাগী৷ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত ৰাখি একাংশই কটায় বিলাসী জীৱন৷ বৰ্তমান সময়ত এনেবোৰ বিষয় অতি প্ৰাসংগিক বিষয়৷ আনফালে মৃত্যু এতিয়া সহজ৷ ক’ভিডৰ পাছৰে পৰা বাটে ঘাটে কাৰ কত আকস্মাৎ  মৃত্যু ঘটিছে, ইয়াৰ কোনো  লেখ জোখ নাই৷ পৰিৱৰ্তিত সামাজিক পৰিস্থিতি আৰু মৃতদেহ সসন্মানে সৎকাৰৰ বাবেও কোনো মানুহ নথকালৈ চাই গুৱাহাটীৰ নৱগ্ৰহ শ্মশান সমিতিয়ে যুগুত কৰি উলিয়াইছে এক বিশেষ ৯ হাজাৰ টকীয়া পেকেজ৷ এই পেকেজৰ বিষয়ে সদৰি কৰি গুৱাহাটী নৱগ্ৰহ শ্মশান সমিতিৰ অন্যতম সদস্য হীৰামন চৌধুৰীয়ে আজি সাংবাদিকৰ আগত এনেদৰে কয়– ‘মৃতদেহ সৎকাৰৰ বাবে কেও কিছু  নথকা লোকসকলে নৱগ্ৰহ শ্মশানত মৃত্যুৰ পূৰ্বে ৯ হাজাৰ টকা আগতীয়াকৈ দি নিজৰ সৎকাৰৰ বুকিং কৰি থব পাৰিব৷ বুকিং কৰা লোকৰ মৃত্যু হ’লে নৱগ্ৰহ শ্মশান সমিতিয়ে ঘৰৰ পৰা গাড়ীৰে  সসন্মানেৰে শৱদেহ নৱগ্ৰহ শ্মশানলৈ লৈ আহিব৷ গাড়ীৰে অনা খৰচৰ লগতে  খৰি, বাহৰ ঢাৰি, বাহৰ চাঙী, বগা চাদৰ, ধূপ-ধূনা, তুলসী পুলি, তিল, ঘিউ, সুগন্ধি মিলি সমগ্ৰ পেকেজটোত খৰচ হ’ব মাত্ৰ ৯ হাজাৰ টকা৷ ইয়াৰ ফলত মৃত্যুৰ পিছত আৰু কোনো মানুহ এলাগী হ’ব নালাগে৷ পশ্চিমীয়া দেশতো এনে আণ্ডাৰটেকেন গ্ৰুপ আছে৷’ লক্ষনীয় যে আজি সাংবাদিকৰ লগত নৱগ্ৰহ শ্মশান সমিতিৰ সদস্য হীৰামন চৌধুৰীয়ে এই ঘোষণা কৰিলেও অৱশ্যে শ্মশানখনৰ সম্পাদক প্ৰবীণ বৰঠাকুৰে এই প্ৰতিবেদকেৰে হোৱা বাৰ্তালপৰ এনে কোনো সিদ্ধান্ত নৱগ্ৰহ শ্মশান সমিতিয়ে এতিয়ালৈ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা নাই বুলিহে সদৰি কৰে৷ এক প্ৰকাৰে ইয়াত প্ৰকাশ পাইছে শ্মশানখনৰ অভ্যন্তৰত ঘটি থকা মতানৈক্য তথা লবীকেন্দ্ৰিকতাৰ কথা৷ অভিযোগ অনুসৰি ৬০ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা নৱগ্ৰহৰ গেছ চালিত শ্মশানখন অজ্ঞাত কাৰণত চাৰি বছৰে বন্ধ হৈ আছে৷