Logo
image

ৰঞ্জিত হত্যাৰ বাবে ছুপাৰি দিছিল আমিৰে, আঁৰত কোন

ডিজিটেল ডেস্ক, ৭ ডিচেম্বৰ: গুৱাহাটীৰ ব্যৱসায়ী তথা পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ আঁৰৰ কাহিনী যেন উন্মোচন কৰাৰ দিশে আগবাঢ়িছে গুৱাহাটী আৰক্ষী৷ পাঞ্জাবাৰীৰ আই চি আই চি আই বেংকত ধন জমা দিবলৈ আহোতেই বিগত ২১ নৱেম্বৰৰ দিনৰ প্ৰায় ১১.৫৮ বজাত গ্লেমাৰ বাইকত অহা দুই দুবৃৰ্ত্তই ব্যৱসায়ীজনক গুলীয়াই হত্যা কৰি টকাৰ বেগ লৈ উধাও হৈছিল৷ হত্যাকাণ্ডৰ এপষেক অতিক্ৰম কৰাৰ পাছতো   তদন্তকাৰী আৰক্ষীয়ে দুবৃৰ্ত্তক চিনাক্ত কৰিব নোৱাৰি হত্যাকাৰীৰ সন্ধান দিওঁতালৈ নগদ ধনৰ পুৰষ্কাৰো ঘোষণা কৰিবলগীয়া হৈছিল৷ কিন্তু ‘স্মাৰ্ট’ গুৱাহাটী আৰক্ষীয়ে নিজৰ অসহায় অৱস্থাৰ মাজতে ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ ‘ক্লু’ লাভ কৰা বুলি দাবী কৰিছে৷ অৱশ্যে পূৰ্বতেও ঘটনাৰ দিনা গুৱাহাটী আৰক্ষীৰ শীৰ্ষ বিষয়াই হত্যাকাণ্ডৰ ‘ক্লু’ লাভ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মিছা তথ্য যোগান ধৰি মুখ্যমন্ত্ৰীক ৰাইজৰ সন্মুখত লাজত পেলাইছিল৷ লক্ষণীয়ভাৱে এইবাৰ লাভ কৰা ‘ক্লু’ৰ ভিত্তিতে তদন্ত আৰম্ভ কৰি গুৱাহাটী আৰক্ষীয়ে পাঞ্জাবাৰীৰ আমিৰ আলী আনৰ এজন লোকক মৰিগাঁৱৰ বড়ীগাঁৱৰ শহুৰেকৰ ঘৰৰ পৰা সোমবাৰে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে নিশাই আমিৰ আলীক মাৰাথান জেৰা কৰাৰ লগতে ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত আমিৰৰ সহযোগী চিণ্টু মেধি ওৰফে কিশোৰ নামৰ এজন যুৱককো গ্ৰেপ্তাৰ কৰিছে৷ ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ গোচৰত ধৃত আমিৰ আলী আৰু চিণ্টু মেধিক মঙলবাৰে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই পাঁচ দিনৰ জিম্মাত লৈছে তদন্তকাৰী দিছপুৰ আৰক্ষীয়ে৷ অৱশ্যে এই পৰ্যন্ত ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত আমিৰ আলী আৰু চিণ্টু মেধি কিদৰে জড়িত সেই সন্দৰ্ভত গুৱাহাটী আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো কথা সদৰী কৰা নাই যদিও তদন্তকাৰী আৰক্ষীৰ সূত্ৰই আমিৰক গ্ৰেপ্তাৰৰ সন্দৰ্ভত প্ৰকাশ কৰিছে কেতবোৰ বিস্ফোৰক তথ্য৷ তদন্তকাৰী আৰক্ষীৰ সূত্ৰটোৱে পাঞ্জাবাৰীৰ আমিৰ আলীয়ে ব্যৱসায়ী ৰঞ্জিত বৰাক হত্যা কৰাৰ বাবে চিণ্টু মেধি আৰু আন এজন যুৱকক ছুপাৰি দিয়া বুলি দাবী কৰিছে৷ কিন্তু আমিৰ আলীয়ে ছুপাৰি দিয়াৰ আঁৰত কোন জড়িত তাক ৰাজহুৱা কৰিব বিচৰা নাই সূত্ৰটোৱে৷ অৱশ্যে আৰক্ষীৰ সূত্ৰটোৱে হত্যাকাণ্ডৰ আঁৰত ব্যৱসায়িক সংঘাত তথা পাৰিবাৰিক সংঘাতৰো সম্ভাৱনা নুই কৰা নাই৷ কিয়নো হত্যাকাণ্ডৰ দিনা বেংকত টকা জমা দিয়াৰ উদ্দেশ্যেৰে ৰঞ্জিত দাসে ঘৰৰ পৰা ওলাই আহিছিল ৷ পূৰবী ডেইৰী বিতৰক ৰঞ্জিত দাসে প্ৰতিদিনে বেংকত নিৰ্দিষ্ট সময়ত ধন জমা দিবলৈ অহাৰ বিষয়টো তেওঁৰ ব্যৱসায়িক সহযোগী, পূৰবী ডেইৰীৰ কৰ্মচাৰী, আইচিআইচিআই বেংকৰ কৰ্মচাৰী আৰু আত্মীয় লোকহে অৱগত আছিল৷ সেই সূত্ৰেই গুলীচালনাত জড়িত দুবৃৰ্ত্তই ৰঞ্জিত বৰাই বেংকত ধন জমা দিবলৈ অহা বিষয়টো যে পূৰ্বৰ পৰাই অৱগত আছিল সেয়া স্পষ্ট৷ তদন্তকাৰী আৰক্ষীৰ সূত্ৰটোৱে লগতে দাবী কৰা মতে মোবাইল টাৱাৰ লোকেশ্বন আৰু চিচিটিভি ফুটেজৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে আমিৰ আলী আৰু চিণ্টু মেধিক৷ তদুপৰি আমিৰৰ বাইকখন আৰু হত্যাকাণ্ডত ব্যৱহৃত চিচিটিভিৰ ফুটেজত ধৰা পৰা বাইকখনৰ সাদৃশ্য দেখা পাইছে আৰক্ষীয়ে৷ আনহাতে ২১ নৱেম্বৰৰ হত্যাকাণ্ডৰ দিনাৰে পৰা আমিৰ আৰু চিণ্টুৰ মোবাইল ফোনৰ চুইছ অফ হৈ আছিল বুলিও দাবী কৰিছে তদন্তকাৰী আৰক্ষীৰ সূত্ৰটোৱে৷ তেতিয়াৰে পৰা দুয়োটাকে আৰক্ষীয়ে বিচাৰি ফুৰিছিল যদিও কোনো সম্ভেদ লাভ কৰা নাছিল৷ আনহাতে আমিৰ আলী ড্ৰাগছ আসক্ত হোৱাৰ লগতে ইতিপূৰ্বে অপৰাধজনিত গোচৰত গ্ৰেপ্তাৰো হৈছে৷ তদুপৰি শেহতীয়াকৈ আমিৰে গুৱাহাটী আৰক্ষীৰ ইনফৰ্মাৰ হিচাপে কামো কৰিছিল৷ ইফালে চিণ্টু মেধিৰ বিৰুদ্ধেও অপৰাধজনিত গোচৰ থকা বুলি আৰক্ষীৰ সূত্ৰটোৱে দাবী কৰিছে৷ ৰাজপথত মহিলাৰ ডিঙিৰ পৰা চেইন থপিয়াই নিয়া গোচৰত সন্দেহজনক অভিযুক্ত হৈছে চিণ্টু৷ সোমবাৰে মৰিগাঁৱৰ শহুৰেকৰ ঘৰৰ পৰা আমিৰ আলীক আটক কৰাৰ পাছতেই শহুৰেকৰ পৰিয়ালে প্ৰকাশ কৰা মতে ২ ডিচেম্বৰত আমিৰ আহিছিল শহুৰেকৰ ঘৰলৈ৷ পত্নী সন্তান সম্ভৱা হোৱাৰ বাবে আমিৰে খবৰ ল’বলৈ অহা বুলিও শাহুৱেকে প্ৰকাশ কৰিছে৷ সোমবাৰে বড়ীগাঁৱৰ শহুৰেকৰ ঘৰৰ পৰা যাবলৈ ওলাওতেই আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় আমিৰক৷ অৱশ্যে আমিৰৰ পত্নী আৰু শাহুৱেকে আমিৰে ড্ৰাগছ সেৱন কৰাৰ কথাও সাংবাদিকক জানিবলৈ দিয়ে৷ আনহাতে ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত ভঙাগড়ৰ পৰা গ্ৰেপ্তাৰ কৰা চিণ্টু মেধি নিৰ্দোষী বুলি দাবী কৰিছে চিণ্টুৰ ভাতৃয়ে৷ চিণ্টুৰ ভাতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ঘটনা সময়ত চিণ্টুৱে এটিএমৰ পৰা ধন উলিয়াবলৈ ঘৰৰ পৰা ওলাই আহিছিল৷ আনকি এটিএমৰ পৰা ধন উলিওৱা বেংকৰ এছএমএছ সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন  কৰিছে চিণ্টুৰ ভাতৃয়ে৷ স্বাভাৱিকতে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো তথ্য ৰাজহুৱা নকৰাত ৰঞ্জিত বৰাৰ হত্যাকাণ্ড এই মুহূৰ্ততো যেন ৰহস্যৰ আৱৰ্ততে আছে৷