Logo
image

আজি গান্ধী মণ্ডপত কেবিনেট, ২০ ডিচেম্বৰৰ পৰা শীতকালীন অধিৱেশন

ডিজিটেল ডেস্ক, ৭ ডিচেম্বৰ: প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত গুৱাহাটী মহানগৰীৰ ভিতৰতে অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক৷ গুৱাহাটীৰ ঐতিহ্যপূৰ্ণ গান্ধীমণ্ডপত অনুষ্ঠিত হ’ব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কেবিনেট বৈঠক৷ কাইলৈ বুধবাৰে বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক৷ কেবিনেট বৈঠকখনত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য, সৰ্বানন্দ  সোণোৱালৰ কাৰ্যকালৰ পৰা ৰাজধানীৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ পদক্ষেপ লোৱা হয়৷ সেইমতে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন অঞ্চলত কেবিনেট বৈঠক অনুষ্ঠিত কৰি আহিছে চৰকাৰখনে৷ অৱশ্যে পূৰ্বে দিছপুৰৰ অসম সচিবালয় চৌহদৰ বাহিৰত গুৱাহাটী মহানগৰীৰ ভিতৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰা হোৱা নাছিল৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হবলগীয়া কেবিনেট বৈঠকখন যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে অসম চৰকাৰৰ মুখ্য সচিবৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা প্ৰশাসনে লৈছে বিশেষ তৎপৰতা৷ এই তৎপৰতাৰ অংশহিচাপে মঙলবাৰে মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমে যুটীয়াভাৱে গান্ধীমণ্ডপ চৌহদকে ধৰি সংযোগী পথছোৱাত এক উচ্ছেদ অভিযান চলায়৷ মহানগৰ আৰক্ষীৰ সহযোগত চলোৱা যুটীয়া উচ্ছেদ অভিযানত কেইবাটাও বাসগৃহৰ সন্মুখৰ বেৰ, টিনপাটৰ চালিঘৰ, পথৰ দাতিত থকা এটি শিৱ মন্দিৰ উচ্ছেদ কৰা হয়৷ পুৱাৰ ভাগত গুৱাহাটী পৌৰ নিগমৰ এটি বৃহৎ দলে দক্ষিণ শৰণীয়াৰ পথৰ দাতিত থকা শাকপাচলি, ফলমূলৰ দোকান সমূহ উচ্ছেদ কৰে৷ আনকি একাংশ দোকানৰ সামগ্ৰীসমূহ পৌৰ নিগমৰ অভিযানকাৰী দলে গাড়ীত উঠাই লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ উচ্ছেদ অভিযানৰ বলি হোৱা একাংশ ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমক জনোৱা অনুসৰি  কেবিনেট বৈঠকৰ নামত চলোৱা উচ্ছেদ অভিযান এক চমক সৃষ্টিৰ নাটকৰ বাহিৰে আন একো নহয়৷ ২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন৷ পাঁচদিনীয়াকৈ উক্ত অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷