Logo
image

২৩জন জ্যেষ্ঠ লেখকলৈ সাহিত্যিক পেঞ্চন

ডিজিটেল ডেস্ক, ৭ ডিচেম্বৰ: ৰাজ্যৰ ২৩জন জ্যেষ্ঠ লেখকলৈ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন ঘোষণা কৰিছে অসম চৰকাৰে৷ বিশিষ্ট কথাশিল্পী, সাহিত্যিক হোমেন বৰগোহাঞিৰ ৯১সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি ‘কথা শিল্পীলৈ শ্ৰদ্ধাঞ্জলি’ শীৰ্ষক কাৰ্যসূচীত বুধবাৰে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই সাহিত্যিক পেঞ্চনসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব৷ দিনৰ ১১ বজাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া ২০২২ বৰ্ষৰ  সাহিত্যিক পেঞ্চন প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননী গোপাল মহন্ত, বিশিষ্ট লেখক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী উপস্থিত৷ ৰাজ্য চৰকাৰৰ উচ্ছ শিক্ষা বিভাগে বাছনি কৰা ২০২৩ বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰাপক সকলৰ নাম, জিলা, বয়স, ভাষা, প্ৰকাশিত পুথিৰ নাম এনেধৰণৰ – তৰুণ বৰ্মন [জিলা- কামৰূপ মহানগৰ, বয়স- ৬৮, ভাষা- অসমীয়া, প্ৰকাশিত পুথি- ভিন্ন সময় অভিন্ন আলাপ প্ৰবন্ধ গুচ্ছ], আনন্দ ৰাম ঔৱাৰী [ জিলা- বাগ্‌সা, বয়স - ৬৮, ভাষা- বড়ো, প্ৰকাশিত পুথি- থিম্পো ডাবাইনাই নোৱাংনি বড়ো নোৱানিয়াও আগন], অশোক কুমাৰ বাৰ্মা [জিলা- কাছাৰ, বয়স- ৭৭, ভাষা- বঙালী, প্ৰকাশিত পুথি- ভোবেৰ সচাই ব্ৰিটিছ দ্বীপ-পুঞ্জ], ৰতিশ দাস [ জিলা- হোজাই, বয়স- ৬২, ভাষা- বঙালী, প্ৰকাশিত পুথি- আত্মাৰামৰ নাকশী কণ্ঠ অন্য এটি ডিনাৰ জৈন্য],  শৈলেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য [জিলা- কামৰূপ মহানগৰ, বয়স- ৭০, ভাষা- অসমীয়া, প্ৰকাশিত পুথি মঞ্জিৰি নীৰবধি লংখু পৰাই আতুৰ], ৰত্নেশ্বৰ নাৰ্জাৰী [জিলা- কাৰ্বি আংলং, বয়স- ৬৩, ভাষা- বড়ো, প্ৰকাশিত পুথি- ৰংমিলিনী মিনিনাই সানু গৌৰৱ আৰু বাই ডি চলো], মনোমতি কুৰ্মী [জিলা- শোণিতপুৰ, বয়স ৬৪, ভাষা- অসমীয়া, প্ৰকাশিত পুথি- নীৰৱ অনুভূতি বৰ লুইতৰ পাৰ], পৰান কুমাৰ বৰুৱা [জিলা- নগাঁও, বয়স- ৬৩, ভাষা- অসমীয়া, প্ৰকাশিত পুথি- পণ্ডিত দীন দয়াল উপাধ্যায়াৰ জীৱন আৰু কৰ্ম সাধনা সাহিত্যৰথীৰ দৃষ্টি কৃপাবৰ বৰুৱা],  শ্ৰুতি কুমাৰ সিংহ [জিলা- হোজাই, বয়স- ৬৪, ভাষা- অসমীয়া মণিপুৰী, প্ৰকাশিত পুথি- কেলেণ্ডাৰ ইন অসমীয়া ভাষা [কবিতা] নংপোকটাগিছু নংপোক ইন লেংগুৱেজ], ড॰ বসন্ত কুমাৰ শৰ্মা [জিলা- বজালী, বয়স- ৭৪, ভাষা- অসমীয়া, প্ৰকাশিত পুথি- প্ৰতীক্ষা জোনাকী পৰুৱাৰ পোহৰ], ডাঃ  বিদ্যেশ্বৰ দলে, [জিলা- ধেমাজি, বয়স ৭২, ভাষা- অসমীয়া মিচিং, প্ৰকাশিত পুথি- মিচিং বা-নে কেৱাং অতীজৰ ৰেঙনি মিচিং সমাজ-সংস্কৃতিৰ ৰূপ ৰেখা], ড॰ ভাৰতী দত্ত, [জিলা- ডিব্ৰুগড়, বয়স- ৬৬, ভাষা- অসমীয়া অসমীয়া, প্ৰকাশিত পুথি- সাহিত্য সুৱাস জীৱন সন্ধ্যা], প্ৰকাশ চন্দ্ৰ ৰাভা, [জিলা- গোৱালপাৰা, বয়স ৭০, ভাষা- অসমীয়া ৰাভা, প্ৰকাশিত পুথি- প্ৰাচীন বৈষম্যৰ ইতিবৃত্ত পইটি], নিজৰা বৰঠাকুৰ, [জিলা- গোলাঘাট, বয়স ৬৯, ভাষা- অসমীয়া, প্ৰকাশিত পুথি-স্বপ্না-সত্য বাস্তৱ আলোদিত অন্ধকাৰ], দেৱপ্ৰসাদ তালুকদাৰ, [জিলা- কামৰূপ মহানগৰ, বয়স ৬২, ভাষা- অসমীয়া, প্ৰকাশিত পুথি- টোপনীতে নাংগলা খোলৰ শব্দ ৰ’দ থকালৈকে দিনৰ ধেমালি], ডাঃ জয়ন্ত কুমাৰ গোস্বামী, [জিলা- কামৰূপ মহানগৰ, বয়স ৬৩, ভাষা- অসমীয়া, প্ৰকাশিত পুথি- পখিলামন বিজ্ঞান বিচিত্ৰ], ড॰ মলয়া খাউণ্ড, [জিলা- কামৰূপ মহানগৰ, বয়স ৭৯, ভাষা- অসমীয়া, প্ৰকাশিত পুথি- ভক্তি আন্দোলন আৰু অসমত নৱ ৱৈষ্ণৱ ধৰ্ম, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু তেখেতৰ উপন্যাস], ধীৰেন্দ্ৰ তালুকদাৰ, [জিলা- বজালী, বয়স- ৭৫, ভাষা- অসমীয়া, প্ৰকাশিত পুথি- বজালীৰ শব্দকোষ মহাভাৰতৰ সৰু সৰু কথা-খণ্ড-ৰ], বিপুল চন্দ্ৰ ভট্টাচাৰ্য, [জিলা- নগাঁও, বয়স- ৬৫, ভাষা- অসমীয়া, প্ৰকাশিত পুথি- কৃষ্ণবটাগ্ৰাম-খণ্ড-দুই ধৰ্ম], শিশিৰ সেনগুপ্তা, [জিলা কামৰূপ মহানগৰ, বয়স- ৬৭, ভাষা- অসমীয়া বঙালী, প্ৰকাশিত পুথি- প্ৰতিভা, অভিজ্ঞতাৰ আধাৰত], পৰী ৰংপী, জিলা- কাৰ্বি আংলং, বয়স- ৭২,  ভাষা- অসমীয়া, প্ৰকাশিত পুথি- জোঁৱাৰত মোৰ কবিতা হূদয়ৰ বুৰবুৰণি], ৰফিকুল হুছেইন, [জিলা- গোলঘাট, বয়স- ৬৭, ভাষা- অসমীয়া, প্ৰকাশিত পুথি- বিষাদ বসন্দ সংঘাৰ], অচ্যুতানন্দ দেৱ গোস্বামী, [জিলা- বিশ্বনাথ, বয়স ৮২, ভাষা- অসমীয়া, প্ৰকাশিত পুথি- নৱবৈষ্ণৱ ভক্তি আন্দোলন, ছয়দুৱাৰত স্বাধীনতা সংগ্ৰামৰ ইতিবৃত্ত৷]

সাহিত্যিক উপেন্দ্ৰ বৰকটকীক সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা বঁটা প্ৰদান 

বিশিষ্ট লেখক উপেন্দ্ৰ বৰকটকীক আজি নগাঁৱত সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা বঁটা প্ৰদান কৰা হয়৷ অগ্ৰণী সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান অনুপ্ৰেৰণাই বিশিষ্ট সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰে৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পণ্ডিত যজ্ঞেশ্বৰ শৰ্মাৰ আজি জন্মদিনৰ লগত সংগতি ৰাখি বৰকটকীক এই বঁটা প্ৰদান কৰা হয়৷ নগাঁও মহাবিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰ্ষীয়ান সাহিত্যিক বৰকটকীয়ে সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা বঁটা গ্ৰহণ কৰে৷ বঁটা গ্ৰহণ কৰি পৰম সন্তুষ্টি লাভ কৰা বুলি উল্লেখ কৰি বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে কয়, প্ৰত্যক্ষভাৱে শিক্ষাবিদ যজ্ঞেশ্বৰ শৰ্মা ছাৰৰ মই ছাত্ৰ নহ’লেও তেওঁৰ গুণৰাজী আৰু ব্যক্তিত্বই মোক মুগ্ধ কৰিছিল৷ আনহাতে পাণ্ডিত্য আৰু প্ৰতিভা এই দুয়োটাই যজ্ঞেশ্বৰ শৰ্মাৰ জীৱনত সু-সমন্বয় ঘটিছিল বুলি উল্লেখ কৰি বৰকটকীয়ে লগতে কয় যে পাণ্ডিত্য আৰু প্ৰতিভাই তেখেতক মহিমামণ্ডিত কৰিছিল৷ এই পাণ্ডিত্য আৰু প্ৰতিভাৰ লগত যজ্ঞেশ্বৰ শৰ্মাৰ আন দুটা সম্পদো আছিল৷ সেই দুটা হৈছে অধ্যয়ন আৰু অধ্যাপনা৷ অধ্যয়ন আৰু অধ্যাপনাক তেওঁ জীৱনৰ ব্ৰত হিচাপে লৈছিল৷ জ্ঞানপিপাসু এইগৰাকী ব্যক্তিয়ে শৈক্ষিক ডিগ্ৰীৰে মানুহক মূল্যায়ন কৰা নাছিল৷ আনহাতে পাঠ্যক্ৰমৰ প্ৰায় সকলো বিষয়তে দখল থকা যজ্ঞেশ্বৰ শৰ্মাৰ পাঠদান পদ্ধতি কেৱল আনন্দদায়কেই নাছিল প্ৰেৰণা দায়কো আছিল বুলি বিশিষ্ট সাহিত্যিক বৰকটকীয়ে মত প্ৰকাশ কৰে৷ প্ৰসংগ ক্ৰমে তেওঁ যজ্ঞেশ্বৰ শৰ্মাৰ এক প্ৰগতিবাদী চিন্তা থকাৰ বিষয়ে উল্লেখ কৰি এই বিষয়ে বিশেষ আলোচনা হোৱা নাই বুলিও কয়৷ আনহাতে অম্বিকাগিৰী ৰায় চৌধুৰী, বেণুধৰ শৰ্মা আৰু যজ্ঞেশ্বৰ শৰ্মা এই তিনিগৰাকীক নিজৰ আৰাধ্য ব্যক্তি বুলিও সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে মন্তব্য কৰে৷ নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অনুপ্ৰেৰণাৰ প্ৰতিষ্ঠাপক সম্পাদক দীপজ্যোতি শইকীয়াই উপস্থিত বিশিষ্ট ব্যক্তি সকলক আদৰণি জনোৱাৰ লগতে সামাজিক-সাংস্কৃতিক অনুষ্ঠান অনুপ্ৰেৰণাই বিগত সময়ত ৰূপায়ণ কৰা বিভিন্ন বঁটা প্ৰদান অনুষ্ঠান আৰু কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে৷ অধিবক্তা তথা সাংস্কৃতিক কৰ্মী মুকুল বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ বৰকটকীয়ে নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ বিষয়ে উল্লেখ কৰি কয়, যজ্ঞেশ্বৰ শৰ্মাই শতপত্ৰৰ জৰিয়তে আমাক কবিতাৰ মন্দিৰলৈ সোমাই যোৱাৰ বাট দেখুৱাই দিছিল৷ নগাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ কৰবী দেৱীয়ে গুৰুবন্দনাৰে আৰম্ভ কৰা বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাহিত্য সমালোচক প্ৰভাত বৰা, সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ কনিষ্ঠ পুত্ৰ ডাঃ প্ৰমেশ কুমাৰ শৰ্মা,  অনুপ্ৰেৰণাৰ উপদেষ্টা মনোমতী কুৰ্মী, সুশেন শৰ্মা, শিক্ষাবিদ জীৱেশ্বৰ গোস্বামী, সাহিত্যিক মণিমালা শইকীয়াৰ লগতে নগাঁও মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে৷