Logo
image

আজমল এজন সিয়ান, সুবিধাবাদীঃ ড॰ গোহাঁই

ডিজিটেল ডেস্ক, ৭ ডিচেম্বৰ: ‘বদৰুদ্দিন আজমল বৰ সুবিধাবাদী মানুহ৷ তেওঁৰ নিজৰ স্বাৰ্থৰ কাৰণে আজি এইটো কয়, কাইলৈ সেইটো কয়৷ পাকৈত ৰাজনীতিবিদ, সিয়ান মানুহ৷’ –এই মন্তব্য বিশিষ্ট চিন্তাবিদ ড॰ হীৰেন গোহাঁইৰ৷ মঙলবাৰে দীঘলীপুখুৰী পাৰৰ গৌৰিসদনত ৰাইজৰ দৃষ্টিত স্বাধীনতাৰ ৭৫ বছৰ সমিতিৰ দ্বাৰা আয়োজিত ‘ভাৰতৰ ইতিহাসৰ বিকৃতকৰণ’ শীৰ্ষক আলোচনাচক্ৰত অংশগ্ৰহণ কৰি আজমলৰ শেহতীয়া অভব্য, অসংস্কৃত মন্তব্য সন্দৰ্ভত  সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ড॰ গোহাঁয়ে কয়–‘তেওঁ যিটো কাণ্ড কৰিছে, সেইটো অত্যন্ত নিকৃষ্ট৷ কিন্তু মোৰ বিশ্বাস নহয় যে এই নিকৃষ্ট কাণ্ডটো বদৰুদ্দিনে অকলে কৰিছে৷ তাৰ অন্তৰালত আৰু কিছু কথা আছে৷ নহ’লে ইমানখিনি কথা কোৱাৰ সাহস নকৰে৷ যিটো পাৰ্টিয়ে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে প্ৰশংসাত পঞ্চমুখ হ’ল, তেওঁৰ ফাণ্ডত ৫৬ লাখ টকা দিলে, সেই পাৰ্টিৰ চেয়াৰমেনে হঠাৎ হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিব–এইটো নাটক যেনহে লাগে৷’ ইফালে মূল আলোচনাচক্ৰত বক্তব্য আগবঢ়াই ড॰ গোহাঁয়ে কয়– ‘ভাৰতৰ ইতিহাস বিকৃতকৰণ কৰা হৈছে৷ যুক্তি তথ্যৰে নহয়, আৱেগেৰে ব্যৱস্থা চলিছে৷ লাহে লাহে বৈজ্ঞানিক  চিন্তাধাৰা একেবাৰে নোহোৱা কৰি পেলোৱা হৈছে৷ আমাৰ মাজত এনেকুৱা এবিধ ইতিহাস সুমুৱাই দিয়া হৈছে যাৰ দ্বাৰা আমাৰ অতীত সম্পৰ্কে, আমাৰ নিজৰ সম্পৰ্কে সম্পূৰ্ণৰূপে ধাৰণা সলনি হৈ গৈছে৷ বাবৰি মছজিদৰ ৰায়ো বাস্তৱসন্মত নহয়৷ বাবৰে এই মছজিদ ধবংস কৰাৰ কোনো ঐতিহাসিক প্ৰমাণ নাই৷ চুপ্ৰিম কৰ্টে অতি ধিক্কাৰজনক ৰায় দিলে৷ তাতো তেওঁলোকে স্বীকাৰ কৰিছে যে মছজিদ ধবংসৰ তথ্য নাই৷ বিজ্ঞানসন্মতভাৱে নহয়, আৱেগেৰে লাচিতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা হৈছে৷ প্ৰতিটো জাতিৰ বীৰক চৰকাৰে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছে৷ কিন্তু সেই বীৰসকলে মুছলমানক পৰাস্ত কৰাৰহে প্ৰাধান্য দিয়া হৈছে৷ মূল সূত্ৰ পাহৰাই কেৱল জাতি, ধৰ্ম ইত্যাদি ধাৰাত বসবৰ্তি কৰা হৈছে৷’

আজমলৰ বিৰুদ্ধে বৰপেটাত গোচৰ

এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে শেহতীয়াভাৱে কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বৰপেটা জিলা বিজেপি৷ বদৰুদ্দিন আজমলে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু হিন্দু সমাজৰ পুৰুষক লৈ কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে বৰপেটা জিলা বিজেপিৰ নেতৃবৃন্দই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে আজি সন্ধিয়া বৰপেটা সদৰ থানাত বদৰুদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ জিলা বিজেপিৰ সাধাৰণ সম্পাদককে ধৰি জিলা বিজেপিৰ এটা সজাতি দলৰ সৈতে থানাত উপস্থিত হৈ জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসে এজাহাৰ দাখিল কৰে৷ এজাহাৰ দাখিল কৰাৰ পাছতে অনিল কুমাৰ দাসে কয় যে, ২ ডিচেম্বৰত বদৰুদ্দিন আজমলে বৈদু্যতিন মাধ্যমত হিন্দু ধৰ্মৰ বিশ্বাস আৱেগ অনুভূতিৰ ওপৰত আঘাত হানি হিন্দু আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলক উদ্দেশি উপলুঙাসূচক মন্তব্য ৰাখিছিল৷ বদৰুদ্দিনে এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰ জৰিয়তে হিন্দু আৰু ইছলাম ধৰ্মলম্বী লোকসকলৰ মাজত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰাৰ বাবে এচামক প্ৰৰোচিত কৰা বুলিও মন্তব্য কৰে অনিল দাসে৷ জিলা বিজেপিৰ সভাপতিজনে কয় যে, হিন্দু আৰু ইছলাম ধৰ্মৰ মহিলাসকলৰ ওপৰত অসন্মানসূচক মন্তব্য কৰি বদৰুদ্দিন আজমলে সমগ্ৰ নাৰী সমাজকো হেয় প্ৰতিপন্ন কৰিছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সন্দৰ্ভতো অপমানসূচক মন্তব্য কৰি আজমলে মুখ্যমন্ত্ৰীকো সমাজত হেয় প্ৰতিপন্ন কৰিছে বুলি উল্লেখ কৰে জিলা বিজেপিৰ সভাপতিজনে৷ বদৰুদ্দিনৰ এনেধৰণৰ মন্তব্যৰ ফলত হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত যিকোনো সময়তে ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হ’ব পাৰে বুলি উল্লেখ কৰি বৰপেটা জিলা বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে, বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় এজাহাৰ দাখিল কৰা হৈছে৷