Logo
image

মাৰ্চত ৩০ হাজাৰ পদৰ বিজ্ঞাপন

ডিজিটেল ডেস্ক, ৭ ডিচেম্বৰ: সোমবাৰৰ পৰা আৰম্ভ হোৱা ‘বিকাশৰ বাবে এটা পষেক’ শীৰ্ষক কাৰ্যসূচীৰ আজি দ্বিতীয় দিনা নলবাৰীত প্ৰায় ৭০০ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰা হয়৷ সোমবাৰে বঙাইগাঁৱত উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত আজি নলবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুঠ ৬৭৮.৪৩ কোটি টকা ব্যয়সাপেক্ষ ১২টা প্ৰকল্পৰ উদ্বোধন তথা শিলান্যাস কৰে৷ এই উপলক্ষে জিলাখনৰ সৰিয়হতলীস্থিত জিলা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত  এখন বিশাল জনসভাত মুখ্যমন্ত্ৰীয়ে মঞ্চৰ পৰাই ডিজিটেল পদ্ধতিৰে এই প্ৰকল্পসমূহৰ আধাৰশিলা তথা উদ্বোধন কৰে৷ সেইমৰ্মে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ সৰিয়হতলীত ৫১.৪৬ কোটি টকা ব্যয়সাপেক্ষ প্ৰস্তাৱিত জিলা ক্ৰীড়া প্ৰকল্প নিৰ্মাণ, ৪৯.৪৫ কোটি টকা ব্যয়সাপেক্ষ সংহত জিলা উপায়ুক্ত কাৰ্যালয়, ৫.০৪ কোটি টকা ব্যয়সাপেক্ষ নলবাৰী চৰকাৰী পলিটেকনিকক এক উৎকৰ্ষৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ বাবে কৰ্মশালা তথা বিজ্ঞানসন্মত গৱেষণাগাৰ নিৰ্মাণ, ৫.০৪ কোটি টকা ব্যয়সাপেক্ষ নলবাৰী চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক এক উৎকৰ্ষৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ বাবে কৰ্মশালা তথা বিজ্ঞানসন্মত পৰীক্ষাৰগাৰ নিৰ্মাণ, ৪৯৬১.৫০ লাখ টকা ব্যয়সাপেক্ষ গোহাঁইকমল আলিৰ পৰা এন টি ৰোডত, বৰমূৰিকোণা সোণকুৰিহা, কমাৰকুছি, উলুবাৰী হৈ হাজো নলবাৰী পথলৈ [বিজুলীঘাট] পাগলাদিয়া নদীৰ মথাউৰি তথা পথ নিৰ্মাণ, ১১.৬৫০২ কোটি টকা ব্যয়সাপেক্ষ নদলা ড্ৰেনেজ চেনেলৰ ৰে’ললাইনৰ পৰা বুঢ়াদিয়া নৈলৈ মথাউৰি তথা পথ নিৰ্মাণ,  ২১১৪.৭৯ লাখ টকা ব্যয়সাপেক্ষ নলবাৰী-পল্লা পথৰ শ’লমাৰাৰ পৰা বিল্বেশ্বৰ দেৱালয় হৈ বনগাঁও-জাগাৰা পথলৈ বহলীকৰণ আৰু উন্নীতকৰণ,  অসম মালাৰ অধীনত ১৯৮.৮১২৮ কোটি টকা ব্যয়সাপেক্ষ মুকালমুৱা-জাগাৰা-বনগাঁও পথ নিৰ্মাণৰ লগতে ১০৬.৭৭৫৫ কোটি টকা ব্যয়সাপেক্ষ নলবাৰী চহৰৰ মূল ৬টা পথৰ উন্নীতকৰণ আৰু সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ আনহাতে, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ৫৪.১৭ কোটি টকা ব্যয়সাপেক্ষ নলবাৰী উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয় শুভ উদ্বোধন কৰাৰ লগতে নলবাৰীত স্থাপন কৰা ৮৪৭.৮৮ লাখ টকা ব্যয়সাপেক্ষ উপ-আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ আৰু অসম মালাৰ অধীনত নিৰ্মিত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে ৯ নম্বৰ ৰাজ্যিক ঘাইপথ সংযোগী ১১৭৮১ লাখ টকা ব্যয়সাপেক্ষ বিশ্বনাথ শৰ্মা পথৰ আজি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য যে, ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰৰ কাষত সংহত উপায়ুক্ত কাৰ্যালয় নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত নলবাৰী নগৰৰ মাজমজিয়াত দেখা নাযাব উপায়ুক্তৰ কাৰ্যালয়কে ধৰি একাধিক চৰকাৰী কাৰ্যালয়৷ উক্ত প্ৰকল্পসমূহৰ আধাৰশিলা তথা উদ্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আজিৰ দিনটো অত্যন্ত আনন্দ আৰু স্মৰণীয় দিন৷ বিকাশৰ বাবে এটা পষেক কাৰ্যসূচী হিচাপে প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১১খন জিলা সামৰি মুঠ ১৫,০০০ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শিলান্যাস আৰু শুভ উদ্বোধন কৰাৰ কাম হাতত লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ৫-২০ জানুৱাৰীত আন কেইবাখনো জিলাত পুনৰ ১৫,০০০ কোটি টকাৰ শিলান্যাস তথা প্ৰকল্পৰ শুভ উদ্বোধন কৰা হ’ব৷ আনহাতে, বৰাক উপত্যকাত এই কাম ফেব্ৰুৱাৰীত আৰম্ভ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে৷ নলবাৰীৰ ইতিহাস সম্পৰ্কে উল্লেখ কৰি জিলাখনৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰ সদায় দায়বদ্ধ বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ ১২ ডিচেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ জৰিয়তে নতুন হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি দোহাৰি উক্ত আঁচনিত নলবাৰী জিলাৰ নতুনকৈ ২৩ হাজাৰ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে৷ আনহাতে, নলবাৰী জিলাৰ ২৪ হাজাৰ পৰিয়ালক নতুনকৈ বিনামূলীয়া ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয় যে, উক্ত ৰেচন কাৰ্ডৰ জৰিয়তে দুখীয়া ৰাইজে ভাৰতৰ যিকোনো নিৰ্ধাৰিত চিকিৎসালয়ত ৫ লাখ টকালৈকে চিকিৎসা সেৱা বিনামূলীয়াকৈ লাভ কৰিব৷ নলবাৰী অসামৰিক চিকিৎসালয়খন নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে চামিল হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে, উক্ত চিকিৎসালয়খন সু-সজ্জিত কৰ্কট চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হ’ব৷ ইপিনে, জিলাখনৰ ধৰ্মপুৰ সমষ্টিত অন্তৰ্গত চামতা ষ্টেডিয়ামৰ বাবে ১২ কোটি টকাৰ অনুদান আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উক্ত সভাতে ঘোষণা কৰে৷ আনহাতে, নিৰ্বাচনৰ সময়ত চৰকাৰে এক লাখ নিবনুৱাক চাকৰি দিব বুলি প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি, ইতিমধ্যে বিভিন্ন বিভাগত ৪০ হাজাৰক নিযুক্তি দিয়া হৈছে৷ আনহাতে, ৩০ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে, বাকী ৩০ হাজাৰ পদৰ বাবে বিজ্ঞাপন মাৰ্চৰ পূৰ্বে দিয়া হ’ব৷ মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে, এইখন চৰকাৰে ৰাইজক ভূমিৰ অধিকাৰ প্ৰদান কৰিছে৷ প্ৰযুক্তিৰ সহায়েৰে বিভিন্ন সেৱাৰ কাম আগবঢ়োৱা হৈছে৷ এইখন চৰকাৰে দুৰ্নীতি নিবাৰণৰ অৰ্থে কঠোৰতকৈ কঠোৰ পন্থা হাতত লৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত বিকাশৰ গংগা নমাই অনা হৈছে বুলি মন্তব্য কৰি বিকাশৰ জৰিয়তে অসমক ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই চৰকাৰখনক আশীৰ্বাদ দিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়৷ নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা উক্ত সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ, ৰঞ্জিত কুমাৰ দাস, কেশৱ মহন্তয়ো ভাষণ আগবঢ়ায়৷ জনাকীৰ্ণ সভাত প্ৰাক্তন বিধায়ক অশোক শৰ্মা, নাৰায়ণ ডেকা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ বিদ্যুৎ চন্দ্ৰ ডেকা, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ প্ৰহ্লাদ যোশী, উপায়ুক্ত গীতামণি ফুকনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ছাত্ৰ-ছাত্ৰীৰ সৈতে তাৰকাগৃহ চালে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাইঃ বহু প্ৰত্যাশিত নলবাৰী তাৰকাগৃহ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই তাৰকাগৃহটো হৈছে উত্তৰ-পূবৰ ভিতৰতে প্ৰথমটো থ্ৰী ডি তাৰকাগৃহ৷ উল্লেখ্য যে, বিগত ২০১২ চনৰ ২১ মে’ত তেতিয়াৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰী তাৰকাগৃহৰ শিলান্যাস স্থাপন কৰিছিল৷ আজি মুকলি কৰাৰ পাছতেই ছাত্ৰ-ছাত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰকাগৃহ উপভোগ কৰে৷  উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তক বিচাৰি হায়ৰাণ মুখ্যমন্ত্ৰীঃ সৰিয়হতলীৰ জিলা ক্ৰীড়া প্ৰকল্পত আজি এগৰাকী বৃদ্ধাই মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি অৰুণোদইকে ধৰি চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হোৱা বিষয়টো দৃষ্টিগোচৰ কৰাত জিলাখনৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তক বিচাৰি হায়ৰাণ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ ডিচি, এডিচি ক’ত বুলি কেইবাবাৰো চিঞৰি মতাৰ পাছতো উত্তৰ লাভ নকৰাত হঠাৎ খঙ উঠে মুখ্যমন্ত্ৰীৰ৷ কিছু সময় পাছত মুখ্যমন্ত্ৰীৰ কাষত এজন অতিৰিক্ত উপায়ুক্ত উপস্থিত হোৱাত অতিৰিক্ত উপায়ুক্তজনক উক্ত বৃদ্ধাগৰাকীৰ নামটো অৰুণোদই আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে৷ আজমলৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰহণ কৰিব বিহিত ব্যৱস্থাঃ আজমলৰ বিৰুদ্ধে কেইবাটাও গোচৰ দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, এই সকলোবোৰ গোচৰ কৰিমগঞ্জ আৰক্ষী থানালৈ প্ৰেৰণ কৰা হৈছে৷ সেইমৰ্মে কৰিমগ? আৰক্ষীয়ে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷