Logo
image

ভাৰতীয় সভ্যতা-সংস্কৃতিৰ বাবে সন্ত্ৰাস বদৰুদ্দিন আজমল : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ডিজিটেল ডেস্ক : এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যই গৰম কৰিছে ৰাজ্যৰ ৰাজনীতি৷ নাৰী সমাজক অপমান কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈও অপমানসূচক মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে৷ ইয়াৰ পিছতে আজমলৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাখনো থানাত গোচৰ ৰুজু কৰা হৈছে৷ কিন্তু শেহতীয়াকৈ বিতৰ্কিত মন্তব্যৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিছে বদৰুদ্দিন আজমলে৷

আজমলৰ বিতৰ্কিত মন্তব্যক লৈ পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে ভাৰতবৰ্ষৰ সভ্যতা-সংস্কৃতিক আঘাত হনা মন্তব্যৰ পিছত ক্ষমা খুজিলেই বিতৰ্ক শেষ হৈ নাযায়৷ তেনেকুৱা হ'লে মানুহে যিকোনো কথা কোৱাৰ পিছত ক্ষমা খুজিব৷ লগতে মন্ত্ৰী জয়ন্ত মল্লই কয় যে তেওঁ অনুসূচনাত ভুগি ক্ষমা খুজিছে যদি ভাল কথা৷ কিন্তু তেওঁৰ কথাৰ পৰা বুজা যায় যে তেওঁৰ মনত এনেধৰণৰ কথা আগৰে পৰা আছে৷  তেওঁ নাৰী জাতিক তেনেদৰে ভাবে বাবে অপমানসূচক মন্তব্য কৰিছে৷ 

তদুপৰি মন্ত্ৰী জয়ন্ত মল্লই কয় যে বদৰুদ্দিন আজমল এজন ৰাজনৈতিক সন্ত্ৰাসবাদী৷ তেওঁ মুখা পিন্ধি এই সন্ত্ৰাস চলাই আছিল৷ আজমলে চলোৱা সন্ত্ৰাস ভাৰতীয় সভ্যতা-সংস্কৃতিৰ বিৰুদ্ধে, হিন্দু সভ্যতা-সংস্কৃতিৰ বিৰুদ্ধে৷ কিন্তু তেওঁৰ শেহতীয়া মন্তব্যত মুখাখন খোল খালে৷ অসমৰ জনসাধাৰণে আজমলৰ এনে মন্তব্যৰ বিৰোধ কৰিব লাগে৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘লাভ জেহাদ’ সন্দৰ্ভত উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এআইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল কেতবোৰ অভব্য মন্তব্য কৰিছিল৷ মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ তেওঁ কেতবোৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰে আজমলে৷ আজমলে মুখ্যমন্ত্ৰীকো ৪/৫জনী মুছলমান ছোৱালীক পলুৱাই নি লাভ জেহাদ কৰিবলৈ মুকলি আহ্বান জনািছিল৷ বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্যৰ কেইবাখনো থানাত গোচৰ ৰুজু কৰা হৈছে৷