Logo
image

আমিৰেই ৰঞ্জিতৰ হত্যাকাৰী? নিশ্চিত হ’ব পৰা নাই আৰক্ষী

ডিজিটেল ডেস্ক,৮ ডিচেম্বৰ:  পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাৰী কোন এই লৈ এতিয়া নিজেই বিবুধিত পৰিছে ‘স্মাৰ্ট’ গুৱাহাটী আৰক্ষী৷ ব্যৱসায়ীজনৰ হত্যাত জড়িত থকাৰ অভিযোগত আমিৰ আলী আৰু চিণ্টু মেধি নামৰ ড্ৰাগ্‌ছ আসক্ত তথা সৰবৰাহকাৰী দুজন লোকক গ্ৰেপ্তাৰ কৰিলেও খোদ আৰক্ষীয়েই এই মুহূৰ্তত যেন প্ৰকৃত হত্যাকাৰীক লৈ নিশ্চিত হ’ব পৰা নাই৷ ফলত ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ ঘটনা আজিও যেন ধূসৰ হৈ আছে৷ গুৱাহাটী পূব আৰক্ষী জিলাৰ ডি চি পি সুধাকৰ সিঙে আমিৰৰ স্বীকাৰোক্তিৰ ভিত্তিৰ্ত হত্যাকাণ্ডত ব্যৱহূত মটৰ চাইকেল আৰু পিষ্টলটো জব্দ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰিলেও গুৱাহাটী আৰক্ষীয়ে ব্যৰ্থতা তথা নিজৰ অক্ষমতা ঢাকিবলৈ আমিৰ আৰু চিণ্টুক গ্ৰেপ্তাৰৰ নাটক   ৰচা বুলিও খোদ আৰক্ষীৰ ভিতৰচ’ৰাতে সৰৱ চৰ্চা চলিছে৷ উল্লেখ্য, বিগত ২১ নৱেম্বৰত দিনৰ প্ৰায় ১১.৪৫ বজাত পাঞ্জাবাৰীৰ আই চি আই চি আই বেংকত ধন জমা দিবলৈ আহোতেই বেংকটোৰ সমীপতে বাইকত অহা দুজনীয়া দুবৃৰ্ত্তই ৰঞ্জিত বৰাক গুলীয়াই হত্যা কৰি ধনৰ বেগ লৈ উধাও হৈছিল৷ কিন্তু হত্যাকাণ্ডৰ এপষেক অতিক্ৰম কৰাৰ পাছতো গুৱাহাটী আৰক্ষীয়ে দুবৃৰ্ত্তৰ কোনো ‘ক্লু’ এটাও উদ্‌ঘাটন কৰিবলৈ সক্ষম হোৱা নাছিল৷ আৰক্ষীয়ে এই ব্যৰ্থতাৰ বাবে সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে দিনৰ পোহৰতো গুৱাহাটীত নাগৰিকৰ জীৱনৰ নিৰাপত্তা নোহোৱা বুলিও অভিযোগ উঠিছিল৷ আৰক্ষীৰ এই অকৰ্মণ্যতাৰ বাবে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ শীৰ্ষ বিষয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো ককৰ্থনাৰ সন্মুখীন হ’বলগীয়া হয়৷ কিন্তু এই ব্যৰ্থতাৰ মাজতে সোমবাৰে মৰিগাঁৱত বড়ীগাঁৱস্থিত শহুৰেকৰ ঘৰৰ পৰা পাঞ্জাবাৰীৰ আমিৰ আলী নামৰ যুৱকজনক ৰঞ্জিত বৰাৰ হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পাছতেই আৰক্ষীয়ে গুৱাহাটীৰ চিণ্টু মেধি নামৰ আন এজন যুৱককো বৰাৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰি মঙলবাৰে দুয়োজনকে আদালতত হাজিৰ কৰোৱাই প্ত দিনৰ বাবে নিজৰ জিম্মাতো লয় তদন্তকাৰী আৰক্ষীয়ে৷ আমিৰ আৰু চিণ্টুক পৰিয়ালৰ গুৱাহাটীৰ ৰাজপথত মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিয়া গোচৰত আটক কৰা বুলি অৱগত কৰিছিল যদিও  অভিযুক্তদ্বয়ৰ সৈতে ৰঞ্জিত বৰাৰ হত্যাৰ সম্পৰ্কৰ কোনো কথাই ইতিপূৰ্বে ঘূণাক্ষৰেও ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে তদন্তকাৰী আৰক্ষী৷ অৱশ্যে, আৰক্ষীৰ সূত্ৰই মোবাইল টাৱাৰ লোকেশ্বন আৰু চিচিটিভি ফুটেজৰ ভিত্তিত যুৱকদ্বয়ক ৰঞ্জিত বৰাৰ হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰে৷ কিন্তু তদন্তকাৰী আৰক্ষীৰ এই ৰহস্যজনক স্থিতিয়ে সকলোৰে মনত সন্দেহৰ সৃষ্টি কৰাত বুধবাৰে মুখ খুলিবলৈ বাধ্য হয় গুৱাহাটী আৰক্ষীয়ে৷ এই সন্দৰ্ভত ডিচিপি সুধাকৰ সিঙে বুধবাৰে সংবাদ মাধ্যমৰ আগত কয়– ‘পৰ্যাপ্ত তথ্য প্ৰমাণৰ ভিত্তিত আমিৰ আলী আৰু চিণ্টু মেধিক গ্ৰেপ্তাৰ কৰা হৈছে৷ হত্যাকাণ্ডত ব্যৱহাৰ হোৱা ৯ এম এম পিষ্টলটো তিনিজাই সজীৱ গুলীৰ সৈতে আমিৰৰ মটৰ চাইকেলখনৰ পৰা উদ্ধাৰ কৰা হৈছে৷ পাঞ্জাবাৰীৰ এটা গুদামৰ পৰা  বাইকখনো জব্দ কৰা হৈছে৷ ন্যায়ালয়ক সকলো তথ্য প্ৰমাণ দাখিল কৰা হ’ব৷’ অৱশ্যে তদন্তকাৰী আৰক্ষীৰ এই ভাষ্যক পোনছাটেই নস্যাত কৰিছে ধৃত চিণ্টু মেধিৰ ভাতৃয়ে৷ সংবাদ মাধ্যমত আগত চিণ্টুৰ ভাতৃৰ অভিযোগ– ‘২১ নৱেম্বৰৰ হত্যাৰ ঘটনা দিনা পুৰণি এটা গোচৰত আদালত হাজিৰ হৈছিল চিণ্টু৷ আনকি ঘটনাৰ সময়ত বেংকৰ এটিএমৰ  পৰা  ধন উলিয়াইছিল চিণ্টু মেধিয়ে৷ আৰক্ষীয়ে মহিলাৰ ডিঙিৰ পৰা চেইন টানি নিয়া গোচৰতহে চিণ্টুক বিচাৰিছে বুলি আমাক জনাইছিল৷ ৰঞ্জিত বৰাৰ হত্যাত চিণ্টু কেতিয়াও জড়িত নহয়৷ সি ড্ৰাগ্‌ছ সেৱন কৰে সঁচা কথা, কিন্তু হত্যাত জড়িত নাছিল৷ আৰক্ষীয়ে ব্যৱসায়ীজনৰ প্ৰকৃত হত্যাকাৰীক চিনাক্ত কৰি শাস্তি দিয়ক৷’ লক্ষণীয়ভাৱে ৰঞ্জিত বৰা হত্যাত দুৰ্বৃত্তই এখন গ্লেমাৰ বাইক ব্যৱহাৰ কৰা বুলি প্ৰথমে আৰক্ষীয়ে প্ৰকাশ কৰিছিল যদিও তদন্তকাৰী আৰক্ষীয়ে পাঞ্জাবাৰীৰ কৃষি বিভাগৰ পৰিত্যক্ত গুদামৰ পৰা  এ এছ ০১-ই এম-৩৫৮০ নম্বৰৰ এখন এফ জেদ বাইকহে জব্দ কৰিছে৷ স্বাভাৱিকতেই এতিয়া তদন্তকাৰী আৰক্ষী আৰু অভিযুক্তৰ পৰিয়ালৰ এনে পৰস্পৰ বিৰোধী বক্তব্যত ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ ঘটনা অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷