Logo
image

শিক্ষকে কম্পিউটাৰৰ ব্যৱহাৰ জানিবই লাগিব!মন্ত্ৰী পেগু

ডিজিটেল ডেস্ক,৮ ডিচেম্বৰ: ‘শিক্ষকে কম্পিউটাৰৰ ব্যৱহাৰ জানিবই লাগিব৷ বহু শিক্ষকে মোক কয়– ছাৰ বুঢ়া শালিকাই মাত নলয় নহয়৷ আমাক আৰু যাবলৈ দিয়ক৷ মই কৈছোঁ– ন’, ময়ো বুঢ়া শালিকা, মাত ল’ব পাৰিছোঁ বহু ক্ষেত্ৰত৷’– এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ‘জ্ঞান কি ৰোচনি’ কাৰ্যসূচীৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা ৰাজ্যৰ ১৯৬খন বিদ্যালয়লৈ চাইণ্টিফিক কেচিও কেলকুলেটৰ  প্ৰদান অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কম্পিউটাৰ নজনাটো শিক্ষকৰ এটা অজুহাত বুলি মন্তব্য কৰি কয়– ‘মই যদি পাৰোঁ, আপোনালোকে কিয় নোৱাৰিব৷ খালী নিজৰ শিকাৰ আৰু ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰাৰ আগ্ৰহ থাকিব লাগিব৷ সমগ্ৰ শিক্ষাৰ পৰা কম্পিউটাৰ বিদ্যালয়খনলৈ যোগান দিয়া হৈছে৷ পেকেটটো পেকেট ভাৱেই আছে৷ তাক খোলাই নাই৷ মই সুধিছোঁ– আপোনালোকে এইটো খোলা নাই কিয়, কিয় ফিটিং কৰা নাই৷ তেওঁলোকে কৈছে আমি নাজানো নহয়৷ মই অসমীয়াৰ মাষ্টৰ কম্পিউটাৰ নাজানো৷ মই বুৰঞ্জীৰ মাষ্টৰ কম্পিউটাৰ নাজানো৷ এইটো নজনাটো এটা অজুহাত৷ আধুনিক প্ৰযুক্তিৰ কথা নজনাটো এটা অজুহাত৷ কাইলৈ কোনোবাই টিভিটোও চলাব নোৱাৰোঁ বুলি ক’ব পাৰে৷ কোনোবাই ক’ব পাৰে ইণ্টিগ্ৰেটেড ফ্লেট পেনেলটো আমি চলাব নোৱাৰোঁ৷ নো, আপোনালোকে জানিব লাগিব৷ আহি থকা দিনত প্ৰত্যেক শিক্ষক-শিক্ষয়িত্ৰীয়ে চাকৰি পাবলৈ হ’লে কম্পিউটাৰৰ জ্ঞান থাকিবই লাগিব৷ বিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষকৰ নূন্যতম চাইণ্টিফিক টেম্পাৰমেণ্ট থাকিব লাগিব৷ কম্পিউটাৰৰ নলেজ থাকিব লাগিব৷ ডিজিটেল, ভাৰ্ছুৱেল ৱ’ল্ড এখনৰ জৰিয়তে আমি শিক্ষা গ্ৰহণ কৰিব লাগিব৷’ উল্লেখ্য, আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱেদৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগ আৰু কেচিও ইণ্ডিয়াৰ উদ্যোগত লগতে গ্ৰাম্য উন্নয়ন কেন্দ্ৰ আৰু গ্লোৱেল হাণ্ট ফাউণ্ডেশ্বনৰ সহযোগত জ্ঞান কি ৰোচনি কাৰ্যসূচীৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা ৰাজ্যখনৰ ১৯৬খন বিদ্যালয়ক চাইণ্টিফিক কেচিও কেলকুলেটৰ প্ৰদান কৰা হয়৷ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি সমূহ বিদ্যালয়ৰ পৰা ৯০ শতাংশতকৈ অধিক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে সেইসমূহ বিদ্যালয়ক এই কাৰ্যসূচীৰ দ্বাৰা সামৰি লোৱা হৈছে৷ উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ৰাজ্যখনৰ বিদ্যালয়সমূহত তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে কেচিও ইণ্ডিয়াই গ্ৰহণ কৰা এই পদক্ষেপকো প্ৰশংসা কৰে৷ উল্লেখ্য, প্ৰতিখন বিদ্যালয়ক ২০টাকৈ এই চাইণ্টিফিক কেচিও কেলকুলেটৰ প্ৰদান কৰা হৈছে৷ আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড॰ ননী গোপাল মহন্ত, সমগ্ৰ শিক্ষাৰ মিচন সঞ্চালক ড॰ ওম প্ৰকাশ, মাধ্যমিক শিক্ষা সঞ্চালকলয়ৰ সঞ্চালিকা মমতা হোজাইৰ লগতে কেচিও ইণ্ডিয়াৰ বিষয়ববীয়াসকলৰ উপৰি বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত থাকে৷

নিয়মীয়া শিক্ষকৰো হ’ব বাৰ্ষিক মূল্যায়ণঃ শিক্ষামন্ত্ৰী

কেৱল ঠিকাভিত্তিক শিক্ষকেই নহয়, নিয়মীয়া শিক্ষকসকলৰো হ’ব বাৰ্ষিক মূল্যায়ণ৷– এই কথা সদৰী কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ এপৰ জৰিয়তে ঠিকাভিত্তিক শিক্ষকসকলৰ নম্বৰ ভিত্তিত বাৰ্ষিক মূল্যায়ণ তথা এপ্ৰাইজেলৰ বাবে শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰাৰ পাছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঠিকাভিত্তিক শিক্ষকসকলৰ মাজত৷ আনকি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি সৰ্বশিক্ষাৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক আৰু ষ্টেটপুলৰ শিক্ষক সংগঠনে আন্দোলন কাৰ্যসূচীৰো ঘোষণা কৰিছে৷ কিন্তু ঠিকাভিত্তিক শিক্ষকৰ এই ভাবুকিত সিদ্ধান্ত সলনি কৰা নহয় বুলি স্পষ্ট কৰি দি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বুধবাৰে সংবাদ মাধ্যমৰ আগত কয়– ঠিকাভিত্তিক শিক্ষকসকলে এখন চুক্তিত স্বাক্ষৰ কৰি চাকৰিত যোগদান কৰিছে৷ কৰ্মচাৰীয়ে চৰকাৰক ভাবুকি দিয়াটো কেনে কথা মই বুজি পোৱা নাই৷ চৰকাৰখনে কৰ্মচাৰীৰ পৰা নূন্যতম যিখিনি আশা কৰে তাৰ বাবে বাৰ্ষিক এপ্ৰাইজেল বিচৰা হৈছে৷ সেয়া ঠিকা চুক্তিৰ এটা অংশ৷ কোনোবাই প্ৰশ্ন কৰিছে, নিয়মীয়া শিক্ষকৰ ক্ষেত্ৰত কিয় নহয়? নিয়মীয়া শিক্ষকৰ ক্ষেত্ৰতো এচিআৰ প্ৰয়োগ কৰা হ’ব আৰু ঠিকাভিত্তিক শিক্ষকৰ ক্ষেত্ৰতো এপ্ৰাইজেলৰ ব্যৱস্থা হ’ব৷ নম্বৰ ভিত্তিত মূল্যায়ণক লৈ ঠিকাভিত্তিক শিক্ষকসকল আতংকিত হৈছে কিয়? মূল্যায়ণ কৰিবলৈ নম্বৰক ভিত্তি কৰিয়েই ল’ব লাগিব৷ নম্বৰক লৈ ঠিকাভিত্তিক শিক্ষকসকল চিন্তিত হ’ব নালাগে৷