Logo
image

এনআৰচি দূৰ পৰাহত

ডিজিটেল ডেস্ক,৮ ডিচেম্বৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী দূৰ পৰাহত৷ নাগৰিকপঞ্জীৰ কাম কেতিয়া আৰু কেনেদৰে সম্পূৰ্ণ হ’ব তাৰ কোনো উত্তৰ নাই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত৷ বাস্তৱত নাগৰিকপঞ্জীকলৈ কেন্দ্ৰীয় চৰকাৰ যে মুঠেই দায়বদ্ধ নহয় সেই কথা আজি ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ এক বিবৃতিত স্পষ্ট হৈ পৰে৷ সদনৰ প্ৰশ্নোত্তৰকালত তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰায়ে নাগৰিকপঞ্জী সংক্ৰান্ত সকলো দায় এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ ওপৰত এৰি দিয়া পৰিলক্ষিত হয়৷    এইক্ষেত্ৰত মন্ত্ৰীজনে উচ্ছতম ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশনাৰ দোহাই দিয়ে৷ সদনক অৱগত কৰি তেওঁ কয় যে, উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ২০১৯ চনৰ ৩১ আগষ্টত নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত তথা বহিৰ্ভূত লোকসকলৰ পৰিপুৰক তালিকা প্ৰকাশ পাইছিল৷ ন্যায়ালয়ে লগতে এই নিৰ্দেশো প্ৰদান কৰিছে যে নাগৰিকপঞ্জীৰ সকলো তথ্য আধাৰসদৃশ সুৰক্ষিত উপায়েৰে সংৰক্ষণ কৰিহে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ মহাপঞ্জীয়কৰ ওচৰত নাগৰিপকপঞ্জীত অন্তৰ্ভুক্ত তথা বহিৰ্ভূতসকলৰ তালিকা ৰাজ্যিক সমন্বয়কে দাখিল কৰিব পাৰিব৷ পিছে পৰিপুৰক তালিকা প্ৰকাশ পোৱাৰ তিনিবছৰ পাছতো ৰাজ্যিক সমন্বয়কে আধাৰসদৃশ উপায়েৰে নাগৰিকপঞ্জীৰ তথ্যসমূহ সুৰক্ষিত কৰিছে নে নাই কিম্বা এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে নে নাই সেই কথা বিভাগীয় ৰাজ্যমন্ত্ৰীজনে সম্পূৰ্ণ এৰাই চলাহে পৰিলক্ষিত হয়৷ বাস্তৱত সাংসদ সুস্মিতা দেৱৰ প্ৰশ্ন আছিল– অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কেতিয়া সম্পূৰ্ণ হ’বঞ্জ সাংসদজনৰ দ্বিতীয় প্ৰশ্ন আছিল– অসমত নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ চৰকাৰে কি ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছেঞ্জ বাস্তৱত এই দুই প্ৰশ্নৰ কোনো পোনপটীয়া উত্তৰ আজি দিবই নোৱাৰিলে মন্ত্ৰী ৰায়ে৷ কেৱল উচ্ছতম ন্যায়ালয়ে আগবঢ়োৱা নিৰ্দেশৰ দোহাই দি এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দিশে তেওঁ বল ঠেলি দিয়া পৰিলক্ষিত হয়৷ মন্ত্ৰী ৰায়ৰ বিবৃতিৰ পৰা এয়াই প্ৰতীয়মান হৈছে যে, দৰাচলতে কেন্দ্ৰই নাজানে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কেতিয়া শেষ হ’ব৷ আনকি কেনেদৰে নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব তাৰো কোনো পৰিকল্পনা নাই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত৷ আনহাতে, অসমীয়াৰ সাংবিধানিক ৰক্ষা কৱচ সম্পৰ্কীয় অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ ৰূপায়ণৰ বাবে গঠন কৰা কমিটীৰ প্ৰতিবেদন সন্দৰ্ভত বিভাগীয় ৰাজ্যমন্ত্ৰীজনে কমিটীৰ প্ৰতিবেদনখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আইনী আৰু সাংবিধানিক প্ৰত্যাহ৩ান থকা বুলি স্পষ্ট কৰি দিয়ে৷ তেওঁ কয় যে, ৰাজ্য চৰকাৰে এই প্ৰত্যাহ৩ানসমূহ অধ্যায়ন কৰি আছে৷ উল্লেখ্য যে, সাংসদ সুস্মিতা দেৱৰ তৃতীয় প্ৰশ্ন আছিল— অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে গঠন কৰা কমিটীয়ে প্ৰস্তুত কৰা প্ৰতিবেদনখন এতিয়া কি পৰ্যায়ত আছেঞ্জ দৰাচলতে গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰীজনে এই প্ৰশ্নৰ উত্তৰতো কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতা এৰাই চলা পৰিলক্ষিত হয়৷ ইয়াৰ বিপৰীতে সমগ্ৰ বিষয়টো ৰাজ্য চৰকাৰৰ ওপৰত এৰি দিয়ে৷