Logo
image

মহিলাই ২০-২৫ টা সন্তান জন্ম দিয়াত আপত্তি নাই যদি আজমলে দায়িত্ব লয় : মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক : বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজমলৰ দৰে নেতাই কয় ল'ৰা-ছোৱালী সোনকালে জন্ম দিয়ক, কাৰণ সেইখন এখন সাৰুৱা পথাৰ হৈ থাকে৷ আজমলৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাই সন্তান জন্ম দিয়া ব্যৱস্থাক পথাৰৰ লগত তুলনা কৰিব নোৱাৰি৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাই ২০-২৫ টা সন্তান জন্ম দিব পাৰে যদি খোৱা-বোৱা-পঢ়োৱাৰ খৰচ আজমলে বহন কৰে৷ তেতিয়া সন্তান জন্ম দিয়াত আপত্তি নাই৷ 

বৃহস্পতিবাৰে মৰিগাঁৱত মেডিকেল কলেজৰ ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকি জনতা সম্বোধন কৰাৰ সময়ত বদৰুদ্দিন আজমলক সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্বই৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদি আজমলে খোৱা-পঢ়োৱাৰ খৰচ দিব নোৱাৰে তেন্তে সেই বিষয়ত লেকচাৰ মৰাৰ অধিকাৰ নাই৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে একোএকোজন পুৰুষে তিনি-চাৰিজনীকৈ মহিলা বিয়া কৰোৱাৰ অধিকাৰ স্বাধীন ভাৰতত থাকিব নোৱাৰে৷ এনে ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লাগিব৷ মুছলমান সমাজৰ মহিলাক ন্যায় প্ৰদানৰ বাবে প্ৰচেষ্টা কৰিব লাগিব৷ সবকা সাথ, সবকা বিকাশৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে হিন্দু পৰিয়ালৰ ল'ৰা-ছোৱালীৰ দৰে মুছলমান পৰিয়ালৰ পৰাও ল'ৰা-ছোৱালী ডাক্তৰ-ইঞ্জিনিয়াৰ হ'ব লাগে৷ মুছলমাল লোকৰ সন্তানক পঢ়া-শুনাৰ জৰিয়তে মানৱ সম্পদ নিৰ্মাণ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘লাভ জেহাদ’ সন্দৰ্ভত উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এআইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল কেতবোৰ অভব্য মন্তব্য কৰিছিল৷ মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ তেওঁ কেতবোৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰে আজমলে৷ আজমলে মুখ্যমন্ত্ৰীকো ৪/৫জনী মুছলমান ছোৱালীক পলুৱাই নি লাভ জেহাদ কৰিবলৈ মুকলিকৈ আহ্বান জনািছিল৷ বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্যৰ কেইবাখনো থানাত গোচৰ ৰুজু কৰা হৈছে৷