Logo
image

‘আপ’ মিডিয়া ক্ৰিয়েচনঃ মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক,৯ ডিচেম্বৰ: ‘আপ এটা মিডিয়া ক্ৰিয়েচন, ৰিয়েলিটিত একো নাই৷ মই গুজৰাট বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ১৫০ খন আসনৰ আশে পাশে পাব বুলি আগতেই ঘোষণা ৰিছিলো৷’–এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বৃহস্পতিবাৰে গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে গুজৰাটৰ অভূতপূৰ্ব নিৰ্বাচনী ফলাফলে প্ৰমাণ কৰিলে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভূতপূৰ্ব জনপ্ৰিয়তা অব্যাহত আছে৷ তেওঁৰ জনপ্ৰিয়তাৰ গ্ৰাফ আৰু উৰ্ধমুখী হৈছে৷ লক্ষণীয় আজি মৰিগাঁৱত এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভাষণৰ মাজতে মোদী প্ৰশংসাত পঞ্চমুখহৈ এনেদৰে কয়–‘আজি গুজৰাটত মোদী ডাঙৰীয়া বহুত ডাঙৰকৈ নিৰ্বাচনত জিকিছে৷ গতিকে সকলোৱে মোদী ডাঙৰীয়াই শুনাকৈ ইয়াৰ পৰাই ডাঙৰকৈ ভাৰত মাতা কি জয় ধবনি দিয়ক৷’ মুখ্যমন্ত্ৰীয়ে সমবেত ৰাইজক তিনিবাৰকৈ উচ্ছস্তৰে ভাৰত মাতা কী জয় ধবনি দিয়ায়৷