Logo
image

ৰমাকান্তৰ বেসুৰা গান শুনি মুখ্যমন্ত্ৰীৰ হাঁহি

ডিজিটেল ডেস্ক,৯ ডিচেম্বৰ: পুনৰ গায়কৰ ৰূপত অৱতীৰ্ণ হৈছে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী৷ আনকি পূৰ্বৰ গানৰ ব্যাপক চৰ্চা হোৱাক লৈ উৎফুল্লিত হৈ পৰিছে বিধায়কজন৷ তেওঁ কয়– মোৰ গানটো ইমান হিট হৈছে, মোৰ গান শুনি মানুহ আচৰিত হৈছে, তাত সুৰ সঞ্চাৰ একো নাই৷ কিন্তু ১২ লাখ শ্বেয়াৰ হৈছে৷ মোক মানুহে কয়– আপুনি ঠিক বিধায়ক দেই৷ মই নিজকে  ক’বলৈ বেয়া বাৰু৷ এইজন মুখ্যমন্ত্ৰীয়ে চব কথা জানে৷ কোনে ক’ত বহি আছে চব কথা তেওঁ জানে৷ মুখ্যমন্ত্ৰীলৈ মৰিগাঁৱৰ উন্নয়নৰ আহ্বান জনাই তেওঁ পুনৰ গায়– ‘অ’ ডাঙৰীয়া, ধান এডোন ধাৰলৈ দিবানে দুপৰীয়া? ম’ৰা পালো, জীয়া পালো, তাকো বেছি খালো ভাত, অ’ ডাঙৰীয়া ধান এডোন ধাৰলৈ দিবানে দুপৰীয়া...৷’ উল্লেখ্য, মৰিগাঁও জিলা দিৱসত এটা গীত গাই ব্যাপক চৰ্চালৈ আহিছিল বিধায়ক ৰমাকান্ত দেউৰী৷ পূৰ্বে বিধায়ক দেউৰীয়ে গাইছিল– ‘নোকোৱা কিয় তুমি পেটৰে বেদনা? এই পেটৰ বেদনাই আকৌ এবাৰ কান্দিবই...৷’ মৰিগাঁৱৰ বিধায়ক ৰমাকাণ্ড দেউৰীৰ গান শুনি হাঁহি ৰাখিবই নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷