Logo
image

আছু ত্যাগ : লোকসভা নিৰ্বাচনত অগপৰ সম্ভাব্য প্ৰাৰ্থী দীপাংক কুমাৰ নাথ!

ডিজিটেল ডেস্ক : দীৰ্ঘকাল আছুক সন্মুখৰ পৰা নেতৃত্ব দিয়া দীপাংক কুমাৰ নাথে হঠাৎ সভাপতি পদৰ পৰা পদত্যাগ কৰে৷ বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাত আছুৰ পৰা পদত্যাগৰ কথা ঘোষণা কৰে দীপাংক কুমাৰ নাথে৷ একান্তই ব্যক্তিগত কাৰণত আছু ত্যাগ কৰা বুলি কয় সদ্যপদত্যাগী আছু নেতাগৰাকীয়ে

১৫ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ'ব প্ৰাক্তন আছু নেতাগৰাকী৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয় অধ্যাপিকা ড° ৰূপা হাজৰিকা সৈতে বিবাহপাশত আৱদ্ধ হ'ব দীপাংক কুমাৰ নাথ৷ কিন্তু তাৰ লগে লগে দীপাংক কুমাৰ নাথে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিব বুলিও চৰ্চা চলিছে৷

অসমৰ জাতীয় জীৱনৰ সমস্যাৰ লগতে কা আন্দোলনতো সন্মুখৰ পৰা নেতৃত্ব বহন কৰিছিল দীপাংক কুমাৰ নাথে৷ উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদত যোগদানৰ জৰিয়তে  সদ্যপদত্যাগী আছু নেতাগৰাকীয়ে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিব বুলি চৰ্চা চলিছে৷ লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা অগপৰ সম্ভাব্য প্ৰাৰ্থীৰূপে দীপাংক কুমাৰ নাথৰ নামক লৈ চৰ্চা চলিছে৷

সুদীৰ্ঘ কাল আছুৰ নেতৃত্ব বহন কৰা দীপাংক কুমাৰ নাথে কা আন্দোলনৰ সময়ত শাসনাধিস্থ মিত্ৰজোঁট দলৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছিল৷ কা আন্দোলনৰ সময়ত বিজেপি-অগপক ক্ষুৰধাৰ সমালোচনা কৰিছিল প্ৰাক্তন আছু নেতাগৰাকীয়ে৷ কিন্তু এতিয়া দীপাংক কুমাৰ নাথে অগপত যোগদানৰ জৰিয়তে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিব বুলি ওলোৱা খবৰে আশাহত কৰিছে আঞ্চলিকতাবাদী শিবিৰত৷ ইফালে অগপত যোগদান কৰিব বুলি ওলোৱা খবৰক লৈ এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই প্ৰাক্তন আছু নেতাগৰাকীয়ে৷