Logo
image

কংগ্ৰেছে পালে অক্সিজেন! পৰ্যাপ্ত প্ৰাধান্য নাপালে বিজেপিয়ে

ডিজিটেল ডেস্ক,১০ ডিচেম্বৰ: বিগত দুদিনত দেশৰ একাধিক ৰাজ্যত হোৱা বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ লগতে ফলাফল ওলোৱা পৌৰনিগমৰ নিৰ্বাচনৰ ভিতৰত কেৱল গুজৰাটতহে বিজেপিয়ে জয়লাভ কৰিলে৷ দেশৰ ৰাজনীতিত এই ঘটনা অতিশয় তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ কিন্তু গুজৰাটৰ বিপুল বিজয়ক ভেটি কৰি লৈ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে গুজৰাটৰ ফলাফলে ২০২৪ চনৰ বাবে দেশবাসীলৈ  এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে   আৰু বিজেপিয়ে তেওঁলোকৰ গুজৰাটৰ বাহিৰে অন্যান্য সকলো স্থানত পৰাজয়ৰ কথা লুকুৱাই যিমানেই গুজৰাটৰ বিজয়ক মূলধন হিচাপে নলওক কিয়, প্ৰকৃততে আন আন সকলো নিৰ্বাচনত বিজেপি পৰাজয়েহে দেশৰ ৰাজনীতিলৈ আন এক ইংগিত কঢ়িয়াই আনিছে৷ উল্লেখ্য বৃহস্পতিবাৰে ওলোৱা নিৰ্বাচনী ফলাফলত গুজৰাটত বিপুল বিজয় সাব্যস্ত কৰা একেটা বিজেপি দলেই হিমাচল প্ৰদেশত পৰাজয় বৰণ কৰিলে৷ অথচ হিমাচল প্ৰদেশত শাসনাধিষ্ঠিত দল আছিল বিজেপি৷ তদুপৰি বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নড্ডাৰ গৃহৰাজ্যও হৈছে হিমাচল প্ৰদেশ৷ প্ৰশ্ন উঠিছে যি মোদী ঢৌৱে গুজৰাটৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিক এনে বিপুল বিজয় প্ৰদান কৰিলে সেই একে মোদীৰ যাদু হিমাচল প্ৰদেশত দেখা নগ’ল কিয়? তদুপৰি এদিন পূৰ্বে ফলাফল প্ৰকাশ হোৱা দিল্লী পৌৰনিগমৰ নিৰ্বাচনত আম আদমি পাৰ্টীয়ে বিজেপিৰ ১৫ বছৰীয়া শাসনৰ সমাপ্তি ঘটালে৷ দিল্লীতে সৰ্বদা বিৰাজমান নৰেন্দ্ৰ মোদীক দিল্লীৰ ভোটাৰে পৌৰ নিগমৰ নিৰ্বাচনত গুৰুত্ব নিদিলে কিয়? নৰেন্দ্ৰ মোদীৰ হৰ্ডিং আৰু বিজেপিৰ সাফল্যৰ প্ৰচাৰ দেখিয়েই পুৱাৰ পৰা গধূলিলৈ সময় পাৰ হয় দিল্লীৰ বাসিন্দাৰ৷ তথাপি দিল্লীৰ বাসিন্দাই প্ৰধানমন্ত্ৰী মোদীৰ যাদু নেদেখাটো আশ্চৰ্যকৰ ঘটনা বুলি ৰাজনৈতিক বিশ্লেষকে মন্তব্য কৰিছে৷ যদিহে মোদীৰ ঢৌৱে এতিয়াও দেশৰ নিৰ্বাচনত যাদু দেখুৱাব পৰাৰ ক্ষমতা আছে তেন্তে দিল্লীৰ পৌৰনিগমৰ নিৰ্বাচনতো সেই যাদুৰ অংশ দেখা গ’লহেঁতেন৷ পিছে দেশৰ ভিতৰত তেনেই সৰু পৰিসৰৰ আৰু ৰাজনীতিত নতুন আপৰ হাতত বিজেপিৰ বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল পৰাজিত হ’ল দিল্লীৰ পৌৰনিগমৰ নিৰ্বাচনত৷ হিমাচল প্ৰদেশৰ বিজয়ৰ জৰিয়তে দেশৰ ৰাজনীতিত বিগত কেইবাবছৰো ধৰি শ’লঠেকত পৰি থকা কংগ্ৰেছ দলে অক্সিজেন ঘূৰাই পাইছে৷ আনহাতে, গুজৰাটৰ বাহিৰে হিমাচল প্ৰদেশৰ বিধানসভা, পাঁচটাকৈ সমষ্টিৰ উপনিৰ্বাচন আৰু দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত পৰাজয়ৰ ফলত প্ৰাধান্য হেৰুৱাই পেলাইছে দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বিজেপিয়ে৷ আনহাতে গুজৰাটৰ বাহিৰে বিধানসভা কেন্দ্ৰৰ মাত্ৰ এটা উপ-নিৰ্বাচনত বিজেপিয়ে  বৃহস্পতিবাৰে বিজয় লাভ কৰিবলৈ সমৰ্থ হয়৷ বাকী সকলো উপ-নিৰ্বাচনত পৰাজিত হয় বিজেপি৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ বহুকেইখন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচন হৈ যোৱাৰ পাছতে নিৰ্বাচন অনুষ্ঠিত হ’ব ত্ৰিপুৰা আৰু কৰ্ণাটকত৷ অহা বছৰৰ আৰম্ভণিতে বিধানসভাৰ নিৰ্বাচন হ’বলগীয়া এই দুই ৰাজ্যত এতিয়া ক্ষমতাত আছে বিজেপি৷ কিন্তু দুয়োখন ৰাজ্যতে প্ৰতিষ্ঠান বিৰোধী ঢৌ বিদ্যমান৷ তাৰ পাছতেই বিধানসভাৰ নিৰ্বাচন হ’ব ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ত৷ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সেয়া বিজেপিৰ বাবে বৃহৎ প্ৰত্যাহ৩ান হ’ব বুলি ধাৰণা কৰা হৈছে৷ ঘাইকৈ বৃহস্পতিবাৰে দুখন ৰাজ্য আৰু ছটা বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফল দেখি ৰাজনৈতিক বিশ্লেষকে তেনে ধাৰণা কৰিছে৷ কিয়নো ক্ষমতাত থকা হিমাচল প্ৰদেশ যিদৰে বিজেপিয়ে শক্তিহীন বুলি কৈ থকা কংগ্ৰেছৰ হাতত হেৰুৱাবলগীয়া হ’ল সেইদৰে দেশৰ ছটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পাঁচটাতে বিজেপি পৰাজিত হ’ল৷ অৱশ্যে বিহাৰৰ এটা লোকসভা কেন্দ্ৰত কাণে কানমাৰি বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হয়৷ ইপিনে গুজৰাটত মোদীৰ যাদুৱে কাম কৰা বুলি বিজেপিয়ে বহুল প্ৰচাৰ আৰম্ভ কৰিলেও অৰ্দ্ধ শতাধিক সমষ্টিত আপে ভোট কাঢ়ি নিয়াৰ বাবেহে কংগ্ৰেছৰ প্ৰাৰ্থী পৰাজিত হ’ল৷ অৱশ্যে বিজেপিয়ে সেই বিষয়টো গুৰুত্ব নিদিয়াকৈ মোদীৰ ঢৌক অধিক গুৰুত্ব দিছে৷ বৃহস্পতিবাৰৰ পৰা আজিলৈকে প্ৰত্যেকজন বিজেপি নেতাই গুজৰাটৰ বিজয়ক বিশাল বিজয় হিচাপে আৰু অতি ডাঙৰ ৰাজনৈতিক ঘটনা হিচাপে বুজাবলৈ চেষ্টা কৰিছে আৰু তাৰ কৃতিত্ব সম্পূৰ্ণৰূপে নৰেন্দ্ৰ মোদীৰ কান্ধত অৰ্পণ কৰিছে৷ সেয়া বিজেপিৰ নিৰ্বাচনী ৰণকৌশল৷ যিদৰে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীক বিজেপিয়ে অতিকায় এজন ৰাজনীতিক আৰু দেশৰ নেতা হিচাপে দাঙি ধৰিছিল আৰু তাৰ জৰিয়তে দেশৰ অশিক্ষিত ভোটাৰৰ পৰা পাইকাৰী হাৰত ভোট পাইছিল ঠিক তেনেদৰে গুজৰাটৰ বিজয়কো মোদীৰ বাবে হোৱা বৃহৎ ৰাজনৈতিক ঘটনা হিচাপে দাঙি ধৰিবলৈ বিজেপিয়ে ৰণকৌশল হাতত লৈছে৷ তাৰ আৰম্ভণি কৰিছিল বৃহস্পতিবাৰে স্বয়ং নৰেন্দ্ৰ মোদীয়ে৷ মোদীয়ে কৈছিল গুজৰাটৰ নিৰ্বাচনে দেশবাসীলৈ নতুন বাৰ্তা প্ৰেৰণ কৰিছে৷ পিছে বাস্তৱ দিশত চাবলৈ গ’লে বৃহস্পতিবাৰে ফলাফল ওলোৱা বিধানসভাৰ নিৰ্বাচন আৰু এদিন পূৰ্বে ফলাফল ওলোৱা দিল্লী পৌৰনিগমৰ নিৰ্বাচনৰ ফলাফলৰ ভিতৰত বিজেপিয়ে কেৱল গুজৰাটতহে বিজয় লাভ কৰিবলৈ সক্ষম হ’ল৷ বাকী সকলোতে বিজেপিয়ে পৰাজয়বৰণ কৰিলে৷