Logo
image

আপ-আজমলে সহায় কৰিলে বিজেপিক, কংগ্ৰেছৰ অভিযোগ

ডিজিটেল ডেস্ক,১০ ডিচেম্বৰ: গুজৰাট নিৰ্বাচনত আম আদমি পাৰ্টী [আপ] আৰু বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে সহায় কৰিছে বিজেপিক৷ এই অভিযোগ কংগ্ৰেছ নেতা মনজিৎ মহন্তৰ৷ আপ আৰু বিজেপিৰ মাজত মিতিৰালি থকাৰ  সন্দেহ প্ৰকাশ কৰি মহন্তই শুকুৰবাৰে এখন সংবাদমেলত কয়– গুজৰাটৰ নিৰ্বাচনী ফলাফলৰ পূৰ্বে অৰবিন্দ কেজৰিয়ালে কৈ আছিল গুজৰাটত আপৰ চৰকাৰ হ’ব৷ আপৰ চৰকাৰ হ’ব বুলি দম্ভালি মৰা আপে ১৮২খন আসনৰ মাজত মাত্ৰ পাঁচখন আসনহে পালে৷ ইতিমধ্যে বিজেপি আৰু আপৰ মাজৰ গোপন সম্পৰ্ক আৰম্ভ হৈছে৷ কংগ্ৰেছক দেশৰ পৰা উৎখাত কৰিবৰ কাৰণে, দেশৰ পৰা নাইকিয়া কৰিবৰ  বাবে, কংগ্ৰেছক অস্তিত্বহীন কৰিবৰ কাৰণে বিজেপিয়ে আপৰ দৰে দলক ব্যৱহাৰ কৰিছে৷ দিল্লী পৌৰনিগম বিজেপিৰ হাতৰ পৰা গ’ল৷ কালি হিমাচল প্ৰদেশো গ’ল আৰু কেইটামান বছৰ পাছত বিজেপি কেৱল গুজৰাটতহে থাকিব৷ বিজেপিৰ ভৰিৰ তলৰ মাটি খহিবলৈ আৰম্ভ কৰিছে৷ ২৪ মে’ আৰু ২৬ অত বিজেপিৰ ভৰিৰ তলত মাটি নাইকিয়া হ’ব৷ বিজেপিয়ে  গুজৰাটত এটা আঞ্চলিক দলৰ দৰে কাম কৰিব লাগিব৷ তেওঁ আৰু কয়– ইউডিএফে যে বিজেপিক সহায় কৰি আছে সেয়া গাখীৰ আৰু পানীৰ দৰে স্পষ্ট৷ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছত ৰাজ্যবাসীৰ বাবে সেয়া নতুন কথা হৈ থকা নাই৷ ইউডিএফে জানে যে ৰাজ্যত যদি বিজেপি নাথাকে ইউডিএফৰো মুদা মৰিব৷ সেই বাবে বিজেপিক সহায় কৰি আহিছে আজমলে৷ সংবাদমেলত জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বীজেন শৰ্মাও উপস্থিত থাকে৷