Logo
image

ভূপেন বৰাৰ নতুন কবিতা প্ৰকাশ জঁপিয়াই পৰিল ‘সমালোচক’

ডিজিটেল ডেস্ক,১০ ডিচেম্বৰ:  পুনৰ হাতত কলম তুলি লৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ ভাৰত জোড়ো যাত্ৰাৰ মাজত শিৱসাগৰৰ ডিমৌত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লিখিছে– “হয়, মই শিল বালিৰ স’তে খোজ কাঢ়িছোঁ/মই কেৱল পদব্ৰজে অহা নাই/চুঁচৰি ফুৰিছোঁ/আঁঠুকাঢ়ি সেঁৱা কৰি মাতৃভূমিৰ চৰণ চুমিছোঁ/সত্ৰ, নামঘৰ, গুৰুদ্বাৰ, মছজিদ, গীৰ্জা, মন্দিৰত/ তীৰ্থ-স্নান কৰি মই তপস্যাত বহিছোঁ/ মই শংকৰ-আজান-চ্যুকাফা-চিলাৰায়-গান্ধী-নেতাজীৰ/বাণীও কাণ থিয় কৰি শুনিবলৈ চেষ্টা কৰিছোঁ/হয়, মই শিল বালিৰ স’তে খোজ কাঢ়িছোঁ...” প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নতুন কবিতা প্ৰকাশৰ পাছতে জঁপিয়াই পৰিল বহু ‘সমালোচক’৷ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বৰ্তমানৰ বিজেপি সাংসদ ভূবনেশ্বৰ কলিতাই ভূপেন বৰাৰ কাব্য চৰ্চাক সমালোচনা কৰি কয়– কবিতাৰে সমস্যাৰ সমাধান নহয়৷ আজি সেই দলটোৰ এনে অৱস্থা হৈছে যে ক’তো সভা সমিতি পাতিব পৰা নাই৷ দলৰ তৃণমূল পৰ্যায়ৰ শক্তি একেবাৰে নোহোৱা হৈ গৈছে৷ কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাই কৰক বা কবিতাই গাৱঁক সেয়া বিজেপিৰ কাৰণে একো প্ৰত্যাহ্বান নহয়৷ ইফালে ইউডিএফ বিধায়ক কৰিমউদ্দিন বৰভূঞাই কয়– ভূপেন বৰাৰ লগত মানুহেই নাই৷ শিল-বলিৰ সৈতে খোজ নাকাঢ়ি কৰিব কি? এসময়ত তেওঁ ঘৰৰ দৰ্জা বন্ধ কৰি কবিতা লিখি থাকিব লাগিব৷ ভূপেন বৰাক কটাক্ষ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়– ভূপেন বৰাৰ এতিয়া সময় আছে কবিতা লিখিব৷ কবিতা আৰু সৃষ্টি কৰক৷ বিজেপি বিধায়ক দিগন্ত কলিতাই কয়– ভূপেন বৰই কবিতাত উল্লেখ কৰাৰ দৰে তেওঁ শিল বালিৰ  স’তেই খোজ কাঢ়িব লাগিব৷ উল্লেখ্য শুকুৰবাৰে চৰাইদেউ জিলাৰ খটখটীৰ পৰা মৰানলৈ উলিওৱা হয় বিশাল পদযাত্ৰা৷ ‘‘ভাৰত জোড়ো যাত্ৰা অসমৰ পদযাত্ৰালৈ আজি বিপুল সঁহাৰি জনালে চৰাইদেউ জিলাৰ ৰাইজে৷ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত চেপনৰ সমীপৰ ঘটনটাৰ পৰা মৰাণৰ ঊষাপুৰলৈ প্ৰায় ৯ কিল মিটাৰ পথ উত্তাল কৰি তোলে পদযাত্ৰীসকলে৷ গায়ন-বায়ন, নগা নৃত্যৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মুঠ ২২টা সাংস্কৃতিক দলে আজিৰ পদযাত্ৰাৰ পৰিবেশ দুগুণে উজ্জীবিত কৰি তোলে৷ পদযাত্ৰাত সাংসদ গৌৰৱ গগৈ, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়া, বিধায়িনী দলৰ উপ- দলপতি ৰকিবুল হুছেইন, কাৰ্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰ, প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা, প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, প্ৰাক্তন বিধায়িকা ৰ’জলিনা তিৰ্কী, উপ-সভানেত্ৰীদ্বয় বালিকা লাহন পেত আৰু ৰূপা দেউৰী, দলৰ সাধাৰণ সম্পাদকসকল ক্ৰমে ৰামান্না বৰুৱা, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, বিপুল গগৈ আৰু সুৰুষ দিহিঙীয়া, সম্পাদক উৎপল গগৈ, কংগ্ৰেছ নেত্ৰী পল্লবী গগৈ, সেৱাদলৰ সভাপতি দীপ বায়নকে ধৰি প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, যুব কংগ্ৰেছ, মহিলা কংগ্ৰেছ, গান এছ ইউ আই, সেৱাদলৰ নেতা-কৰ্মীসকলৰ উপৰি চৰাইদেউ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি অনুজ বৰকটকী প্ৰমুখ্যে নেতৃবৃন্দ আৰু চেপন আৰু মৰাণৰ কেইবাহেজাৰ জনতাই ভাগ লয়৷ যাত্ৰাৰ পূৰ্বে খটখটীত আহোম সকলৰ পৰম্পৰাগত ফুৰালুং প্ৰথাৰে পূৰ্বপুৰুষ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ সভাপতি ভুপেন কুমাৰ বৰা, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া প্ৰমুখ্যে কংগ্ৰেছ নেতৃত্বই৷ ইয়াৰ পিছতে পদযাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰা হয় আৰু ঘটঘটীৰ পৰা মৰাণ তিনিআলি হৈ ঊষাপুৰ খেলপথাৰত দিনটোৰ যাত্ৰাৰ সামৰণি মৰা হয়৷ প্ৰায় চাৰি হেজাৰৰো অধিক পনযাত্ৰীয়ে আজিৰ যাত্ৰাত অংশ লৈছিল৷ যাত্ৰা সমাপ্তিৰ লগে লগে ঊষাপুৰ খেলপথাৰত অনুষ্ঠিত এখন বিশাল জনসভাত সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈ, বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, কাৰ্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰ, এটোৱা মুণ্ডা আদি নেতাই ৰাইজক উদ্দেশ্যি বক্তব্য দাঙি ধৰে৷ সভাত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই সভাপতি ভূপেন কুমাৰ বৰাৰ ভাৰত জোড়ো যাত্ৰা অসমক লৈ আজি লিখি উলিওৱা এটা দীঘলীয়া কবিতা পাঠ কৰি ৰাইজক শুনায়৷ সাংসদ গগৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, এটোৱা মুণ্ডা, ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ আদি নেতাই বি জে পিৰ চূড়ান্ত ব্যৰ্থতা উদঙাই নি অসমক এই দলৰ চৰকাৰে এক অন্ধকাৰ ভৱিষ্যতৰ দিশে লৈ গৈ আছে বুলি গুৰুতৰ অভিযোগ তোলে৷ নেতাসকলে কয় যে মূল্যবৃদ্ধি, আইন- শৃংখলাৰ চৰম অবনতি, নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ আৰু সাম্প্ৰদায়িক ৰাজনীতিয়ে আজি অসমৰ আকাশ-বতাহ কলুষিত কৰি তুলিছে আৰু ইয়াৰ পৰা অসমৰ ৰাইজে উদ্ধাৰ পোৱাৰ মন্ত্ৰ কেৱল অসমৰ ৰাইজৰ হাততে আছে৷ কেউজন নেতাই বি জে পি আৰু এ’আই ইউ ডি এফৰ দৰে দৃশনীয় সাম্প্ৰদায়িক ৰাজনীতি কৰা শক্তিক অসমৰ ৰাইজে অহা দিনবোৰত উপযুক্ত শিক্ষা দিব লাগিব, অন্যথা অসমীয়া জাতি সুৰক্ষিত কৰি ৰখাটো কঠিন হৈ পৰিব৷ সভাপতি বৰাই তেওঁৰ ভাষণত কয় যে সকলো সমস্যাৰ মাজত অসমবাসীক এৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এআইইউডিএফৰ নেতা বদৰুদ্দিন আজমলে অসমৰ নাৰী সমাজক, আইসকলক, বাই-ভনীসকলক লৈ অতি নিকৃষ্ট, ৰুচিহীন, অশালীন আৰু বে-পৰোৱা মন্তব্য কৰাৰ প্ৰতিযোগিতা চলাইছে৷ অসমৰ সংস্কৃতিপ্ৰাণ জাতিৰ কাৰণে ই চৰম অপমানৰ কথা৷ এই কথা আমি সহজভাবে ল’ব নোৱাৰোঁ৷ বদৰুদ্দিন আজমলে অসমীয়া পৰম্পৰা, ৰীতি-নীতি, ভাষা-সাহিত্য-সংস্কৃতি, আমাৰ সকলো সংস্কাৰক ভৰিৰে মোহাৰি জাতিটোক তুচ্ছ-তাচ্ছিলা, উপলুঙাৰে এটা বিজতৰীয়া জাতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হৈছে তেনে এটা সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ আঁঠুৱাৰ ভিতৰত ভৰাই লৈ এটা এনকেফেলাইটিছ মহৰ লগত একেলগে শোৱাৰ অভ্যাস কৰিবলৈ আৰম্ভ কৰিছে৷ সাতৰাজ মাৰি একৰাজ কৰা বৰ অসমৰ স্ৰষ্টা চাওলুং চ্যুকাফাৰ চৰাইদেউৰ সেই ৰাইজৰ মাজত থিয় হৈ মই আজি ক’ব খুজিছোঁ যে আমাৰ নিজৰ গুৰু আছে, আমাৰ নিজৰ নেতা আছে৷ সেইসকল নমস্য ব্যক্তিক বাদ দি অসমীয়া জাতিৰ মুৰৰ ওপৰত কোনোবাই শ্যামাপ্ৰসাদ মুখাৰ্জীক জাপি দি শুৰু সাজিব খোজে, কোনোবাই যদি আজি অসমীয়া জাতিৰ মুৰৰ ওপৰত দীনদয়াল উপাধ্যায়ক আমাৰ গুৰু সাজিব খোজে তেন্তে আমি সংকল্প ল’ব লাগিব যে আমি চু্যকাফৰ পথেৰে চলিম, আমি শংকৰদেৱৰ পথেৰে চলিম, লাচিতৰ পথেৰে চলিম, চিলাৰায়ৰ পথেৰে চলিম, সতী সাধনীৰ পথেৰে চলিম৷ কোনো শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায় দৰে অসমৰ জাতীয় জীৱনলৈ কিঞ্চিতো অৱদান নথকা ব্যক্তিক আমি, অসমীয়া জাতিয়ে কেতিয়াও মানি নলওঁ৷