Logo
image

কলহ পূজাত বহিল আমিৰ খান

ডিজিটেল ডেস্ক,১০ ডিচেম্বৰ:  নিজৰ প্ৰডাকচন হাউছৰ নতুন কাৰ্যালয় উদ্বোধন কৰি বলীউডৰ অভিনেতা আমিৰ খানে কলহ পূজা আয়োজন কৰিলে৷ ছবিৰ শ্বুটিং আৰু অন্যান্য আনুষংগিক কামৰ পৰা দীৰ্ঘদিন অব্যাহতি লৈ থকা আমিৰ খানে তেওঁৰ প্ৰযোজন সংস্থাৰ বাবে নতুন কাৰ্যালয় মুকলি কৰিছে৷ কাৰ্যালয় মুকলি অনুষ্ঠান আমিৰ খানে হিন্দু ৰীতি নীতিৰে কলহ পূজাৰ জৰিয়তে  সম্পন্ন কৰে৷ উল্লেখ্য, শেহতীয়াকৈ আমিৰ খানৰ এখনো ছবি সফল হোৱা নাই৷ বক্স অফিচৰ এই ব্যৰ্থতাৰ মাজতে আমিৰ খানৰ এই পূজাই তাৎপৰ্য বহন কৰিছে৷ ইপিনে, আমিৰ খানে অভিনয় কৰা কেইবাখনো ছবিত ভাৰতীয় সংস্কৃতি তথা হিন্দু ধৰ্মক তেওঁৰ মুখেৰেই নিন্দা কৰাৰ বাবে দেশৰ হিন্দু ধৰ্মাৱলম্বী বহুকেইটা সংগঠন আমিৰ খানৰ বিৰুদ্ধে সময়ে সময়ে সৰব হৈ আছিল৷ আনকি একাংশ হিন্দু সংগঠনে আমিৰ খানক ভাৰত এৰি পাকিস্তানত আশ্ৰয় ল’বলৈকো আহ্বান জনাইছিল৷ সামগ্ৰিকভাৱে আমিৰ খান হিন্দুবিৰোধী বুলি পৰিচিত হৈ পৰিছিল৷ এনে সময়তে আমিৰ খানে নিজে হিন্দু ধৰ্মৰ ৰীতি-নীতি, পৰম্পৰাৰে পূজা-অৰ্চনা কৰাক লৈ একাংশ হিন্দুত্ববাদী সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে৷ ইপিনে, এই পূজাৰ অনুষ্ঠানত তেওঁৰ প্ৰাক্তন পত্নী তথা প্ৰযোজিকা কিৰন ৰাও, ‘লাল সিং চাড্ডা’ ছবিৰ পৰিচালক এ চন্দন উপস্থিত আছিল৷ পূজাৰ সময়ত উপস্থিত আছিল আমিৰ খানৰ প্ৰযোজনা সংস্থাৰ কৰ্মচাৰীসকল৷ মুম্বাইত নতুনকৈ স্থাপন কৰা এই কাৰ্যালয়ৰ উদ্বোধন ইছলাম ধৰ্মাৱলম্বী আমিৰ খানে হিন্দু ধৰ্মৰ ৰীতি নীতি অনুসৰি কলহ পূজাৰ কৰাৰ খবৰ আমিৰ খানৰ বন্ধু পৰিচালক এ চন্দনে জনাইছে৷ তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো আপলোড কৰি আমিৰ খানৰ কাৰ্যালয় উদ্বোধনৰ খবৰ ৰাজহুৱা কৰে৷ পূজাৰ সকলো ধৰ্মীয় আচাৰ স্বয়ং আমিৰ খানে নিজেই সম্পাদন কৰিছিল৷ পাতল আকাশী ৰঙৰ জিন্স আৰু গাঢ় নীলা বৰণৰ ছোৱেট শ্বাৰ্ট পৰিধান কৰা আমিৰ খানে পূজাৰ সময়ত মহাৰাষ্ট্ৰৰ বাসিন্দাই পৰিধান কৰা এটা বগা টুপিও পিন্ধি আছিল৷ আমিৰৰ কপালত জিলিকি আছিল সেন্দুৰ এটা ৰঙা ফোঁট৷ পূজা সম্পন্ন হোৱাৰ পাছত প্ৰাক্তন পত্নী কিৰণ ৰাওৰ সৈতে আমিৰ খানে আৰতিও কৰে৷ কলহ পূজা বা ঘট পূজা সকলোৰে মংগল আৰু উৰ্বৰতা তথা উৎপাদকতা বৃদ্ধিৰ বাবে কৰা হয়৷ পূজা কৰা কলহটোত জগতৰ স্ৰষ্টা ব্ৰহ্মাই স্থিতি লোৱা বুলি বিশ্বাস কৰা হয়৷ বিশ্ব ব্ৰহ্মাণ্ডৰ স্ৰষ্টা ব্ৰহ্মক এনেদৰে পূজা কৰিলে উৰ্বৰতা আৰু উৎপাদকতা বৃদ্ধি হোৱা বুলি বিশ্বাস কৰা হয়৷ কলহৰ ওপৰত এটা নাৰিকল স্থাপন কৰা হয় আৰু সেইটোক ভক্তৰ শিৰ বুলি গণ্য কৰা হয়৷