Logo
image

এব্‌ছুৰ অধিৱেশনলৈ আহিব অমিত শ্বাহ

ডিজিটেল ডেস্ক,১০ ডিচেম্বৰ: ওদালগুৰি জিলাৰ ৰৌতাৰ বড়োলেণ্ড পথাৰত অনুষ্ঠিত হ’বলগীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৫সংখ্যক কেন্দ্ৰীয় অধিৱেশনলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ আজি অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয়৷ বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য  তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিধায়ক লৰেঞ্চ ইছলাৰীকে ধৰি বিটিচিৰ বহুকেইজন কাৰ্যবাহী সদস্যই এই লাইখুঁটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ ধৰ্মীয় ৰীতি-নীতিৰে অনুষ্ঠিত হোৱা এই লাইখুঁটা স্থাপন অনুষ্ঠানকলৈ সমগ্ৰ ৰৌতা অঞ্চলতে সৃষ্টি হয় এক আনন্দমুখৰ পৰিৱেশৰ৷ এই সন্দৰ্ভত সাংবাদিকক সম্বোধন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে ২০২৩ বৰ্ষৰ ২৬ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এবছুৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰতিনিধি সভাত বিটিআৰ চুক্তি ৰূপায়ণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ লগতে ২৭ জানুৱাৰী বিটিআৰ চুক্তি স্বাক্ষৰ হোৱা দিনটো পালন কৰিব বুলি জানিবলৈ দিয়ে৷ এই অধিৱেশনতে গুণগত শিক্ষা প্ৰদানৰ আৰু মাতৃভাষা মাধ্যমৰ উত্তৰণৰ বাবে আলোচনা কৰা হ’ব বুলিও দ্বীপেন বড়োৱে সদৰি কৰে৷ ইপিনে অধিৱেশনৰ মুকলি সভাত দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰা বুলি জানিবলৈ দিয়ে দ্বীপেন বড়োৱে৷ আনহাতে, সাংবাদিকৰ এক প্ৰশ্নত চৰকাৰী খণ্ডৰ বিদ্যালয়ত মাচুল লোৱা কাৰ্যৰ বিৰোধিতা কৰি বড়োৱে শিক্ষাৰ অধিকাৰ আইন অনুসৰি সকলোৱে বিনামূলীয়া লাভৰ সুযোগ লাভ কৰিব লাগিব বুলি মন্তব্য কৰে৷ অনুষ্ঠানত বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে এই অধিৱেশনত বড়ো জাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে৷ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে এবছুৰ ৰৌতা অধিৱেশনতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত পৃথক বড়োলেণ্ড প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল বুলি বৰ্ণিল ইতিহাসক সোঁৱৰণ কৰি ৰৌতাত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ অধিৱেশনো সৰ্বাংগসুন্দৰ হ’ব বুলি আশা প্ৰকাশ কৰে৷  আজিৰ এই অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ড॰ নিলোট স্বগীৰ্য়াৰী, দাউবৈচা বড়োৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷